নিয়মীয়া বাৰ্তা ১০ জুনঃ এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱৰ ডি ডি হস্পিতালত । নগাঁৱৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত বিষ-ফোঁহাত পীড়িত কাছমাৰীৰ হিৰণ্য বৰা নামৰ এজন চল্লিশোৰ্দ্ধৰ লোকক ভৰ্ত্তি কৰোৱা হৈছিল । কিন্তু বিষত শৰীৰৰ তাপমাত্ৰা বৃদ্ধি পোৱা আৰু উশাহ-নিশাহত কষ্ট পোৱা লোকজনক হস্পিতালখনৰ আই চি ইউত ভৰ্ত্তি কৰোৱা হয় যদিও কিছু সময়ৰ পিছতে শেষ নিশ্বাস ত্যাগ কৰে লোকজনে । চিকিৎসকৰ ভুলৰ বাবেই এই লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ তুলি পৰিয়াল আৰু আত্মীয়ই চিকিৎসালয়খনত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । অৱশ্যে আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণ হয় পৰিস্থিতি । উল্লেখ্য যে , নগাঁও চহৰৰ এই ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে পূৰ্বতেও এনেধৰণৰ বহু অভিযোগ উত্থাপন হোৱাৰ লগতে উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছিল ।