গুৱাহাটীৰ চাৰি স্থানত আৰম্ভ ক’ভিডৰ ৰেণ্ডম টেষ্ট
নিয়মীয়া বাৰ্তা ১৭ জুনঃ ৰাজধানী চহৰ গুৱাহাটীত মঙলবাৰৰ পৰা আৰম্ভ কৰা হৈছে ক’ৰোনাৰ ৰেণ্ডম টেষ্ট৷ মহানগৰীখনৰ চাৰিটা স্থানত মঙলবাৰে সংগ্রহ কৰা হয় ছোৱাবৰ নমুনা৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ), মহেন্দ্র মোহন চৌধুৰী হাস্পতাল (এম এম চি এইচ), দিছপুৰস্থিত ৰাজধানী ৰাজ্যিক চিকিৎসালয় আৰু পাণ্ডু এফ আৰ ইউত ছোৱাবৰ নমুনা সংগ্রহ কৰা হয়৷ অৱশ্যে মঙলবাৰৰ পৰা মহানগৰীত মুঠ ১২টা স্থানত ছোৱাবৰ নমুনা সংগ্রহ কৰাৰ পৰিকল্পনা কৰিছিল স্বাস্থ্য বিভাগে৷ কিন্তু লেবৰেটৰী টেকনিচিয়ানৰ অভাৱৰ বাবে মাত্র চাৰিটা স্থানতহে ছোৱাবৰ নমুনা সংগ্রহ কৰিবলৈ সক্ষম হয়৷ আনহাতে, আঠ স্থানত আজিৰে পৰা সংগ্রহ কৰা হ’ব ছোৱাবৰ নমুনা৷ কাইলৈ ধীৰেনপাৰা এফ আৰ ইউ, উলুবাৰী আৰবান হাস্পতাল, খানাপাৰা ৰাজ্যিক চিকিৎসালয়, ভেটাপাৰা ৰাজ্যিক চিকিৎসালয়, লখৰা ৰাজ্যিক চিকিৎসালয়, বামুণীমৈদাম ৰাজ্যিক চিকিৎসালয়, শান্তিপুৰ ৰাজ্যিক চিকিৎসালয় আৰু ওদালবাক্রা এম পি এইচ চিত ছোৱাবৰ নমুনা সংগ্রহ কৰা হ’ব৷ এই কেন্দ্রসমূহত মহানগৰবাসীয়ে স্বইচ্ছাই আহি ক’ভিড–১৯ৰ পৰীক্ষা কৰিব পাৰিব৷
উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ আন প্রান্তৰ লগত গুৱাহাটীতো ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ ভ্রমণ বৃত্তান্ত নোহোৱাকৈ একাংশ লোক মহানগৰীত আক্রান্ত হোৱাত সামূহিক সংক্রমণৰ আশংকা কৰা হৈছে৷ যাৰ পৰিপ্রেক্ষিতত স্বাস্থ্য বিভাগে মহানগৰীখনত অহা ৩০ জুনৰ ভিতৰত ৫০ হাজাৰ নমুনা পৰীক্ষাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই পৰীক্ষাত পার্কিংস্থলী, পেট্র’ল পাম্প, ক’ৰোনাৰ বিভিন্ন কর্তব্যত নিয়োজিত চৰকাৰী কর্মচাৰী, আৰক্ষী, জিলা প্রশাসন আদি লোকক সামৰি লোৱা হ’ব৷ এই পৰীক্ষাৰ পাছত ফলাফল অনুসৰি গুৱাহাটীত পূর্ণ পর্যায়ৰ লকডাউনৰ বিষয়টো পুনৰ বিবেচনা কৰিব ৰাজ্য চৰকাৰে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ অচ্যুত বৈশ্যই সংবাদ মাধ্যমৰ জৰিয়তে মহানগৰবাসীক এই পৰীক্ষা সম্পন্ন কৰিবলৈ আহ্বান জনাইছে৷ বিশেষকৈ কনটেইনমেণ্ট জ’নসমূহত বাস কৰা লোকসকলক নিজাববীয়াভাৱে আগবাঢ়ি আহি মহানগৰীত ছোৱাবৰ নমুনা পৰীক্ষা কৰিবলৈ তেওঁ আহ্বান জনাইছে৷