নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিস্থিতি ভয়াৱহ হোৱাৰ পূর্বেই গুৱাহাটীত পুনৰ সম্পূর্ণ লকডাউনৰ দাবী 

নিয়মীয়া বাৰ্তা ১৬ জুনঃ   ভ্রমণ বৃত্তান্ত নোহোৱাকৈ গুৱাহাটীত এজনৰ পিছত আন এজন লোক আক্রান্ত হোৱাত শংকিত হৈ পৰিছে   মহানগৰীৰ বাসিন্দাসকল৷ লকডাউন শিথিল কৰাৰ লগে লগে বজাৰ–সমাৰৰ পৰা আৰম্ভ কৰি ৰাজপথত হোৱা ব্যাপক ভিৰে অশনি সংকেত মাতি আনিছে মহানগৰীলৈ৷ এনে পৰিৱেশত ক’ৰোনা ভাইৰাছৰ সংক্রমণ গুৱাহাটীত অধিক দ্রুত হৈ পৰাৰ লগতে সামাজিক সংক্রমণ ঘটাৰো পূর্ণ সম্ভাৱনাই দেখা দিছে৷ ফলত গুৱাহাটীত কিছু দিনৰ বাবে হ’লেও পূর্ণ লকডাউন ঘোষণা কৰাৰ প্রয়োজনীয়তা আছে বুলি মন্তব্য কৰিছে দল–সংগঠন তথা একাংশ সচেতন নাগৰিকে৷ বিশেষকৈ মহানগৰীৰ পৰিস্থিতি ভয়াৱহ নৌহওঁতেই এই পূর্ণ পর্যায়ৰ লকডাউন বলৱৎ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে দল–সংগঠনসমূহে৷ এই সন্দর্ভত ‘নিয়মীয়া বার্তা’ক প্রতিক্রিয়া প্রকাশ কৰি সদৌ গুৱাহাটী ট্রেড ইউনিয়নৰ সহকাৰী সম্পাদক নেকিব শইকীয়াই কয় যে লকডাউন এতিয়াও অব্যাহত আছে৷ ইয়াৰ কোনো পৰিৱর্তন হোৱা নাই৷ কেৱল চৰকাৰে অর্থনৈতিক আৰু প্রশাসনিক কাম–কাজ চলাই নিয়াৰ বাবে কিছু শিথিলতাহে প্রদান কৰিছে যাৰ সুযোগ গ্রহণ কৰিছে একাংশ লোকে৷ ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ সময়ত পালন কৰিবলগীয়া স্বাস্থ্য সম্পর্কীয় বিধিসমূহ অনুকৰণ কৰা নাই বহুতে৷ যাৰ ফলত মহানগৰীত পৰিস্থিতি ভয়াৱহ হৈ পৰাৰ পূর্ণ সম্ভাৱনাই দেখা দিছে৷ সেয়েহে মহানগৰীৰ পৰিস্থিতি ভয়াৱহ হৈ পৰাৰ পৰিৱর্তে পূর্ণ লকডাউন ঘোষণা কৰিব লাগে৷ এই পূর্ণ লকডাউন ১৪ৰ পৰা ২১ দিন হোৱাটো বিচাৰে বুলি উল্লেখ কৰি তেওঁ কয়– ‘কণ্টেইনমেণ্ট জ’নসমূহতো বহু লোকে নির্দিষ্ট নীতি–নিয়ম পালন নকৰে৷ বহু লোক এই অঞ্চলসমূহৰ পৰা বিভিন্ন পথেৰে ওলাই আহে৷ ফলত ইয়াৰ পৰা আন লোক সংক্রমিত হোৱাৰ সম্ভাৱনা আছে৷ এইক্ষেত্রত কঠোৰ হ’ব লাগে প্রশাসন৷ তদন্ত কৰিলে বহু লোক দোষী সাব্যস্ত হ’ব৷ ম’বাইল ফোনৰ ট্রেচিং কৰিলে কণ্টেইনমেণ্ট জ’নৰ পৰা ওলাই অহা লোকৰ তথ্য পোহৰলৈ আহিব৷’

