নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ ক’ৰোনা আক্রান্ত চিকিৎসকৰ মাতৃও পজিটিভ

নিয়মীয়া বাৰ্তা ৯ জুনঃ চিকিৎসক পুত্রৰ জন্মদিন পাতিবলৈ গুৱাহাটীৰ পৰা লখিমপুৰলৈ আহি মাতৃও ক’ভিড পজিটিভ হ’বলগীয়া হ’ল৷ যোৱা ৩ জুনত লখিমপুৰত কর্মৰত চিকিৎসক ডাঃ হাছিদ জামান ক’ভিড পজিটিভ বুলি ধৰা পৰে৷ উক্ত দিনাই আছিল তেওঁৰ জন্মদিন৷ তেওঁৰ জন্মদিন পালন কৰিবলৈ কেইদিনমান পূর্বে আহি তেওঁৰ সৈতে আছিল মাতৃ ৰুণু বেগম (৫৪)৷ ডাঃ জামানৰ ক’ভিড পজিটিভ ওলোৱাৰ পাছতে তেওঁ থকা পৰিয়ালটোৰ সকলোৰে ছোৱাব সংগ্রহ কৰি পৰীক্ষা কৰা হয় আৰু আজি তেওঁৰ মাতৃ ৰুণু বেগমো ক’ভিড পজিটিভ বুলি ফলাফল আহে৷ আনহাতে, তেলাহী ক’ভিড হাস্পতালত নিযুক্ত আজাদ এলেকাৰ গৃহৰক্ষী বাহিনীৰ জোৱান বীৰেন গগৈৰো (৪৩) ছোৱাব পৰীক্ষাৰ ফলাফল পজিটিভ হয়৷ আজিৰ দিনটোৰ ছজনসহ জিলাখনৰ মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা ৬৭জনলৈ বৃদ্ধি পালে।

You might also like