শিবিৰত নাই নূন্যতম সুবিধা ক্ষতিগ্রস্তই পোৱা নাই জৰুৰী সাহায্য
নিয়মীয়া বাৰ্তা ১১ জুনঃ অইল ইণ্ডিয়াৰ চূড়ান্ত দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে ২৭ মে’ৰ পৰা ১৩ দিন ধৰি বাঘজানৰ বি জি আৰ ৫নং অইল খাদৰ পৰা প্রাকৃতিক গেছ–তেল অহৰহভাৱে নির্গত হৈ থকা সত্ত্বেও অইল কর্তৃপক্ষই বন্ধ কৰিবলৈ সক্ষম নোহোৱাত কালি দুপৰীয়া খাদটোত অগ্নি কাণ্ড সংঘটিত হৈ সমগ্র বাঘজান গাঁওখন জুই আৰু ক’লা ধোঁৱাই আগুৰি ধৰাত গাঁওবাসী প্রাণৰ মমতাত যিয়েই যেনি পায়, পলাবলৈ ধৰে ক্ষতিগ্রস্ত আৰু আতংকিত বাঘজানবাসীয়ে টালি–টোপোলা বান্ধি অধিকাংশই খোজকাঢ়ি, বাইচাইকেল, মটৰচাইকেল, কিছুৱে গাড়ীত উঠি চাৰি কিলোমিটাৰ নিলগৰ বান্দৰখাটি হাইস্কুলৰ খেলপথাৰত সমৱেত হয়৷ বান্দৰখাটি উচ্চ মাধ্যমিক বিদ্যালয়ত আশ্রয় শিবিৰ পাতে যদিও ঠাইৰ অভাৱত শতাধিক লোকে সমীপৱর্তী জকাইচুক গাঁৱৰ কেছেৰুগুৰি প্রাথমিক বিদ্যালয়ত আৰু দুই সহস্রাধিক লোকে কর্দৈগুৰি মধ্য ইংৰাজী বিদ্যালয় আৰু কর্দৈগুৰি হাইস্কুলত শিবিৰ পাতে৷ আশ্রয় শিবিৰত সময় মতে আহাৰ যোগান নধৰাত ভোকত সময় পাৰ কৰিব লগা অৱস্থা হয় বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে৷ জকাইচুক গাঁৱৰ কেছেৰুগুৰি প্রাথমিক বিদ্যালয়ত শিবিৰ পতা শতাধিক পৰিয়ালৰ বাবে প্রশাসন অথবা অইলে খাদ্য যোগান নধৰাত জকাইচুক নৱজ্যোতি যুৱক সংঘই ৰাইজৰ সহযোগত কালি নিশাৰ সাঁজ আৰু বুধবাৰে পুৱাৰ সাঁজৰ আহাৰ যোগান ধৰে৷ জানিব পৰা মতে, বাঘজান গাঁৱৰ বহু লোক শিবিৰলৈ নাহি আত্মীয়–স্বজনৰ ঘৰলৈ গুচি গৈছে৷ কর্দৈগুৰিত আশ্রিত শিবিৰবাসীক তালাপ–কর্দৈগুৰি আঞ্চলিক মৰাণ ছাত্র সন্থা, তালাপ–কর্দৈগুৰি আঞ্চলিক অসম মৰাণ সভা, তালাপ–কর্দৈগুৰি আঞ্চলিক মৰাণ জাতীয় মহিলা পৰিষদ প্রমুখ্যে স্থানীয় দল–সংগঠনে পূর্ণ সহায়–সহযোগ কৰি আহিছে৷ শিবিৰবাসীক পুৱা চিৰা আৰু গুৰ যোগান ধৰে ডুমডুমা সমষ্টিৰ প্রাক্তন বিধায়ক দিলীপ মৰাণে৷ ডুমডুমা সমষ্টিৰ বিধায়ক দুর্গা ভূমিজ, অসম মৰাণ সভাৰ সভাপতি ধর্মেন্দ্র মৰাণ, সাধাৰণ সম্পাদক দুর্লভ গোহাঁই, সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, সাধাৰণ সম্পাদক নৱ মৰাণ, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, জিতেন দত্ত, ডিব্রুগড বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্রী, অৰুণাচল প্রদেশ মহাদেৱপুৰৰ লেকাং আঞ্চলিক মৰাণ ছাত্র সন্থাৰ বিষয়ববীয়া, প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক বিৰিঞ্চি নেওগ, লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহা প্রমুখ্যে বহু দল–সংগঠনৰ বিষয়ববীয়াই শিবিৰবাসীক সাক্ষাৎ কৰে৷ বহু লোকে খাদ্য–সামগ্রীও যোগান ধৰে৷
নাই জৰুৰীকালীন সাহায্যঃ ২৭ মে’ত বাঘজানৰ বি জি আৰ ৫নং অইল খাদত বিস্ফোৰণ হোৱাত জিলা প্রশাসন, অইল ইণ্ডিয়া কর্তৃপক্ষ আৰু বাঘজান মিলনজ্যোতি যুৱক সংঘৰ ৫ জুনৰ আলোচনামর্মে ক্ষতিগ্রস্ত শিবিৰবাসীক জৰুৰীকালীন আর্থিক সাহায্য হিচাপে ত্রিশ হাজাৰ টকা শীঘ্রে বেংক একাউণ্টত দিয়াৰ কথা আছিল যদিও আজিলৈকে বাঘজানবাসীয়ে পোৱা নাই সেই জৰুৰীকালীন আর্থিক সাহায্য৷
অনির্দিষ্টকালীন অৱস্থান ধর্মঘট অব্যাহতঃ অইল খাদ বিস্ফোৰণ শীঘ্রে বন্ধ কৰা, বিস্ফোৰণত ক্ষতিগ্রস্ত পৰিয়ালক শীঘ্রে সাহায্য প্রদান আদিৰ দাবীৰে বাঘজানৰ মিলনজ্যোতি যুৱক সংঘৰ উদ্যোগত চলি থকা অৱস্থান ধর্মঘট কার্যসূচীৰ স্থান সলনি হ’ল যদিও আজি কর্দৈগুৰি হাইস্কুলৰ শিবিৰতে ধর্মঘট অব্যাহত আছে৷
শিবিৰত নাই ক’ৰোনাৰ আতংকঃ বিশ্ব মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংক নাই অইল বিস্ফোৰণত ক্ষতিগ্রস্ত শিবিৰবাসীৰ৷ গাতে গা লগাই শিবিৰবাসী থাকিব লগা হৈছে৷ শিবিৰত বহু ব্যক্তিৰ সমাগম৷ কাৰোবাৰ গাত যদি ক’ৰোনা আছে, তেন্তে শিবিৰবাসীৰ মাজত ক’ৰোনা ভাইৰাছ সংক্রমণ কিমান দ্রুতভাৱে বিয়পিব, তাৰ হিচাপ নহ’ব বুলি সচেতন মহলে মত প্রকাশ কৰিছে৷
অকাল মৃত্যুক আঁকোৱালি লোৱা অইল কর্মচাৰীৰ স্মৃতিত বন্তি প্রজ্বলনঃ কালি বাঘজান অইল খাদৰ অগ্ণিকাণ্ডত অকাল মৃত্যুক আঁকোৱালি লোৱা অইল কোম্পানীৰ কর্মচাৰী দুর্লভ গগৈ আৰু তীখেশ্বৰ গোহাঁইৰ স্মৃতিত কর্দৈগুৰি শিবিৰত বন্তি প্রজ্বলন কৰা হয়৷