নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি মন্ত্রী আৰু দুই বিষয়া

দিগন্ত দাস 

 

সমগ্র বিশ্ব তল–ওপৰ কৰা ক’ৰোনা ভাইৰাছৰ আতংকই সৃষ্টি কৰা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰৰ দুটা বিভাগে কেনেধৰণৰ কষ্ট কৰিছে, সেয়া নতুনকৈ বহলাই কোৱাৰ প্রয়োজন নাই৷ স্বাস্থ্য আৰু অসম আৰক্ষীৰ বিষয়া–কর্মচাৰীৰ পৰা কনিষ্টবলগৰাকীলৈক্ সকলোৱে যেন হাত উজান দিছে এই যুদ্ধখনত৷ জিলা উপায়ুক্তৰ কার্যালয়ৰ একাংশ কর্মচাৰীৰো টোপনি নোহোৱা অৱস্থা৷ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে ক’ৰোনা যুদ্ধত জড়িত নেতা কিম্বা বিষয়াৰ আলোচনা হৈছে৷ আমাৰ ৰাজ্যত ক’ৰোনাকেন্দ্রিক কর্মযজ্ঞৰ কাৰণে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ভাবমূর্তি উজ্জ্বল আৰু জাকতজিলিকা হৈ পৰিছে৷ কোৱা বাহুল্য মাথোন যে স্বাস্থ্যমন্ত্রীগৰাকীয়্ দিন–ৰাতি একাকাৰ কৰি বিভাগটোক সন্মুখৰ পৰা নেতৃত্ব দিয়াত সম্পূর্ণ সফল হৈছে৷ মন্ত্রীজনৰ পৰিকল্পনা আৰু বিভাগটোৰ কাম–কাজৰ ক্ষেত্রত কৰা হোমৱর্ক অকল্পনীয় আৰু অবিশ্বাস্য হিচাপে পৰিগণিত হৈছে৷
কিন্তু, এহো বাহ্য৷
স্বাস্থ্যমন্ত্রীজনৰ গুণৰ বন্দনা কৰিবলৈ আজিৰ এই লেখা নহয়৷ স্বাস্থ্যমন্ত্রী অথবা মুখ্য সচিব কিম্বা আৰক্ষী সঞ্চালকপ্রধানগৰা কেন্দ্র কৰি ইতিমধ্যেই সৰৱ চর্চা হৈছে৷ আজি তিনিগৰাকী মন্ত্রী আৰু দুজন বিষয়াৰ কাম–কাজক আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈকে আজিৰ এই লেখাৰ অৱতাৰণা৷
এয়া সময়, দুঃসময়৷ কাহানিও নভবা আৰু আমি নেদেখা এক জটিল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগৰ উপৰি এই সময়ছোৱাত দুটা অতি গুৰুত্বপূর্ণ বিভাগ আছিল খাদ্য আৰু অসামৰিক যোগান আৰু কৃষি বিভাগ৷ অন্ততঃ দুবেলা দুমুঠি খাবলৈ সাধাৰণভাৱে হ’লেও চাউল, দাইল, তেল–নিমখ আৰু অলপ পাচলিৰ দৰকাৰ হয়৷ আমাৰ ৰাজ্যত খাদ্যৰ নাটনি বা খাবলৈ নাপাই মৰিব লগা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ লেখীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা নগ’ল এই লকডাউন অথবা সান্ধ্য আইনৰ সময়ছোৱাতো৷ নিঃস্ব অথবা দাৰিদ্র্য সীমাৰেখাৰ তলৰ পৰিয়ালসমূহকো চৰকাৰৰ ফালৰ পৰাই হওক বা বিভিন্ন বেচৰকাৰী অনুষ্ঠান–প্রতিষ্ঠান কিম্বা কিছু ব্যক্তিবিশেষে খাদ্যসামগ্রীৰ টোপোলা প্রদান কৰা দেখা গ’ল৷ অর্থাৎ বজাৰত পর্যাপ্ত পৰিমাণৰ খাদ্যসামগ্রী মজুত ৰাখিবলৈ সক্ষম হ’ল খাদ্য আৰু অসামৰিক যোগান বিভাগ৷ স্বাভাৱিকতেই এই বিভাগটোৰ মন্ত্রী ফণীভূষণ চৌধুৰীৰ সাফল্যৰ খতিয়ানত পৰিব এই কর্ম৷ সংবাদ মাধ্যমৰ আঁতৰত বা ছ’চিয়েল নেটৱর্কিং ছাইটসমূহৰো দৃষ্টি আকর্ষণ কৰিব নোৱাৰা মন্ত্রীজনক কিন্তু এই সময়ত মনত ৰখাটো দৰকাৰ৷ লকডাউন, সান্ধ্য আইনৰ ভয়াৱহ দিনসমূহত কৃষি বিভাগৰ গুৰুত্ব আছিল অপৰিসীম৷ ফল–মূল অথবা পাচলি খেতিয়কসকলৰ কাৰণে দুর্বিষহ হৈ পৰা এই দিনকেইটাত সকাহ দিবলৈ বিভাগটোৰ নীতি–পৰিকল্পনাৰ গুৰুত্ব নক’লেও হ’ব৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, বৰাক–ব্রহ্মপুত্রৰ দুয়োপাৰ অথবা তিনিওখন পাহাৰীয়া জিলাৰ বহু খেতিপথাৰত দেখা গ’ল কৃষিমন্ত্রী অতুল বৰাক৷ কৃষিজাত সামগ্রী, শাক–পাচলি অথবা ফল–মূলৰ নাটনি সংক্রান্তীয় খবৰেও বাতৰিকাকতৰ পৃষ্ঠা ভিৰ কৰা দেখা নগ’ল৷ ৰাজ্যখনৰ চুকে–কোণে যিদৰে পাচলিৰ অভাৱ দেখা নগ’ল, আনহাতে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন স্থানৰ উপৰি দেশৰেই ভিন্ন প্রান্তলৈ আমাৰ ৰাজ্যৰ ফল–মূল আৰু পাচলি ৰপ্তানি কৰিবলৈ সক্ষম হ’ল কৃষি বিভাগ৷ ইয়াৰ উপৰি অসমৰ ৰঙালাউ ডুবাইলৈকেও প্রেৰণ কৰি আন্তঃৰাষ্ট্রীয় বজাৰতো অসমৰ পাচলিৰ চাহিদা বৃদ্ধি কৰিবলৈ সক্ষম হ’ল বিভাগটো৷ আমাৰ হাতত সকলো পৰিসংখ্যা আছে যদিও পৰিসংখ্যাৰে বুজোৱাতকৈ সহজ–সৰলকৈহে উল্লেখ কৰি বিভাগটোৰ ভাল কামৰ খবৰ ৰাইজৰ আগত দাঙি ধৰিব খুজিছোঁ৷ কৃষি বিভাগৰ এই সাফল্যৰ কৃতিত্বৰ ভাগীদাৰো মন্ত্রী অতুল বৰা৷ ক’ৰোনাতংকৰ সময়ত অগপৰ এই দুই মন্ত্রীৰ কাম–কাজে দলটোৰ হূত গৌৰৱ যেন কিছু পৰিমাণে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল৷
ক’ৰোনাৰ প্রসংগ অহাৰ লগে লগেই যি দুটা সামগ্রীক লৈ প্রথমাৱস্থাতেই বজাৰত হৈ–চৈ লাগিছিল, সেই সামগ্রী দুবিধ হৈছে ছেনিটাইজাৰ আৰু মাস্ক৷ ছেনিটাইজাৰক কেন্দ্র কৰি কম সময়ৰ ভিতৰতেই এখন ক’লা বজাৰে গ্রাস কৰিবলৈ আৰম্ভ কৰিছিল৷ হঠাৎ ছেনিটাইজাৰৰ যেন কৃত্রিম নাটনিৰ সৃষ্টি কৰা হৈছিল৷ সেই সময়তে সুৰা বিক্রী হৈ অকামিলা বিভাগত পৰিণত হোৱা আবকাৰী বিভাগটোৱে ৰাইজক সকাহ দিবলৈ আৰম্ভ কৰিছিল বিভাগটোৰ সৃষ্টিশীল অবিশ্বাস্য এক কামৰ জৰিয়তে৷ বিভাগটোৱে সুৰা প্রস্তুত কৰা কোম্পানীসমূহক প্রস্তুত কৰিবলৈ অনুৰোধ কৰিলে ছেনিটাইজাৰ৷ আৰু এই চিন্তাই ৰাজ্যখনত চৰকাৰী–বেচৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানৰ্ উপৰি ব্যক্তি বিশেষৰ হাতত ছেনিটাইজাৰ সুলভ কৰি পেলালে আৰু বিভাগটোৰ এই কর্মই নিমিষতে মষিমূৰ কৰি পেলালে ছেনিটাইজাৰৰ ক’লা ব্যৱসায়৷ বিভাগটোৰ এই কর্মৰ কাৰণে পৰিমল শুক্লবৈদ্য সদায় ৰাইজৰ মনত থকা এগৰাকী আবকাৰী মন্ত্রী হৈ ৰ’ব৷
আমাৰ এই দুর্দিনত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা কণাৰ লাখুটি হৈ পৰাৰ আঁৰত বিভাগটোৰ প্রতিজন স্বাস্থ্যকর্মীয়েই আচলতে কৃতিত্বৰ ভাগীদাৰ৷ মন্ত্রীজনৰ নীতি–নির্দেশনা অথবা পৰিকল্পনাক বাস্তৱ ৰূপ দিবলৈ প্রতিজন স্বাস্থ্যকর্মীৰেই ত্যাগ জড়িত হৈ আছে৷ মন্ত্রীৰ নিখুঁত পৰিকল্পনাক সাকাৰ ৰূপ দিবলৈ দায়িত্বপৰায়ণ বিষয়াৰ প্রয়োজন৷ ক’ৰোনা ভাইৰাছৰ লগত যুদ্ধ কৰিবলৈ স্বাস্থ্য বিভাগৰ মূল উপাদানটোৱেই হৈছে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান৷ স্বাস্থ্য বিভাগৰ মন্ত্রীজনৰ লগত সততে ছাঁৰ দৰে লাগি বিভাগীয় নীতি–নির্দেশনা অথবা পৰিকল্পনা বিভাগটোৰ প্রতিটো স্তৰলৈকে লৈ যোৱাৰ ক্ষেত্রত কর্তব্যত ত্রুটি নৰখা বিষয়া দুজন হৈছে স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হা আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ কার্যবাহী সঞ্চালক ডাঃ অচ্যুত বৈশ্য৷ নিঃসন্দেহে স্বাস্থ্য বিভাগৰ টীমৱর্ক সুন্দৰ হোৱাৰ আঁৰত মন্ত্রীগৰাকীৰ উপৰি এই দুই বিষয়াৰ কর্মোদ্যম আৰু কর্তব্যনিষ্ঠা জড়িত হৈ আছে৷ আমি প্রতি মুহূর্ততে এই দুই বিষয়াৰ নীৰৱ কাম–কাজৰ উমান পাই আহিছোঁ আৰু ৰাইজে মনত ৰাখিবৰ কাৰণে এই দুই বিষয়াৰ প্রসংগ উত্থাপন কৰিলোঁ৷
ফোনঃ ৯৪৩৫০–৭৭৬১১

You might also like