আজমল–মহন্তৰ বোকোচাত উঠি নির্বাচন খেলাৰ অংক কংগ্রেছৰ
নিয়মীয়া বাৰ্তা ১৭ জুনঃ অহা বছৰ অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নির্বাচনৰ বাবে সমুখত মাত্র ৯টা মাহ৷ শাসক দল বিজেপিয়ে ১০০খন আসন দখল কৰি পুনৰ ৰাজ্যৰ শাসনভাৰ হস্তগত কৰাৰ বাবে ইতিমধ্যে সকলো পৰিকল্পনা সম্পূর্ণ কৰি কার্যক্ষেত্রত নামি পৰিছে৷ একক শক্তিৰে কংগ্রেছে বিজেপিক যে পৰাভূত কৰিব নোৱাৰে, সেই কথা বিৰোধী দলটোৱে ইতিমধ্যে উপলব্ধি কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত কংগ্রেছ দলে এইবাৰ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ, নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰোধিতা কৰি অহা প্রফুল্ল কুমাৰ মহন্ত, ডাঃ জয়ন্ত ৰংপি, অভিনেত্রী বৰষাৰাণী বিষয়াকে ধৰি ‘কা’বিৰোধী শক্তিৰ বোকোচাত উঠি নির্বাচনী ৰণত অৱতীর্ণ হোৱাৰ অংক কৰিছে৷ লকডাউনৰ সময়ছোৱাতেই অতি সন্তর্পণে কংগ্রেছে সেই পৰিকল্পনা প্রস্তুত কৰিছে৷ ইতিমধ্যে অতি গোপনে ৯১টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্রার্থী তালিকাও যুগুতাই উলিয়াইছে৷ অৱশ্যে প্রস্তাৱিত সেই প্রার্থী তালিকাত দলৰ হাইকমাণ্ডে এতিয়াও অনুমোদন দিয়া নাই৷ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, আটাইকেইটা দলৰ মাজত আনুষ্ঠানিক বৈঠক সম্পন্ন হোৱাৰ পাছতহে প্রস্তাৱিত প্রার্থী তালিকাই চূড়ান্ত ৰূপ পাব৷ সম্প্রতি দলকেইটাৰ নেতৃত্ব পর্যায়ত চলা মত বিনিময়ৰ আধাৰতেই সেই প্রার্থী তালিকা কংগ্রেছে প্রস্তুত কৰিছে৷ সূত্রটোৰ মতে, কংগ্রেছৰ নেতৃত্বত ৰাজ্যত পৰৱর্তী চৰকাৰ হোৱাৰ আশা কৰি সেই চৰকাৰখনত গুৰুত্বপূর্ণ স্থানত অংশগ্রহণৰ লক্ষ্যৰে অহা নির্বাচনত ধুবুৰী সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়াব সাংসদ বদৰুদ্দিন আজমলে৷ আজমলে তেওঁৰ পুত্র আব্দুৰ ৰহিম আজমলক যমুনামুখৰ পৰা প্রার্থিত্ব দিব৷ সেইদৰে ৰাজ্যৰ বিজেপি চৰকাৰৰ সৈতে ‘কা’ক লৈ বিপৰীত মেৰুত অৱস্থান লোৱা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ বঢ়মপুৰ সমষ্টিত কংগ্রেছে নিজাববীয়াকৈ কোনো প্রার্থী নিদিয়াৰ পৰিকল্পনা কৰিছে৷ একেদৰে ডিফু সমষ্টিতো ডাঃ জয়ন্ত ৰংপিক এৰি দিয়াৰ পোষকতা কৰিছে কংগ্রেছে৷ ‘কা’বিৰোধী আন্দোলনৰ অন্যতম নেতা সাংবাদিক অজিত কুমাৰ ভূঞাক ৰাজ্যসভালৈ পঠিওৱাৰ পাছত এইবাৰ কংগ্রেছৰ চকু পৰিছে অভিনেত্রী বৰষাৰাণী বিষয়ালৈ৷ অভিনেত্রী বৰষাৰাণী বিষয়াক কংগ্রেছে ৰহা অথবা জাগীৰোডৰ পৰা নির্দলীয় হিচাপে অৱতীর্ণ হোৱাটো বিচাৰিছে৷ অভিনেত্রীগৰাকীয়ে উক্ত দুটা সমষ্টিৰ ভিতৰত যি সমষ্টিৰ পৰাই নির্বাচনত অৱতীর্ণ হ’ব, সেই সমষ্টিত কংগ্রেছে নিজাববীয়াকৈ প্রার্থী থিয় কৰোৱাৰ পৰা বিৰত থাকিব৷ ইপিনে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই গৃহ সমষ্টি গহপুৰ পত্নী মণিকা বৰাক এৰি দি তেওঁ নাওবৈচা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছে৷ সেইদৰে নগাঁও লোকসভাৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে গৃহ সমষ্টি মার্ঘেৰিটাত প্রক্ষেপ কৰিব পত্নী ৰাণী বৰদলৈক৷ দিছপুৰ সমষ্টিৰ প্রাক্তন বিধায়ক অকণ বৰাই আসন্ন নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকি সমষ্টিটোত প্রক্ষেপ কৰিব পুত্র মানস বৰাক৷ কংগ্রেছৰ সূত্রটোৱে সদৰী কৰা অনুসৰি গোপন প্রার্থী তালিকা অনুসৰি উত্তৰ কৰিমগঞ্জত কমলাক্ষ দে’ পুৰকায়স্থক, দক্ষিণ কৰিমগঞ্জত আজিজ আহমেদক, পাথাৰকান্দিত বাহাৰুল ইছলামক, বদৰপুৰত জামালুদ্দিন আহমেদক, ৰাতাবাৰীত কেশৱ প্রসাদ ৰজকক, কাটলিচেৰাত ছুজামুদ্দিন লস্কৰক, আলগাপুৰত নিজামুদ্দিন আহমেদক, শিলচৰত সুস্মিতা দেৱক, সোণাইত এনামুল হক লস্কৰক, কাটলিচেৰাত কামৰুল ইছলাম চৌধুৰীক, বৰখোলাত মিছবাউল ইছলাম লস্কৰক, উদৰবন্দত অজিত সিঙক প্রার্থিত্ব দিয়াৰ পোষকতা কৰিছে৷ সেইদৰে দক্ষিণ শালমাৰাত ৱাজেদ আলী চৌধুৰীক, মানকাচৰত বদৰুদ্দিন আজমলৰ আত্মীয় আমিনুল ইছলামক, ধুবুৰীত বদৰুদ্দিন আজমলক, গোলকগঞ্জত ছুহান সৰকাৰক, বিলাসীপাৰা (পশ্চিম)ত হাফিজ বছিৰ আহমেদ কাছিমীক, গোৱালপাৰা (পূব)ত আব্দুৰ ৰছিদ আলমক, জলেশ্বৰত চাহাবুদ্দিন আহমেদক, গোসাঁইগাঁৱত ৰাজেন মুছাহাৰীক, বিজনীত জমছেৰ আলীক, দুধনৈত শিৱচৰণ বসুমতাৰীক, বঙাইগাঁৱত শংকৰপ্রসাদ ৰায়ক, অভয়াপুৰী (উত্তৰ)ত আব্দুল হাইনাগৰীক, অভয়াপুৰী (দক্ষিণ)ত প্রাক্তন মন্ত্রী প্রয়াত চন্দন সৰকাৰৰ পুত্র প্রদীপ সৰকাৰক প্রার্থিত্ব প্রদান কৰিব৷ একেদৰে জনিয়াত ৰফিকুল ইছলামক, বাঘবৰত শ্বেৰমান আলী আহমেদক, চেঙাত শুকুৰ আলী আহমেদক, সৰুক্ষেত্রীত মীনাক্ষি ৰহমানক, বৰপেটাত আব্দুৰ ৰহিম খানক, সৰভোগত ৰাজীৱ হকক, পাটাছাৰকুছিত শান্তনু শর্মাক, বৰক্ষেত্রীত দিগন্ত বর্মনক, ধর্মপুৰত ৰাতুল পাটোৱাৰীক, নলবাৰীত প্রদ্যুৎ ভূঞাক, বকোত নন্দিতা দাসক, ছয়গাঁৱত