নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজান আশ্রয় শিবিৰত ৰাইজৰ ৰোষত অতুল বৰা

নিয়মীয়া বাৰ্তা ১৩ জুনঃ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ বাঘজানৰ আশ্রয় শিবিৰত ৰাইজৰ ৰোষত পৰে কৃষিমন্ত্রী অতুল বৰা৷ আজি মন্ত্রী অতুল বৰাই ঘটনাস্থলী পৰিদর্শন কৰি উভতি অহাৰ পথত বাঘজান–দীঘলটৰং মধ্য ইংৰাজী বিদ্যালয়ৰ আশ্রয় শিবিৰত ৰাইজৰ মুখামুখি হৈ ক্ষতিগ্রস্ত পৰিয়ালসমূহক অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰে পদক্ষেপ লোৱাৰ বিষয়ে উল্লেখ কৰে৷ লগতে অতি সাধাৰণভাৱে ৰাইজক আতংকিত নহ’বলৈ কয়৷ এই অগ্নিকাণ্ড সোনকালেই নির্বাপিত হোৱাৰ আশা প্রকাশ কৰি আশ্রয়স্থলীৰ পৰা আঁতৰি আহিবলৈ লওঁতেই গাঁওবাসীয়ে বিভিন্ন প্রশ্নৰে মন্ত্রীগৰাকীক থকা–সৰকা কৰে৷ গাঁওবাসীয়ে অতি ক্ষোভেৰে মন্ত্রীগৰাকীক কয়– ‘এজন মন্ত্রী হিচাপে আপুনি কেৱল আনৰ দৰে খবৰ ল’বলৈ আহিছে নে আমাক কিবা দিবলৈ আহিছে৷ আপুনি কেৱল আপোনাৰ কথাখিনি কৈয়েই ইয়াৰ পৰা আঁতৰি যাব নোৱাৰিব৷ আপুনি আমাৰ কথাও শুনিব লাগিব৷ কিয়নো কূপটোত জ্বলি থকা সেই অগ্নি কুণ্ডৰ উত্তাপতকৈও অধিক উত্তপ্তৰে আমাৰ ক্ষোভবোৰ বুকুৰ মাজত জ্বলি আছে৷ সেই উত্তাপ আপোনলোকেই নির্বাপিত কৰিব লাগিব৷ আমাৰ সকলো শেষ হ’ল, এতিয়া আমাৰ জীয়াই থকাৰ একো সম্বল নাই৷ সেয়েহে ইয়াৰ পৰিণতি কি হ’ব, সেই কথা এতিয়াই স্পষ্ট কৰি দিয়ক৷ যদি আপুনি আমাক এতিয়া কোনো ধৰণৰ সিদ্ধান্ত নিদিয়ে, তেনেহ’লে আমি সমজুৱাকৈ সেই অগ্নি কুণ্ডত জাঁপ দি জীৱন দিম৷’ ইয়াৰ উপৰি মন্ত্রীগৰাকীক অতি আৱেগিক তথা ক্ষোভেৰে কয় যে সেই কূপটোৰ কাষতে থকা সেই পথাৰখনত আমি খেতি কৰি ভাত খাইছিলোঁ৷ মাগুৰী–মটাপুং বিলত মাছ মাৰি আমি পৰিয়াল চলাইছিলোঁ৷ কিন্তু এতিয়া এই কাণ্ড সংঘটিত হোৱাৰ পাছত সেই ঠাইসমূহত অনাগত আৰু ১৫/২০ বছৰলৈকে একো কৰিব নোৱাৰিম৷ সেয়ে আমি কাৰো ওচৰত হাত নপতাকৈ কেনেদৰে জীৱন নির্বাহ কৰিম, তাৰ ব্যৱস্থা আপুনি আজিয়েই কৰি যাওক বুলি কয় ৷ ইফালে ৰাইজৰ এনে ৰূপ দেখি অতি সোনকালে বাঘজান গাঁওবাসীৰ সকলো সমস্যা সমাধান কৰাৰ ক্ষেত্রত চৰকাৰে গুৰুত্ব আৰোপ কৰিব বুলি মন্ত্রী বৰাই প্রতিশ্রুতি প্রদান কৰে।

You might also like