নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰ সংহতি দিৱসৰ দিনাই শ্বহীদ বেদীৰ সন্মুখত মৰিগাঁওৰ ভোৰবন্ধাত শ্বহীদ গজেন ইংতিৰ পৰিয়ালৰ প্ৰতিবাদ

চাৰি দশক জোৰা বঞ্চনাৰ প্ৰতিবাদত শ্বহীদ পৰিয়ালৰ এই প্ৰতিবাদ

নিয়মীয়া বাৰ্তা ১০ জুনঃ ১৯৭৪ চনৰ ১০ জুন তাৰিখে খাদ্য আন্দোলনৰ ভৰপক সময়ত মৰিগাঁও জিলাৰ ভোৰবন্ধাত নিৰাপত্তাৰক্ষীৰ গুলিত অকাল মৃত্যুক সাৱটি লৈছিল এই অঞ্চলৰ ফুল কুমলীয়া ছাত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়াই। তেতিয়াৰে পৰা সদৌ অসম ছাত্ৰ সন্থাই ১০ জুন ৰ দিনটো ছাত্ৰ সংহতি দিৱস ৰূপে পালন কৰি আহিছে। আজিও ছাত্ৰ সংহতি দিৱস উপলক্ষে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক দিপুল কুমাৰ নাথ আৰু মৰিগাঁও জিলা আছুৰ উপদেষ্টা উৎপল শৰ্মা সহিতে আছু কৰ্মী সকলে দুই শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনোৱাৰ লগতে সামাজিক ব্যৱধান পালন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। আনহাতে উক্ত অনুষ্ঠানৰ পিছতে শ্বহীদ গজেন ইংতিৰ জ্যেষ্ঠ ভাতৃ ভোগেশ্বৰ ইংতি আৰু ভতিজা চন্দন ইংতিয়ে শ্বহীদ বেদীৰ সন্মুখতে চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে এক অবস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ন কৰি চৰকাৰ ৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। শ্বহীদ গৰাকীৰ ভতিজা চন্দন ইংতিয়ে কৈ যে বিগত সময়ত কোনো এখন চৰকাৰে উক্ত পৰিয়ালটিক এটি কৰ্ম সংস্থাপন দিয়াৰ কথা চিন্তা নকৰিলে। এসময়ৰ ছাত্ৰ নেতা সৰ্বানন্দ সোণোৱাল তথা কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বিভিন্ন সময়ত তেওঁলোক ক দিয়া প্ৰতিশ্ৰুতি বোৰ ৰক্ষা নকৰিলে আৰু যদিহে চৰকাৰে তেওঁলোকৰ দাবীৰ প্রতি গুৰুত্ব নিদিয়ে তেনেহলে শীঘ্ৰেই দিছ্পুৰলৈ যাত্রা কৰিব।
আনহাতে উক্ত প্ৰতিবাদী কায্যসূচীত উপস্থিত থাকি মৰিগাঁও জিলা আছুৰ সম্পাদক দিপুল কুমাৰ নাথ আৰু উপদেষ্টা উৎপল শৰ্মাই সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ভূমিকাক কঠোৰ সমালোচনা কৰি কৈ যে কা ৰ জৰিয়তে বিদেশী নাগৰিকক সংস্থাপিত কৰিব বিচৰা চৰকাৰ খনে শ্বহীদৰ আত্ম বলিদান ৰ ইতিহাস পাহৰি গৈছে।

You might also like