ৰেকিবুদ্দিন আহমেদক, পলাশবাৰীত মুনমী দত্তক, পশ্চিম গুৱাহাটীত বীৰেন শর্মাক, পূব গুৱাহাটীত ৰঞ্জন বৰাক, দিছপুৰত মানস বৰাক, মঙলদৈত প্রার্থপ্রতিম দাস/বসন্ত দাসক, দলগাঁৱত ইলিয়াছ আলী/মজিবুৰ ৰহমানক, কলাইগাঁৱত ৱাহিদা বেগমক, লাহৰীঘাটত ইমদাদ হুছেইনক, মৰিগাঁৱত ৰীণা পাটৰক প্রার্থিত্ব দিয়াৰ পোষকতা কৰা হৈছে৷ আনহাতে যমুনামুখত আব্দুৰ ৰহিম আজমলক, লামডিঙত স্বপন কৰক, হোজাইত ডাঃ আদিত্য লাংথাছাক, বঢ়মপুৰত প্রফুল্ল কুমাৰ মহন্তক, ৰূপহীত নুৰুল হকক, ধিঙত আমিনুল ইছলামক, চামগুৰিত ৰকিবুল হুছেইনক, কলিয়াবৰত বিন্দু গঞ্জুক, তেজপুৰত অভিজিৎ হাজৰিকাক, ঢ়েকীয়াজুলিত অপূর্ব ভট্টাচার্যক, বিশ্বনাথত সঞ্জু বৰাক, গহপুৰত মণিকা বৰাক, বিহপুৰীয়াত ভূপেন বৰাক, নাওবৈচাত ৰিপুণ বৰাক, লখিমপুৰত জয়প্রকাশ দাস/উৎপল দত্তক, ঢ়কুৱাখনাত ভৰত নৰহক প্রার্থিত্ব দিব বিচাৰিছে৷ সেইদৰে আমগুৰিত অংকিতা দত্তক, নাজিৰাত দেৱব্রত শইকীয়াক, তিতাবৰত তৰুণ গগৈক, যোৰহাটত ৰাণা গোস্বামীক, টীয়কত পল্লৱী গগৈক, গোলাঘাটত অজন্তা নেওগক, খুমটাইত বিস্মিতা গগৈক, দেৰগাঁৱত আৰতি হাজৰিকা কছাৰীক, থাওৰাত সুশান্ত বৰগোহাঁইক, মাহমৰাত সূৰুয দিহিঙীয়াক, টিংখঙত এতোৱা মুণ্ডাক, ডিগবৈত মনোজ ধানোৱাৰক, দুলীয়াজানত ঋতুপর্ণ কোঁৱৰক, নাহৰকটীয়াত প্রণতি ফুকনক, লাহোৱালত পৃথিৱী মাঝিক, ডিব্রুগড়ত ৰূপেশ গোৱালাক, ডুমডমাত দুর্গা ভূমিজক, মৰিয়নিত ৰূপজ্যোতি কুর্মীক, মার্ঘেৰিটাত সাংসদ প্রদ্যুৎ বৰদলৈৰ পত্নী ৰাণী বৰদলৈক, সোণাৰিত শৰৎ বৰকটকীৰ পুত্র অনুজ বৰকটকী/সুশীল সুড়ীক, ধেমাজিত শৈলেন সোণোৱালক, জোনাইত বলিন কুলীক, ডিফুত ডাঃ জয়ন্ত ৰংপিক, হাওৰাঘাটত খৰছিং ইংতিক প্রার্থিত্ব দিয়াৰ পোষকতা কৰা হৈছে৷ এই প্রসংগতে উল্লেনীয় এয়ে যে কংগ্রেছৰে সংখ্যালঘু সম্প্রদায়ৰ প্রাক্তন মন্ত্রী–বিধায়ক–সাংস্ আৰু নেতাৰ এটা বৃহৎ অংশই এ আই ইউ ডি এফৰে মিত্রতাৰ দুর্ঘোৰ বিৰোধিতা কৰি আহিছে৷ সেইদৰে ‘কা’ৰ বিৰোধিতাৰ ক্ষেত্রত প্রফুল্ল মহন্তকে ধৰি অগপৰ একাংশ নেতাই গ্রহণ কৰা স্থিতিক সমর্থন কৰিলেও কংগ্রেছৰ এটা অংশই কোনো ক্ষেত্রতেই অগপৰ কোনো নেতাক আসন এৰি দিয়াৰ পক্ষপাতি নহয়৷ এনে অৱস্থাত কংগ্রেছে বদৰুদ্দিন আজমল–প্রফুল্ল মহন্ত–ডাঃ জয়ন্ত ৰংপি আদিৰ বোকোচাত উঠি নির্বাচনী বৈতৰণী পাৰ হোৱাৰ যি অংক কৰিছে, সেয়া কিমানদূৰ ফলৱতী হয়, সেয়া সময়তহে ক’ব পৰা যাব৷