ইফালে, অসম সংগ্রামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱায়ো গুৱাহাটীত পূর্ণ লকডাউনৰ পোষকতা কৰে৷ অৱশ্যে পূর্ণ লকডাউনৰ পূর্বে চৰকাৰক কিছু পৰিকল্পনাৰ প্রয়োজন হ’ব বুলি তেওঁ কয়– ‘মহানগৰীত ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ সংখ্যা অতি দ্রুতগতিত বৃদ্ধি পাইছে৷ কোনো ভ্রমণ বৃত্তান্ত নোহোৱা লোক এই ৰোগত আক্রান্ত হৈছে৷ ৰোগীৰ সংস্পর্শলৈ আহিও বহু লোক সংক্রমিত হৈছে৷ বিশেষকৈ ক’ৰোনা ৰোগৰ লক্ষণ নথকা ৰোগী বাহিৰলৈ ওলাই আহিলেও চিনাক্ত কৰাটো অতি কঠিন৷ তেনে লোক বজাৰ–সমাৰ অথবা কার্যালয় আদিলৈ আহিলে ইয়াৰ দ্বাৰা সংক্রমণ অধিক বৃদ্ধি পোৱাটো নিশ্চিত৷ সেয়েহে কিছু দিনৰ বাবে হ’লেও পূর্ণ লকডাউন ঘোষণা কৰিব লাগে আৰু পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিব লাগে৷ মহানগৰীখনত পৰীক্ষা কৰি আক্রান্ত লোকসকলক চিনাক্ত কৰি পৃথকীকৰণ কৰাৰ ব্যৱস্থা কৰিলেহে পৰিস্থিতি নিয়ন্ত্রণলৈ আহিব৷’ ইপিনে, তেওঁ এইবুলিও কয় যে পূর্ণ পর্যায়ৰ লকডাউন ঘোষণা কৰাৰ পূর্বে উপযুক্ত পদক্ষেপ চৰকাৰে গ্রহণ কৰিব লাগিব৷ ৰাতিৰ ভিতৰতে চৰকাৰে লকডাউন ঘোষণা কৰিলে পুনৰ লোকসকল সমস্যাৰ সন্মুখীন হ’ব৷ ঔষধ–পাতি, অত্যাৱশ্যকীয় খাদ্যসামগ্রী আদিৰ যাতে কোনো অভাৱ নঘটে, তাৰ ব্যৱস্থা ল’ব লাগিব৷ অন্ততঃ দুই–তিনি দিন সময় মহানগৰবাসীক পূর্ণ লকডাউনৰ বাবে সাজু হ’বলৈ সময় দিব লাগিব৷

আনহাতে, মহানগৰ উন্নয়ন সমিতিৰ সম্পাদক বীৰেন শর্মায়ো অনুৰূপ ব্যৱস্থাৰ কথা উল্লেখ কৰে৷ ক্ষুদ্র ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি কল–কাৰাখানাৰ শ্রমিকসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিহে পূর্ণ পর্যায়ৰ লকডাউন গুৱাহাটীত বলৱৎ কৰিব লাগে বুলি তেওঁ মত পোষণ কৰে৷ লকডাউনৰ লগতে আর্থিক সমস্যাও সামাজিক সংক্রমণৰ এক কাৰণ হ’ব পাৰে বুলি তেওঁ উল্লেখ কৰি কয়– ‘আমাৰ দেশত বহু পলমকৈ লকডাউন ঘোষণা কৰা হ’ল৷ বহু পূর্বেই লকডাউন হ’ব লাগিছিল৷ অন্ততঃ লকডাউনৰ পূর্বে চাৰি–পাঁচ দিন সময় সাজু হ’বৰ বাবে দেশবাসীক দিব লাগিছিল৷ এনে নকৰাৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ পৰা শ্রমিক–শিক্ষার্থীসক হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল৷ আগতীয়াকৈ পৰিকল্পনা কৰি লকডাউন ঘোষণা কৰিলে কোনো আপত্তি নাথাকিব৷’

ইফালে, মহানগৰীৰ উজান বজাৰৰ বাসিন্দা টিনামণি দাসেও গুৱাহাটীত পূর্ণ পর্যায়ৰ লকডাউনৰ পোষকতা কৰে৷ ‘নিয়মীয়া বার্তা’ৰ আগত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয়– ‘গুৱাহাটীৰ লোকসকল এতিয়াও ক’ৰোনা ভাইৰাছৰ সংক্রমণক লৈ সজাগ নহয়৷ বেপৰোৱা লোকসকলে গুৱাহাটীত স্বাস্থ্য সম্পর্কীয় বিধি–বিধানসমূহ মানি নচলে৷ বিশেষকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাওঁতে মাস্ক পৰিধান কৰাটো অত্যন্ত প্রয়োজনীয়৷ কিন্তু মহানগৰীত মাস্ক পৰিধান কৰা লোকৰ সংখ্যা যথেষ্ট কম৷ বহু লোকে মাস্কখন লগত ৰাখে, কিন্তু সঠিকভাৱে পৰিধান নকৰে৷ বহুতে ডিঙিত ওলমাই ৰাখে মাস্ক৷ যাৰ বাবে এজনৰ পৰা আন এজনলৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণ হোৱাৰ ভয়াৱহতা বাঢ়ি গৈছে৷’ ইপিনে, হাতীগাঁৱৰ বাসিন্দা ধনমণি দাসেও একেই মত পোষণ কৰি কয় যে মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানি চলাটো হৈছে ক’ভিড–১৯ৰ বিৰুদ্ধে যুদ্ধৰ আটাইতকৈ শক্তিশালী অস্ত্র৷ এই দুয়োটা বিধি অতি কঠোৰভাৱে মানি চলিলে ক’ৰোনাত আক্রান্ত হোৱাৰ সম্ভাৱনা যথেষ্ট হ্রাস পায়৷ কিন্তু ইয়াক লৈ কোনো যেন সচেতন নহয়৷ বজাৰ–সমাৰত গাতে গা লগাই থকা দেখা যায়৷ সামাজিক দূৰত্বৰ কোনো নিয়মেই দেখা নাযায় বহু স্থানত৷ বিশেষকৈ ৰাজহুৱা স্থানসমূহত এই নিয়মসমূহ মানি নচলাৰ বাবে ক’ৰোনাৰ ভয়াৱহতা দিনক দিনে বৃদ্ধি পাইছে৷ সেয়েহে পূর্ণ পর্যায়ৰ লকডাউনেহে মহানগৰীক দ্রুত সংক্রমণৰ পৰা ৰক্ষা কৰিব পাৰিব৷

You might also like