নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনবল–বাহুবলেৰে বিটিচিত গণতন্ত্র ধ্বংস কৰিলে হাগ্রামাই

শালবাৰীত ইউপিপিএলৰ সভাত প্ৰমোদ বড়ো

নিয়মীয়া বাৰ্তা ১২ জুনঃ ১৭ বছৰে ধনবল আৰু বাহুবল প্রয়োগ কৰি বিটিচিত গণতন্ত্র ধ্বংস কৰি পেলাইছে হাগ্রামা মহিলাৰীৰ বি পি এফ দলে৷’ –এই মন্তব্য ইউ পি পি এলৰ সভাপতি তথা এবছুৰ প্রাক্তন সভাপতি প্রমোদ বড়োৰ৷ বৃহস্পতিবাৰে বাগ্সাৰ শালবাৰীত ইউপিপিএলৰ এখন দলীয় সভাত উপস্থিত থাকি সভাপতিগৰাকীয়ে লগতে সমগ্র বিটিচিতেই ৰাইজে পৰিৱর্তন বিচাৰিছে৷ এই পৰিৱর্তন বি পি এফৰ বিৰুদ্ধে পৰিৱর্তন৷ বিটিচিৰ ১৮টা জনগোষ্ঠীয়েই ইউ পি পি এল দলক পৰিৱর্তনৰ বাহন হিচাপে ল’ব বিচাৰিছে৷ ৰাইজে ইউ পি পি এলৰ গাড়ীত উঠি পৰিৱর্তন বিচাৰিছে৷ যাৰ বাবে বিটিচিৰ ৪০টা সমষ্টিতেই ইউ পি পি এলত বিভিন্ন স্তৰৰ ৰাইজে যোগদানৰ বাট মুকলি ৰাখিছে৷ বিগত ১৭ বছৰে হাগ্রামা মহিলাৰীৰ নেতৃত্বত বি পি এফ চৰকাৰৰ দুর্নীতি, অপশাসনবোৰ উপলব্ধি কৰিয়েই ৰাইজে পৰিৱর্তন বিচাৰি ইউ পি পি এলত যোগদান প্রক্রিয়া অব্যাহত ৰাখিছে৷ ইউ পি পি এলত যোগদানৰ যিধৰণে সোঁত বৈছে, ইয়াৰ পৰিৱর্তে বি পি এফ কার্যালয়বোৰত তলা ওলমিব ধৰিছে বুলি মন্তব্য প্রদান কৰাৰ লগতে ইউ পি পি এল দলে ৰাজনীতি কৰিবলৈ অহা নাই৷ দলটোৱে ৰাইজক সেৱা কৰিবলৈ আহিছে৷ আগন্তুক দিনত বিটিচিত ইউ পি পি এল দলে এখন নিকা চৰকাৰ গঠন কৰিব৷ বি পি এফৰ বিগত ১৭ বছৰীয়া দুর্নীতি, অপশাসনৰ বিপৰীতে আগন্তুক দিনত ইউ পি পি এলৰ দ্বাৰা আৰম্ভ হ’ব ৰাইজৰ সেৱা৷ বি পি এফৰ দুর্নীতি, অপশাসনত জর্জৰিত বিটিচিত বসবাস কৰা ১৮টা জনগোষ্ঠীকেই সুখ, শান্তি দিব ইউ পি পি এল দল– চৰকাৰে৷ ইউ পি পি এলৰ নেতৃত্বতেই সমাধান হ’ব বিটিচিৰ সকলো সমস্যা৷ বিগত কিছুদিন ধৰি কচুগাঁও সমষ্টিৰ ভিন্ন প্রান্তত ইউ পি পি এল দলৰ কর্মীৰ ওপৰত চলা আক্রমণক গৰিহণা দি দোষীক আইনী ব্যৱস্থাৰে শাস্তি প্রদান কৰাৰ দাবী তোলে৷ ইউ পি পি এলৰ দলীয় কার্যালয়ত ৰূপনাথ বড়োৰ সভাপতিত্বত অনুষ্ঠিত আৰু দলৰ নেতাদ্বয় সত্যজিৎ বড়ো আৰু হানিফ আলী আহমেদে আঁত ধৰা সভাত ইউ পি পি এলৰ ২১নং শালবাৰী সমষ্টিৰ প্রার্থী বিনোদ মুছাহাৰী আৰু ২০নং মথনগুৰি সমষ্টিৰ প্রার্থী চাজাহান আলী আহমেদ, দলৰ শালবাৰী জিলা সমিতিৰ সভাপতি যোগেশ্বৰ বসুমতাৰীয়ে ভাষণ দিয়াৰ লগতে কেন্দ্রীয় নেতা ক্রমে মজিব আলী আহমেদ, কনক বডো, নজৰুল ইছলাম, কিশোৰ লুইটেল, প্রদীপ সৰকাৰ, সবিতা ৰামচিয়াৰী, চিলাৰায় বডো, প্রদীপ বডোছা, হানিফ আলী আহমেদ, আবু তাহেৰকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে৷ আজিৰ এই সভাত এবিএমছুৰ কেন্দ্রীয় উপ–সভাপতি সদাগৰ বাদশ্বাহ, শালবাৰী জিলা সমিতিৰ উপ–সভাপতি নুৰুল হক, প্রাক্তন আমছু নেতা নয়ন খান, শালবাৰী জিলা সমিতিৰ সাংগঠনিক সম্পাদক ইলিয়াছ হুছেইন, বিজেপি কর্মী দ্বিজেন বর্মন, বি পি এফ নেতা ৰাজু বডো, মিণ্টু বসুমতাৰী, কংগ্রেছ নেতা আফজালুৰ ৰহমান, পি এফ আই কর্মী দেলৱান ৰহমান, অবডো সংগঠনৰ সদস্য দুলাল দাস, এ আই ইউ ডি এফৰ ফজলুৰ ৰহমানকে ধৰি বিভিন্ন দল–সংগঠনৰ মুঠ ৮৬গৰাকী লোকে ইউ পি পি এলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ আজি যোগদান কৰাসকলক গামোচাৰে আদৰণি জনায় ইউ পি পি এলৰ সভাপতি প্রমোদ বডো, প্রর্থীদ্বয় বিনোদ মুছাহাৰী আৰু চাজাহান আলী আহমেদে৷ আনহাতে, কালি ইউ পি পি এলৰ শালবাৰীস্থিত কার্যালয়ত শালবাৰী সমষ্টিৰ ভিন্ন প্রান্তৰ মুঠ ৫৫গৰাকী বি পি এফ দল, অবডো সংগঠনৰ কর্মী– সমর্থক আৰু সমাজকর্মীয়ে ইউ পি পি এলত যোগদান কৰে৷ যোগদান কৰাসকলৰ ভিতৰত বডোলেণ্ড চাহ মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক সঞ্জয় স্বানচি আৰু উপদেষ্টা জন স্বানচিও আছে৷

You might also like