নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰ্থিক দৈন্যতা শিক্ষাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে সৰভোগৰ দুগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ৮ জুনঃ দৰিদ্ৰতাক নেওচি জীৱন সংগ্ৰামত জয়ী হৈছে সৰভোগৰ দুগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰভোগৰ বৰনগৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ চাহিল হুছেইনে দৰিদ্ৰতাক প্ৰত্যাহ্বান হিচাপে লৈ জিলিকি উঠিল ৷ মেধাৱী ছাত্ৰ চাহিল হুছেইনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ নম্বৰ সহ ডিষ্টিংচন লাভ কৰিছে ৷ চাহিল হুছেইনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়াত ৮২, ইংৰাজীত ৭৪, সাধাৰণ গণিতত ৯১, সাধাৰণ বিজ্ঞানত ৭৫, সমাজ বিজ্ঞানত ৯৫ আৰু ভূগোলত ৯৭ নম্বৰ সহ সৰ্বমুঠ ৫১৪ নম্বৰ লাভ কৰিছে ৷ সৰভোগৰ চকচকা নিৱাসী মৃত মহিবুল হুছেইন আৰু মাতৃ চুফিদা বেগমৰ একমাত্ৰ পুত্ৰ চাহিল হুছেইন ৷ পিতৃ হাৰা চাহিল হুছেইনৰ মাতৃয়ে আনৰ ঘৰত কাম কৰি কোনো মতে দুবেলা দুসাজ জোগাৰ কৰি পৰিয়ালটো পোহপাল দি আহিছে ৷ আনহাতে চাহিল হুছেইনক সম্পূৰ্ণ বিনামূলীয়া ভাৱে পঢ়াৰ দ্বায়িত্ব গ্ৰহণ কৰিছিল বৰনগৰ জাতীয় বিদ্যালয়ে ৷ মেধাৱী ছাত্ৰ চাহিল হুছেইনৰ এই সাফল্যৰ বাবে বৰনগৰ জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল আনন্দত আত্মহাৰা হৈ পৰিছে ৷ ভৱিষ্যতে ছাত্ৰ জনে এগৰাকী অভিযন্তা হোৱাৰ আশা মনত পুহি ৰাখিছে ৷ আনহাতে দৰিদ্ৰতা অধ্যয়নৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে তাকেই প্ৰমান কৰি দেখুৱালে এগৰাকী ছাত্ৰীয়ে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰভোগৰ চকচকা চন্দ্ৰ শৰ্মা ছোৱালী হাইস্কুলৰ ছাত্ৰী মুছকান বেগমে দৰিদ্ৰতাক প্ৰত্যাহ্বান হিচাপে লৈ উজলি উঠিল ৷ মেধাৱী ছাত্ৰী মুছকান বেগমে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ডিষ্টিংচন লাভ কৰিছে ৷ মুছকান বেগমে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়াত ৮২, ইংৰাজীত ৮৪, সাধাৰণ গণিতত ৯১, সাধাৰণ বিজ্ঞানত ৮৪, সমাজ বিজ্ঞানত ৮৭ আৰু হিন্দীত ৮২ নম্বৰ সহ সৰ্বমুঠ ৫১০ নম্বৰ লাভ কৰিছে ৷ সৰভোগৰ চকচকা নিৱাসী পিতৃ মজিদৰ ৰহমান আৰু মাতৃ হাফিজা বেগমৰ জীয়ৰী মুছকান বেগম ৷ পিতৃয়ে শ্ৰমিক হিচাপে কাম কৰি কোনো মতে পৰিয়ালটো পোহপাল দি আহিছে ৷ মেধাৱী ছাত্ৰী মুছকান বেগমৰ এই সাফল্যৰ বাবে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল আনন্দিত হৈ পৰিছে ৷ ভৱিষ্যতে ছাত্ৰী গৰাকীয়ে এগৰাকী অধ্যাপিকা হোৱাৰ আশা মনত পুহি ৰাখিছে ৷ উল্লেখযোগ্য যে দুয়োগৰাকী কৃতি ছাত্ৰৰ শৈক্ষিক দিশত তত্ত্বাৱধন লৈ আহিছে ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত জাকুৱাপাৰা মণ্ডল সমল কেন্দ্ৰয় সমন্বয়ক তথা গাওখনৰ শিক্ষিত যুৱক ৰছিদ আলীয়ে। দুয়োগৰাকী ছাত্ৰই তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰে।

You might also like