নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেটৰ বিষত ভুগিছে ড০ হিমন্ত বিশ্ব শৰ্মাঃ পোৱা গ’ল কিড্নী ষ্ট’ন

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কিড্নী ষ্ট’নত আক্ৰান্ত হৈছে। শৰীৰত প্ৰচণ্ড বিষ হোৱাত ড০ শৰ্মাই গুৱাহাটী মেডিকেল কলেজ, হাস্পতালত ছনোগ্ৰাফী কৰে আৰু তেওঁৰ কিড্নীত ৩.৭৬ মিলিমিটাৰ আকাৰৰ ষ্ট’ন থকাটো ধৰা পৰে। চিকিৎসকে চেলাইন আৰু বেজী দিয়াৰ পিছত বিষৰ পৰা কিছু মুক্ত হোৱা বুলি টুইটযোগে জনায় মন্ত্ৰীগৰাকীয়ে। চিকিৎসকে তেওঁক কিছু জিৰণি ল’বলৈ পৰামৰ্শ দিয়ে।

You might also like