তেওঁ আমাৰ বাবে সদায় হিৰ’ হৈ ৰওঁক
সৰুতে অম্ৰিশ পুৰীক দেখিলে ভয় লাগিছিল। চিনেমাবোৰত ভিলেইনৰ চৰিত্ৰত দেখিলে ভাবিছিলোঁ যে তেওঁ বেয়া মানুহ। সেই ধাৰণা বহু দিনলৈকে মনত শিপাই আছিল।এনেওঁ চিনেমা এখনত এজন অভিনেতাক যিদৰে প্ৰক্ষেপ কৰে ঠিক তেনেকৈয়েই আমি বহু সময়ত প্ৰতিচ্ছবি এখন তৈয়াৰ কৰি লওঁ। পাছত তেওঁৰ মৃত্যুৰ সময়তহে তেওঁৰ পৰিয়ালৰ মানুহৰ মুখত শুনিবলৈ পাইছিলোঁ যে অম্ৰিশ পুৰী আচলতে এজন কিমান ভদ্ৰ নম্ৰ মানুহ আছিল। ঠিক একেদৰেই পৰিচালকৰ দৃষ্টিৰে চাবলৈ গৈ এজন হিৰ’ক সদায় হিৰ’ৰূপেই কল্পনা কৰি লওঁ।হিৰ’ এজনেই যে কেৱল হিৰ’ নহয় তাৰ উদাহৰণ চনু সোদ।
বৰ্তমান আমাৰ জীৱনটোৱেই দেখোঁন তেনেকুৱা। ছ’চিয়েল মেডিয়াত মিছা হাঁহি মাৰি আমি ভাল পাওঁ।এতিয়া সঁচাকৈ নাহাঁহে কোনেওঁ। পেট বিষাই যোৱাকৈ হাঁহিবলৈ আমি পাহৰিলোৱেই কাহানিবাই।তাৰ পৰিৱৰ্তে আমি হা হা ৰিয়েক্ট কৰি থৈ দিওঁ। কান্দোনৰ বাবে ছেড আৰু আচৰিত হ’বলৈ গৈ ৱাওঁ ৰিয়েক্ট।ৱাওঁ।
এই যে মিম বোৰত কবিতাবোৰত আজিকালি প্ৰায়েই লিখি দিয়ে “বুকুত এসোপা দুখ থকাৰ পাছতো মই হাঁহি থাকিব পাৰোঁ” ইত্যাদি ইত্যাদি। সেই ধৰণৰ জীৱন ফিলচফি মই চিধাই নাকচ কৰোঁ।আৰু মিছাকৈ অভিনয় কৰি হাঁহি থকা মানুহৰ সপক্ষে এষাৰো মাত নামাতো।ভুলতো। কাৰণ এদিন এই মিছা হাঁহিবোৰে এনেকুৱা খবৰ কঢ়িয়াই আনে। আৰু সকলো অভিনয়ৰ হাঁহি নিমিষতে ম্লান পৰে।
তাৰ পাছতো বহুতো মানুহে কথাবোৰ খুলি ক’ব নোৱাৰে। সেইয়া তেওঁৰ দোষ নহয়।মানুহৰ প্ৰকৃতিয়েই তেনেকুৱা। কোনোবাই যদি কথাবোৰ আনৰ সৈতে ভাগ বতৰা কৰি ভাল পায় তেন্তে আকৌ কোনোবাই কথাবোৰ নিজৰ মাজতেই সামৰি থৈ দিয়ে। আৰু যুঁজি থাকে প্ৰতি নিয়ত। অকলশৰে। সেইবাবেই কথা পতা মানুহ থাকিলেওঁ বহুতো কথা ৰৈ যায় নোকোৱাকৈয়ে।
প্ৰমাণ কৰি ভাল পাওঁ আমি। কেতিয়াবা আপুনি মইওঁ কৈ দিওঁ মৰি থকাই ভাল আছিল।কেতিয়াবা আমি সকলোৱেই কৈ দিওঁ মই মৰিলেহে বুজিব মোক মানুহবোৰে। আত্মহত্যা কৰিবলৈ ঠিক সিনমানখিনি উত্তেজনাই যঠেষ্ট। কিন্তু তাৰ পাছতো আমি আত্মহত্যা নকৰোঁ কাৰণ আত্মহত্যা কৰিবলৈ এক দীঘলীয়া প্ৰস্ততি লাগে। বহুদিন ধৰি একেৰাহে নিজৰ জীয়া মৰাশটোক কঢ়িয়াই থকা মানুহেহে আত্মহত্যা কৰিব পাৰে।
সিদিনা অল্লু অৰ্জুনৰ চিনেমা এখন চাইছিলোঁ। সাংঘাতিক ৰেকৰ্ড ব্ৰেকিং চিনেমা নহয়।কিন্তু সেই চিনেমাখনৰ এটা দৃশ্যত অল্লু অৰ্জুনক তেওঁৰ সন্মুখতে এজন আই পি এছে প্ৰশংসা কৰে আৰু বাকী কনষ্টেবল সকলৰ আগত কয় যে আপোনালোকে জানে নে এওঁ কোন হয়। এইজনেই সেইজন সৈনিক যি মোৰ বাবে প্ৰেৰণা। তেওঁ অবাক হৈ পৰে কথাষাৰ শুনি। পাছত ৰাস্তাৰে দৌৰে।দৌৰি দৌৰি এসময়ত ৰৈ যায় আৰু কান্দোনত ভাগি পৰে। কাৰণ আনক প্ৰেৰণা দিয়া সেই সৈনিক জন এতিয়া তেওঁৰ মাজত নাই। তেওঁৰ চাকৰি পৰিয়াল প্ৰেম সকলো আছে ।মাত্ৰ তেওঁ নাই।নিজক হেৰুৱাই পেলাইছে। সুশান্ত সিং ৰাজপুটৰ সন্মুখত কোনোবাই কোৱা হ’লে যে এইজন মানুহেই মোৰ প্ৰেৰণা যি মোক আত্মহত্যাৰ পৰা ৰক্ষা কৰিছে।
সেই সৰুতেই খেলা ক্ৰিকেট খেলখন যদি জীৱনৰ সৈতে ৰিজাই চাওঁ তেন্তে লগৰখিনিৰ সৈতে কাজিয়া কৰি খেলখন আধাতেই এৰি ঘৰলৈ উভতি অহাৰ দৰেই কথা এইয়া। তেওঁৰ বেয়া লাগিল খং উঠিল অথবা মন নগ’ল। গুচি গ’ল আধাতেই এৰি। নহ’লে হয়তো ধ’নি চিনেমাখনৰ দৰেই শেষৰ ছিক্সাৰটো তেৱেই মাৰিলে হয়।
তেওঁ এতিয়াওঁ হিৰ’ আমাৰ বাবে। কাৰণ জীৱনটো দি হ’লেওঁ আমাক বুজাই গ’ল যে ছুইচাইড ইজ নট এন অপচন।
- হিমাংক কাকতি -ফোনঃ৮৮২২৬৭৫৮৮৫