নিয়মীয়া বাৰ্তা ৯ জুনঃ বিশ্বনাথ সমষ্টিৰ প্রাক্তন বিধায়ক, অসম আন্দোলনৰ অন্যতম নেতা, বিশিষ্ট সমাজকর্মী তথা চলচ্চিত্র প্রযোজক–পৰিচালক আৰু সু–ভিনেতা পদ্ম কৈৰীৰ সোমবাৰে পুৱা গুৱাহাটীৰ ডাউন টাউন হাস্পতালত দেহাৱসান ঘটে৷ বিশ্বনাথ চাৰিআলিৰ সাধুৰ চাহ বাগিচাৰ বিদ্যালয়তে শ্রমিক প্রয়াত বালুৱ কৈৰী আৰু প্রয়াত কাঞ্চন কৈৰীৰ তৃতীয় সন্তান পদ্ম কৈৰীয়ে চাহ বাগিচাৰ বিদ্যালয়তে প্রাথমিক শিক্ষা গ্রহণ কৰি পৰৱর্তী সময়ত বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে৷ শৈশৱৰ পৰাই অভিনয়ৰ প্রতি থকা হেঁপাহৰ বাবেই হাইস্কুলত পঢ়ি থকা সময়ত বিদ্যালয় সপ্তাহত কেইবাখনো তেওঁ নাটকত অভিনয় কৰিছিল৷ বিশ্বনাথ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত অধ্যাপক ৰাজেন বৰঠাকুৰৰ (পিছলৈ অধ্যক্ষ) তত্ত্বাৱধানত কেইবাখনো জনপ্রিয় নাটকত প্রয়াত পদ্ম কৈৰীয়ে অভিনয় কৰে৷ অভিনয়েৰে নিজকে প্রতিষ্ঠা কৰাৰ দুর্বাৰ আকাংক্ষাৰ বাবেই পদ্ম কৈৰীয়ে ১৯৭১ চনত ঘৰৰ পৰা পলাই গৈছিল মায়ানগৰী মুম্বাইলৈ৷ হিন্দী চলচ্চিত্রত অভিনয় কৰাৰ আশাৰেই সেই সময়ৰ জনপ্রিয় অভিনেতা প্রেমনাথৰ ঘৰত লগুৱাৰ কাম কৰে তেওঁ৷ প্রেমনাথৰ ঘৰত প্রায় ৯ বছৰ লগুৱাৰ কাম কৰাৰ পাছতো চলচ্চিত্রত অভিনয়ৰ কোনো সুযোগ নাপাই তেওঁ পুনৰ স্বগৃহলৈ উভতি আহে৷ মুম্বাইৰ পৰা আহিয়ে পুনৰ সাংস্কৃতিক ক্ষেত্রত ব্যস্ত হৈ পৰা পদ্ম কৈৰীয়ে ১৯৭৯ চনত সদৌ অসম চাহ জনজাতি সাংস্কৃতিক গোষ্ঠী নামেৰে এক অনুষ্ঠানৰ জন্ম দি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নাট্যযাত্রা আৰম্ভ কৰাৰ লগতে ইটোৰ পাছত সিটোকৈ পুৰস্কাৰ বুটলিবলৈ সক্ষম হয়৷ কিন্তু অসম আন্দোলনৰ বাবে তেওঁ সেই অনুষ্ঠানটো বন্ধ কৰি আন্দোলনত সক্রিয়ভাৱে জড়িত হৈ পৰে৷ অসম আন্দোলনৰ ফলত চাহ জনগোষ্ঠীৰ লোকসকলে অসম ত্যাগ কৰিব লাগিব বুলি বাগিচাত চলা অপপ্রচাৰ ব্যর্থ কৰাত সক্রিয় ভূমিকা গ্রহণ কৰিছিল তেওঁ৷ তেওঁ বাগিচাৰ যুৱক–যুৱতীসকলক্ অসম আন্দোলনত সহযোগিতা আগবঢ়াবলৈ প্রেৰণা দিছিল৷ সেই সময়ত তেওঁ বাগিচা অঞ্চলৰ উপৰি অন্যান্য ঠাইতো সভা–সমিতি অনুষ্ঠিত কৰি ৰাইজৰ মাজত এগৰাকী যুৱ নেতা হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হয়৷ অসম আন্দোলনৰ অন্তত ১৯৮৫ চনৰ বিধানসভা নির্বাচনত তেওঁ বিশ্বনাথ সমষ্টিৰ পৰা নির্দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰে৷ চৌদিশে অসম গণ পৰিষদ দলৰ জয়জয়–ময়ময় অৱস্থাতো তেওঁ নির্দলীয় প্রার্থী হিচাপে অসম বিধানসভালৈ নির্বাচিত হ’বলৈ সক্ষম হয়৷ বিধায়ক হিচাপে পাঁচবছরীয়া কার্যকালত তেওঁ চাহ জনজাতিৰ কল্যাণৰ বাবে কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিছিল৷ ৰাজনৈতিক মেৰপাকত পৰি নিজৰ সৃষ্টিশীলতা শেষ হৈ যোৱাৰ আশংকাতে তেওঁ পুনৰ সাংস্কৃতিক জগতলৈ প্রত্যাৱর্তন কৰে আৰু নির্মাণ কৰে চাহ জনগোষ্ঠীয় ধাৰাবাহিক ‘শিৰীষ’৷ ‘শিৰীষ’ৰ অভাৱনীয় জনপ্রিয়তাৰ পাছতেই পদ্ম কৈৰীয়ে নির্মাণ কৰে তেওঁৰ জীৱনৰ অন্যতম শ্রেষ্ঠ নিদর্শন ‘বুধু–র্জুন’ কথা ছবিখন৷ সেই সময়ত একো একোটা চিত্রগৃহত ‘বুধু–র্জুন’ দুমাহপর্যন্ত চলিছিল৷ তেওঁৰ একক প্রচেষ্টাত নির্মাণ কৰা আন এখন জনপ্রিয় কথাছবি ‘মা’ সেই সময়ত বিপুল জনপ্রিয় হৈছিল৷ গুৱাহাটী দূৰদর্শনযোগে ‘শিৰীষ’ৰ পাছত ক্রমে ‘দয়াৰাম’, ‘মন ফুলাৰ মালা’, ‘চাহ বাগান মোৰ মা’ আদি ধাৰাবাহিকৰ প্রযোজনা–পৰিচালন কৰাৰ লগতে অভিনয় কৰিছিল৷ ‘ব’হাগতে চিত’, ‘ত্রিকাল’, ‘মণ্ডিৰ ৰাধাচূড়া কি ফুল’, ‘ৰাম চৰণৰ সংসাৰ’ আৰু ‘লালটেলি’ ধাৰাবাহিকত তেওঁ অভিনয় কৰিছিল৷ তেওঁ অসমীয়া চলচিত্র ‘অভিযান’, ‘অনুতাপ’, ‘ৰতনলাল’, ‘দূৰণিৰ ৰং’, ‘ঊর্ৱশী’, ‘বুধু–র্জুন’, ‘মা’, ‘মায়া’ আৰু ‘দেখৱ–চুনৱ’ত বলিষ্ঠ অভিনয় কৰিছিল৷ অসমীয়া ছুপাৰহিট ভিচিডি ছবি ‘চম্পা’, ‘পেহলা প্যাৰ’, ‘ঝুমকা’, ‘চম্পাফুল’, ‘হাচিনা’, ‘চামেলীৰ মন’, ‘হীৰা’ আৰু ‘চলগ’ৰি’ আদিত তেওঁ মন পৰশা অভিনয় কৰিছিল৷ ১৯৮০ চনতে গুৱাহাটী আৰু ডিব্রুগড় অনাতাঁৰ কেন্দ্রযোগে তেওঁৰ কেইবাখনো নাটক সম্প্রচাৰ হৈছিল৷ সাংস্কৃতিক ক্ষেত্রলৈ আগবঢ়োৱা জীৱনজোৰা সাধনাৰ বাবেই অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত অবিভক্ত শোণিতপুৰ জিলা ভিত্তিত অনুষ্ঠিত চাহ জনগোষ্ঠীয় সমাৰোহ ‘কাচা সনা–২০২০’ শীর্ষক অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে তেওঁক চেনিৰাম কুর্মী সোঁৱৰণী সাংস্কৃতিক বঁটা প্রদান কৰাৰ কথা ঘোষণা কৰিছিল৷ ওৰেটো জীৱন সমাজ আৰু সংস্কৃতিৰ বাবেই উৎসর্গা কৰা পদ্ম কৈৰী দীর্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্রান্ত হৈ আছিল৷ মৃত্যুৰ সময়ত তেওঁ পত্নী লিলি কৈৰী, পুত্র ৰাজীৱ কৈৰী, সঞ্জীৱ কৈৰী আৰু কন্যা সংগীতা কৈৰীসহ অসংখ্য আত্মীয়–স্বজনক এৰি থৈ যায়৷ তেওঁৰ মৃত্যুত মন্ত্রী ৰঞ্জিত দত্ত, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰ, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, প্রাক্তন পৌৰপতি ৰুলী শর্মা, সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, বিশ্বনাথ চাৰিআলি বণিক সন্থাৰ সম্পাদক পংকজ বৰাকে প্রমুখ্য কৰি আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, আটছা, আছা, গোর্খা ছাত্র সন্থাসহ বহু দল–সংগঠনে গভীৰ শোক প্রকাশ কৰে৷