নিয়মীয়া বাৰ্তা, ১৬ জুনঃ গুৱাহাটীত ক’ভিড যোদ্ধাৰ ৰূপত অৱতীর্ণ হ’ব ৰবট৷ হয়, ক’ভিড–১৯ আক্রান্তক চিকিৎসাত সহায় কৰিব দুৱৰী আৰু কাকলি নামৰ দুটা ৰবটে।
উল্লেখ্য, মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত থকা যুদ্ধত সন্মুুখৰ পৰা নেতৃত্ব বহন কৰি আহিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ক’ভিড যুদ্ধত দিন–ৰাতি একাকাৰ কৰিছে চিকিৎসক, নার্ছ, এম পি ডব্লিউ, ৱার্ডবয়, আশাকর্মীকে ধৰি স্বাস্থ্য বিভাগৰ লগত জড়িত বিষয়া–কর্মচাৰীসকলে৷
ইয়াৰ মাজতে আহিছে এই ভাল খবৰটো৷ ক’ভিডৰ বিৰুদ্ধে অব্যাহত থকা যুদ্ধখনত যুঁজ দি থকা চিকিৎসক আৰু নার্ছসকলক সকাহ দিয়াৰ উদ্দেশ্যে উৰুকা ৰেষ্টুৰেণ্টত সাজু কৰি তোলা হৈছে এই দুটা ৰবটক৷ উল্লেখ্য যে এই দুৱৰী আৰু কাকলিক উদ্ভাৱন কৰিছে এজন অসমীয়াই৷ এছ এন ফৰিদ আৰু তেওঁৰ পুত্র–কন্যাই লকডাউনৰ মাজতে উদ্ভাৱন কৰিছে এই দুই ৰবটক৷ লক্ষণীয় যে ৰবট দুৱৰীয়ে ৰোগীৰ চিকিৎসা অথবা স্বাস্থ্যৰ বুজ লোৱাৰ বিপৰীতে কাকলিয়ে যোগান ধৰিব ঔষধৰ লগতে খাদ্যসামগ্রী৷
তদুপৰি ৰোগীৰ সৈতে কেৱল চিকিৎসালয়তে নহয়, হোটেল, ৰেষ্টুৰেণ্ট অথবা অত্যাৱশ্যকীয় সকলো সেৱাৰ বাবে সাজু হৈছে দুৱৰী আৰু কাকলি৷ প্রায় তিনি লাখ টকাৰ ব্যয় সাপেক্ষে নির্মাণ কৰা এই দুই ৰবটক লৈ আশাবাদী উদ্ভাৱক এছ এন ফৰিদ৷উল্লেখনীয় যে উৰুকা ৰেষ্টুৰেণ্টৰ প্রচেষ্টাত পূর্বেও ৰবটৰ দ্বাৰা ৰেষ্টুৰেণ্টখনত যোগান ধৰা হৈছে খাদ্যসম্ভাৰ৷