নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত প্ৰচণ্ড মাৰপিট ঘটনাৰ চাৰি অভিযুক্তক জেললৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ১৪জুনঃ গুৱাহাটীৰ নুনমাটিৰ ঋতুপৰ্ণ পেগুক হানি-খুচি বৰ্ব্বৰতাৰে হত্যা ঘটনাৰ মাৰ নৌযাওতে এই ঘটনাৰ সমান্তৰালকে জোনাইত ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত তৰ্ক বিতৰ্ক পিছত কাজিয়াৰ সূত্ৰপাত হয় ৷

জানিব পৰা মতে জোনাই দৈনিক বজাৰৰ আনচাৰী দোকানত জেলম গাঁৱৰ নৱজিত দলে নামৰ এজন যুৱকে শনিবাৰে পুৱা প্ৰায় দহ বজাত গেছ চিলিণ্ডাৰ এটা মেৰামতি কৰিবলৈ দিয়ে। দোকানীজনৰ কথা মতে যুৱকজন এঘণ্টাৰ পিছত গেছ চিলিণ্ডাৰটো নিবলৈ আহে।

দোকানীজনে গেছ চিলিণ্ডাৰটোত পিন লগোৱা বুলি কৈ ১০০ টকা বিছাৰে। দোকানীজনে নতুন পিন লগোৱা বুলি কয় যদিও গেছ চিলিণ্ডাৰৰ পিনটো পুৰণা হৈ থকা দেখি যুৱকজনে পুৰণি পিনটো বিচাৰে। কিন্তু দোকানীজনে পুৰণা পিনটো পেলাই দিয়া বুলি কয়। ইয়াৰ পিছত যুৱকজনে দোকানীজনক ৮০ টকা ল’বলৈ কয়। এই কথাক লৈয়ে আনচাৰী দোকানৰ তিনি ভাতৃয়ে নৱজ্যোতি দলেক ডিঙি- বুকুত ধৰি প্ৰচণ্ড মাৰধৰ কৰে। এই সময়তে যুৱ কংগ্ৰেছৰ কৰ্মীয়ে বিজু পেগু আৰু ৰাজীৱ পেগু নামৰ যুৱকদ্বয়ে দেখা পাই হস্তক্ষেপ কৰি যুৱকজন ৰক্ষা কৰে।কাজিয়াখন বাধা প্ৰদান কৰাৰ সময়তে গ্ৰাহক জনক প্ৰহাৰ কৰাৰ উপৰিও যুৱ কংগ্ৰেছৰ কৰ্মী জনৰ ওপৰতো প্ৰহাৰ কৰি কাপোৰ ফালি দিয়াৰ অভিযোগ উঠিছে৷

উল্লেখ্য যে আনচাৰী স্বত্তাধিকাৰী জনে দীৰ্ঘদিন পৰা অবৈধ ভাৱে ঘৰুৱা ৰন্ধন গেছৰ চোৰাং বেহা চলাই আহিছে৷ সাধাৰণ গ্ৰাহকৰ ৰাইজে দিনৰ দিনটো বোন্দোপৰ দি ৰন্ধন গেছৰ চিলিণ্ডাৰ সংগ্ৰহ কৰিবলগা হোৱাৰ সময়ত এনেদৰে এগৰাকী ব্যৱসায়ীয়ে কেনেদৰে ২০-৩০ টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত কৰি চোৰাং বেহা চলাই থাকিব পৰিছে বুলি জোনাইৰ ৰাইজৰ অভিযোগ৷ ইপিনে যুৱকজনৰ এজাহাৰ মৰ্মে জোনাই থানাই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি আনচাৰী দোকানৰ স্বত্বাধিকাৰী আব্দুল আনচাৰী তিনি পুত্ৰ ক্ৰমে ইন্তেখাৱ আনচাৰী , ফাৰুক আনচাৰী আৰু ফিৰোজ আনচাৰীক গ্ৰেপ্তাৰ কৰি Jonai ps Case/no 56/2020 আৰু u/s 298/294/326/34 IPC. নম্বৰ গোচৰ ৰুজু কৰি জেল হাজুলৈ প্ৰেৰণ কৰে ।

You might also like