নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওড়িশাত দুমাহত সম্পূর্ণ হ’ব ৰসৰাজৰ গৃহৰ নির্মাণ

নিয়মীয়া বাৰ্তা ১৫ জুনঃ অসমীয়াৰ স্বাভিমান ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি যুগমীয়া কৰিবলৈ ওড়িশাৰ সম্বলপুৰত পুনৰ নির্মাণ কৰা সাহিত্যৰথীৰ বাসগৃহৰ নির্মাণকার্য পূর্ণগতিত চলি আছে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে বলৱৎ কৰা লকডাউনৰ বাবে যোৱা সময়ছোৱাত বেজবৰুৱাৰ বাসগৃহৰ নির্মাণকার্য বন্ধ ৰখা হৈছিল৷ শেহতীয়াকৈ চৰকাৰে লকডাউন কিছু শিথিল কৰাত ঐতিহ্যক্ষেত্র হিচাপে সাজি উলিয়াব লগা উক্ত বাসগৃহৰ নির্মাণকার্য পুনৰ আৰম্ভ কৰা হৈছে৷ অসম চৰকাৰ আৰু ওড়িশা চৰকাৰৰ সহযোগত বেজবৰুৱাৰ বাসগৃহটোৰ নির্মাণ ইতিমধ্যে ৭০ শতাংশ সম্পূর্ণ হৈছে৷ লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ সভাপতি প্রদ্যুৎ কুমাৰ চৌধুৰী আৰু সাধাৰণ সম্পাদক ৰণ্টু দাসে জনোৱা মতে, সাহিত্যৰথীৰ সম্বলপুৰত থকা বাসগৃহটোৰ নির্মাণ অহা দুমাহৰ ভিতৰত সম্পূর্ণ হৈ উঠিব৷ বাসগৃহটোৰ পুনৰ নির্মাণকার্য যোৱা ২৬ মার্চৰ ভিতৰত সম্পূর্ণ কৰাৰ কথা আছিল যদিও বৰষুণ আৰু লকডাউনৰ কাৰণে সেয়া সম্ভৱ হৈ নুঠিল৷ এনে পৰিস্থিতিত অহা দুমাহৰ ভিতৰত বাসগৃহটোৰ নির্মাণকার্য সম্পূর্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ সেই অনুসৰি বাসগৃহটোৰ নির্মাণৰ দায়িত্ব লাভ কৰা ইণ্ডিয়ান নেচনেল ট্রাষ্ট ফৰ আর্ট এণ্ড কালচাৰেল হেৰিটেজ (ইনটাক) নামৰ সংস্থাটোৱে পূর্ণগতিত কাম কৰি আছে৷ সকলো ঠিকে–ঠাকে থাকিলে অহা দুমাহৰ ভিতৰত বাসগৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব পৰা যাব৷ উল্লেখ্য যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কর্মসূত্রে ওড়িশাৰ সম্বলপুৰত বসবাস কৰিছিল৷ সম্বলপুৰত উক্ত বাসগৃহত থাকি বেজবৰুৱাই অসমীয়া সাহিত্য চর্চা কৰিছিল৷ সেয়ে বেজবৰুৱাৰ বাসগৃহটোত এটা গ্রন্থাগাৰ থাকিব৷ য’ত ‘বুঢ়ী আইৰ সাধু’কে ধৰি বেজবৰুৱাৰ স্মৃতিৰাজি আছুতীয়াকৈ ৰখা হ’ব৷ তদুপৰি বাসগৃহটোত থাকিব এটা সংগ্রহালয়৷ য’ত থাকিব বেজবৰুৱা আৰু পৰিয়ালৰ সদস্যৰ প’ট্রেইট৷ প্রদ্যুৎ কুমাৰ চৌধুৰী আৰু ৰণ্টু ডেকাই জনোৱা মতে, ঐতিহ্যক্ষেত্র হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে নির্মাণ কৰা বাসগৃহটোৰ আকৃতি হুবহু পূর্বৰ ৰূপতে নির্মাণ কৰা হ’ব৷

You might also like