‘স্বচ্ছ ভাৰত অভিযান’ৰ অধীনত ৰাজ্যৰ ৭৬ খন পৌৰসভালৈ ১১৪ খন স্কিড ষ্টিয়াৰ ল’ডাৰ আৰু ১১৬ খন টিপাৰ প্ৰদান
নিয়মীয়া বাৰ্তা, ১০ জুনঃ আজি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে নগৰ উন্নয়ন বিভাগৰ অধীনস্থ পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ সৌজন্যত ৰাজ্যৰ ৭৬ খন পৌৰসভালৈ ১১৪ খন স্কিড ষ্টিয়াৰ ল’ডাৰ আৰু ১১৬ খন টিপাৰ বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মহামানৱ মহাত্মা গান্ধীৰ স্বচ্ছ ভাৰতৰ সপোন বাস্তৱায়িত কৰি ৰাজ্যখনৰ প্ৰতিখন চহৰকে পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখি নগৰখনক নিজৰ স্বাভিমানৰ প্ৰতীক হিচাপে গঢ়ি তুলিব লাগিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজি বিতৰণ কৰা এই সামগ্ৰীসমূহ কাৰ্যক্ষম আৰু উপযুক্ত তদাৰকৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পৌৰসভাসমূহক আহ্বান জনায় যাতে ৰাজ্যৰ চহৰসমূহত বাস কৰা জনসাধাৰণে দৈনন্দিন জীৱন যাত্ৰাৰ বাবে এক সুন্দৰ বাতাবৰণ লাভ কৰে।
আনহাতে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বিত্ত, স্বাস্থ্য, গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, নগৰ উন্নয়ন বিভাগৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী পীযুষ হাজৰিকা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন ।