নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ কেন্দ্রীয় কাৰাগাৰত ক’ৰোনা সংক্রমণ

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ শোণিতপুৰ জিলা উপায়ুক্তৰ কার্যালয়কে ধৰি তেজপুৰ কেন্দ্রীয় কাৰাগাৰ, সামৰিক–অর্ধসামৰিক বাহিনীৰ জোৱান ক’ৰোনা আক্রান্ত হৈছে৷

শনিবাৰে তেজপুৰ কেন্দ্রীয় কাৰাগাৰত এজন বন্দী ক’ৰোনা পজিটিভ চিনাক্ত হোৱাৰ পাছত কাৰাগাৰ চৌহদত উৎকণ্ঠাৰ সৃষ্টি হৈছে৷ একেদৰে জিলা উপায়ুক্তৰ কার্যালয়ৰ কর্মচাৰী এজনো আক্রান্ত হৈছে৷

উল্লেখ্য যে শোণিতপুৰ জিলা উপায়ুক্ত বাসভৱনৰ কার্যালয়ৰ দুজন কর্মচাৰী কালি ক’ৰোনাত আক্রান্ত বুলি চিনাক্ত হৈছে৷ এই দুজনৰ পাছতে  আন দুজন কর্মচাৰী আক্রান্ত হোৱা ঘটনাই সমগ্র প্রশাসনতে সৃষ্টি কৰিছে শংকা৷

ইফালে, তেজপুৰ তথা উপকণ্ঠ অঞ্চলত অৱস্থিত সামৰিক–অর্ধসামৰিক ছাউনীত মুঠ ১২ জন জোৱানৰ দেহত ক’ভিড–১৯ ধৰা পৰিছে৷ এইসকলৰ ভিতৰত সশস্ত্র সীমাবলৰ ৫ জন, ভাৰতীয় সেনাৰ ৬ জন আৰু আইটিবিপিৰ এজন জোৱান ক’ৰোনাত আক্রান্ত হৈছে৷

লক্ষণীয়ভাৱে তেজপুৰ কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ থকা গগণ ৰাজবংশী নামৰ এজন লোক শেহতীয়াকৈ আক্রান্ত হৈছে৷ শেহতীয়াকৈ গুৱাহাটী কেন্দ্রীয় কাৰাগাৰলৈ নিয়া হৈছিল এইজন বন্দীক৷ কাৰাবন্দীজন আক্রান্ত হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্র শংকাৰ৷

You might also like