নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতা ছনু ছুদৰ উদ্যোগত বিমানেৰে অহা শ্ৰমিকৰ দেহত COVID-19

নিয়মীয়া বাৰ্তা, ১২ জুনঃ অভিনেতা ছনু ছুদৰ উদ্যোগত মুম্বাইত আবদ্ধ হৈ থকা অসমৰ ১৮০ গৰাকী শ্ৰমিকক মঙলবাৰে বৰাকলৈ পঠোৱা হৈছিল ।

বিমানেৰে ঘূৰি অহা এই শ্ৰমিকসকলৰ ভিতৰত হাইলাকান্দি জিলাৰ ১৬ জন শ্ৰমিকৰ দেহত পোৱা গৈছে ক’ভিড-১৯ পজিটিভ ।

বৃহস্পতিবাৰে স্বাৱ পৰীক্ষাৰ ফলাফল অহাৰ পাছতে পোহৰলৈ আহে এই তথ্য ।

উল্লেখ্য যে মুম্বাইৰ পৰা অভিনেতা ছনু ছুদৰ উদ্যোগত অহা শ্ৰমিকসকলৰ ভিতৰত কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাইৰ ১৮০ জন শ্ৰমিক আছিল ।

বৰ্তমান সকলো লোকেই কোৱাৰেণ্টীনত আছে ।

You might also like