নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ঋতুপৰ্ণ পেগুৰ হত্যাৰ ন্যায়ৰ দাবীত ২ ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ গুৱাহাটীৰ নুনমাটিত যোৱা শুক্ৰবাৰে অতি নৃশংস আৰু বৰ্ব্বৰতাৰে হত্যা কৰা ঋতুপৰ্ণ পেগুৰ ন্যয় আৰু হত্যাকৰীক ফাঁচীৰ দাবীত আজি জোনাইৰ ডেকাপাম ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰায় দুইঘন্টা ধৰি পথ অৱৰোধ কাৰ্যসূচী পালন কৰে অঞ্চলটোৰ ৰাইজে৷ ঋতুপৰ্ণৰ হত্যাকাৰীক ফাচী দিয়ক, খিলঞ্জীয়া হত্যা বন্ধ কৰক, আদি বিভিন্ন শ্লগানেৰে প্ৰতিবাদী সকলে উত্তাল কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ পথ অৱৰোধৰ ফলত বহু সময় ধৰি শ শ যান বাহন চলাচল ব্যাহত হৈ পৰে৷ ইফালে ঋতুপৰ্ণৰ পেগুৰ হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা , পৰিয়ালক ন্যায় প্ৰদানৰ দাবীৰে চিমেন চাপৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত প্ৰভাৰী বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰন কৰে এক স্মাৰক পত্ৰ৷

You might also like