নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ড–হলীউডত প্রদর্শিত হ’ব ‘সুবালা দ্য ডার্কনেছ উইদিন’

নিয়মীয়া বাৰ্তা ১১ জুনঃ লকডাউনজনিত পৰিস্থিতিত অসমীয়া ছবি জগতলৈ হতাশাৰ যি কৰাল ছায়া নামি আহিছে, তাৰ মাজত আনন্দৰ আশা সঞ্চাৰ কৰি এক ভাল খবৰ কঢ়িয়াই আনিছে প্রথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ বহুচর্চিত উপন্যাস ‘সুবালা’ৰ আধাৰত প্রযোজক আব্দুল মান্নান ফাৰুক আৰু আব্দুল মুক্তাদিৰে প্রযোজনা কৰা আৰু বিশিষ্ট পৰিচালক মুন্না আহমেদে পৰিচালনা কৰা ‘সুবালা দ্য ডার্কনেছ উইদিন’ নামৰ ছবিখনে৷ ইংলেণ্ডৰ এটা আগশাৰীৰ চলিচ্চত্র মহোৎসৱ লিফট অৱ ছেছনছত প্রতিযোগিতা শাখাত প্রদর্শনৰ বাবে ছবিখন নির্বাচিত হৈছে৷ ছবিখনৰ লণ্ডন আৰু আমেৰিকাৰ হলীউডত চলচ্চিত্র মহোৎসৱটোৰ দুটা প্রদর্শন অনুষ্ঠিত হ’ব৷ ছবিখনত হিন্দী, তামিল, তেলুগু ভাষাৰ কেইবাখনো জনপ্রিয় ছবিত শক্তিশালী অভিনয় কৰা পুনে এফ টি আইৰ পৰা অভিনয়ত সুখ্যাতিৰে উত্তীর্ণ উর্মিলা মহন্তই নাম ভূমিকাত অভিনয় কৰিছে, আন প্রধান চৰিত্রসমূহত অভিনয় কৰিছে অতুল পাচনি, প্রতিভা চৌধুৰী, হিমাংশু প্রসাদ দাস, প্রণামী বৰা, শিশুশিল্পী অপ্সৰা দাস, পদ্মৰাগ গোস্বামী, সিদ্ধার্থ মুখার্জী, নীলা শইকীয়া প্রমুখ্যে শিল্পীসকলে৷ আজান ফিল্মছৰ বেনাৰত নির্মিত ইতিমধ্যে চেঞ্চৰ ব’ডৰ পৰা কেৱল প্রাপ্তবয়স্ক দর্শকৰ বাবে প্রদর্শনৰ ‘এ’ প্রমাণ–পত্রপ্রাপ্ত ছবিখনৰ আৱহ সংগীত তৰালি শর্মাৰ৷ দৃশ্যগ্রহণ কৰিছে সুমন দুৱৰাই৷ সম্পাদনা আৰু ডি আই দেৱাংকৰ বুঢ়াগোহাঁইৰ৷ কলা নির্দেশনা জ্যোতিশংকৰ ভট্টাচার্যৰ৷ ছাউণ্ড ডিজাইন দীপক দত্ত আৰু বাবুল দাসৰ৷ সাজ–সজ্জা ৰাণী দত্ত বৰুৱাৰ৷ ৰূপসজ্জা ভাস্কৰ দত্তৰ৷ মুখ্য সহকাৰী পৰিচালনা কুশল কুমাৰ গগৈৰ৷ প্রযোজনা নিয়ন্ত্রণ আব্দুল ৱাহাব আহমেদৰ৷ সহকাৰী পৰিচালনা আমিন আহমেদ, পৰেশ শইকীয়া আৰু বিতোপন মহন্তৰ৷ ছবিখন আগন্তুক নৱবর্ষত মুক্তিলাভ কৰাৰ সম্ভাৱনা আছে৷

You might also like