বহিঃৰাজ্য ফেৰতৰ সংক্রমণঃ অসমত ১০ দিনতে দুগুণ বৃদ্ধি ক’ভিড–১৯ত আক্রান্ত
ক্রমাৎ ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি
নিয়মীয়া বাৰ্তা ১৭ জুনঃ দিন বাগৰাৰ লগে লগে ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ ক’ৰোনাকেন্দ্রিক পৰিস্থিতি৷ দিনকদিনে বৃদ্ধি পাইছে ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা ৰে’ল, বাছ আৰু বিমানযোগে আবদ্ধ হৈ থকা লোকসকল উভতি অহাৰ লগে লগে সৃষ্টি হৈছে বৃহৎ প্রত্যাহ্বান৷ শেহতীয়াভাৱে ১০ দিনতে ৰাজ্যত ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা দুগুণলৈ বৃদ্ধি পোৱাত উদ্বেগ সৃষ্টি হৈছে৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৪ জুনৰ পৰা ১৪ জুনৰ ভিতৰত ৰাজ্যত দুগুণলৈ ক’ৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ যোৱা ৪ জুনত ৰাজ্যখনত ক’ৰোনাত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা আছিল ২,১১৫গৰাকী৷ উক্ত দিনটোত চিকিৎসাধীন হৈ আছিল মুঠ ১,৬৪৯গৰাকী ৰোগী৷ ইয়াৰ বিপৰীতে হাস্পতালৰ পৰা ৪৫৯গৰাকী ৰোগীক ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছিল৷ ইয়াৰ পাছত ৭ জুনত ৰোগীৰ সংখ্যাই অতিক্রম কৰে ২,৫০০ৰ ঘৰ৷ ৭ জুনত ৰাজ্যত ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা হৈছে ২,৫৬৫গৰাকী৷ একেটা দিনত চিকিৎসাধীন ৰোগীৰ সংখ্যা ১,৯৭০গৰাকী আৰু ঘৰলৈ যাবলৈ অনুমতি দিয়া ৰোগীৰ সংখ্যা আছিল ৫৮৮গৰাকী৷ ইয়াৰ তিনি দিন পাছতে অর্থাৎ ১০ জুনত ৩ সহস্রাধিক হৈ পৰে ক’ৰোনা ৰোগীৰ সংখ্যা৷ ১০ জুনত ৰাজ্যত ক’ৰোনা ৰোগীৰ সংখ্যা হৈছে ৩,০৫০গৰাকী৷ ১৩ জুনত এই সংখ্যাই ৩,৫০০ৰ ঘৰ অতিক্রম কৰে৷ সেই দিনটোত ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা হৈছে ৩,৬৯৩গৰাকী৷ ইয়াৰ বিপৰীতে ১৪ জুনত ৰাজ্যত ৰোগীৰ সংখ্যাই অতিক্রম কৰে ৪ হাজাৰৰ সীমা৷ ১৪ জুনত ৰাজ্যত ৪,০৪৯গৰাকী ৰোগীৰ ২,০৭৮গৰাকী চিকিৎসাধীন হৈ থাকে৷ ঘৰলৈ যাবলৈ অনুমতি দিয়া ৰোগীৰ সংখ্যা হৈছে ১,৯৬০৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ৰোনাৰ দ্রুত সংক্রমণ স্পষ্ট হৈ পৰিছে৷ উল্লেখ্য যে ৰাজ্যত যোৱা ৩১ মার্চত প্রথমগৰাকী ক’ৰোনা ৰোগী চিনাক্ত হৈছিল৷ ইয়াৰ পাছত ১০০ৰ ঘৰ অতিক্রম কৰোঁতে যথেষ্ট সময়ৰ প্রয়োজন হৈছিল৷ কিন্তু বহিঃৰাজ্যৰ পৰা বাছ, ৰে’ল আৰু বিমানৰ যোগাযোগ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যজুৰি বৃদ্ধি পাবলৈ ধৰে ক’ৰোনা আক্রান্তৰ সংখ্যা৷ বহিঃৰাজ্যৰ পৰা অহা লোকসকলক নির্দিষ্ট স্থানত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ ছোৱাবৰ নমুনা সংগ্রহ কৰা হয়৷ লগে লগে তেওঁলোকৰ মাজৰ পৰাই ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে৷ কিন্তু শেহতীয়াকৈ ৰাজ্যত ভ্রমণ বৃত্তান্ত নথকা একাংশ লোক ক’ৰোনাত আক্রান্ত হোৱাত সামাজিক সংক্রমণৰ আশংকা কৰা হৈছে৷ ইতিমধ্যে মুম্বাই আৰু দিল্লীৰ পৰা নিয়মীয়াভাৱে ৰে’লৰ চলাচল অব্যাহত আছে৷ তদুপৰি কেৰালা আৰু কর্ণাটকৰ পৰা আবদ্ধ লোকসকলক অনাৰ বাবে ব্যৱস্থা কৰা হৈছে বিশেষ ৰে’লেৰে৷ সেয়েহে ৰে’লসমূহৰ জৰিয়তে অহা লোকৰ মাজৰ পৰা অধিক ৰোগী ওলোৱাৰ আশংকাও বৃদ্ধি পাইছে৷
ফাঁচীবজাৰৰ কাপোৰৰ বিপণীত কাম কৰা যুৱক আক্রান্ত
মহানগৰীত পুনৰ ভ্রমণ বৃত্তান্ত নোহোৱাকৈয়ে ক’ৰোনাত আক্রান্ত হৈছে দুগৰাকী ব্যক্তি৷ ইয়াৰে এজন পাণ্ডুৰ বি বি চি কলনীৰ সুবিৰ সেন বুলি জানিব পৰা গৈছে৷ তেওঁ ফাঁচীবজাৰৰ এখন কাপোৰৰ বিপণীত কাম কৰিছিল৷ ইপিনে, উজানবজাৰৰ উড়িয়াবস্তিৰ এগৰাকী ৩৮ বছৰীয়া মহিলাও ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ এই মহিলাগৰাকীৰো নাই কোনো ভ্রমণ বৃত্তান্ত৷ মহিলাগৰাকীৰ পৰিয়ালৰ দুগৰাকী সদস্যই আনৰ ঘৰত কাম কৰিছিল বুলি জানিব পৰা গৈছে৷ সমান্তৰালভাৱে হাতীগাঁৱৰ জনপথৰ এজন ব্যক্তিও ক’ৰোনাত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ তদুপৰি বেলতলাৰ বনগাঁৱৰ নৱ দুর্গ পথৰ এজন কিশোৰ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ মুম্বাইৰ পৰা আহি আকাশ নাথ নামৰ কিশোৰজন হোম কোৱাৰেণ্টাইনত আছিল৷ ইয়াৰ লগে লগে মহানগৰীখনত একপ্রকাৰ আতংক সৃষ্টি হৈছে৷