নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ বিধায়ক বিনন্দ শ‌ইকীয়া দুৰ্ঘটনাগ্ৰস্ত; নাৰায়ণা হাস্পতালত ভৰ্তি

নিয়মীয়া বাৰ্তা ১৭ জুনঃ ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শ‌ইকীয়া যোৱা নিশা দুৰ্ঘটনাত পতিত হৈছে।

মহানগৰীৰ সমীপৰ চাংসাৰীত তীব্ৰ বেগী ডাম্পাৰে পিছপিনৰ পৰা খুন্দা মাৰে বিধায়কৰ গাড়ীত।

উল্লেখ্য যে দিনযোৰা কাৰ্যসূচীৰে সমষ্টিৰ কেইবাটাও কাৰ্যসূচী সম্পন্ন কৰি গুৱাহাটী অভিমুখে গৈ থকাৰ পথত AS 01EJ 0777 নম্বৰৰ বাহনখনত এখন ডাম্পাৰে খুন্দা মাৰি কিছু দূৰলৈ চোচৰাই নিয়ে বিধায়কৰ গাড়ীখন।

সন্মুখৰ আন এখন গাড়ীত গৈ খুন্দা মাৰিহে ৰৈ যায় বিধায়কৰ গাড়ী। মূৰ আৰু আঠুত দুখ পোৱা বিধায়কগৰাকীক নাৰায়ণা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

অৱশ্যে প্ৰাথমিক চিকিৎসাৰ অন্তত বিধায়ক গৰাকীক যাবলৈ দিয়া হয়। সম্প্ৰতি বিপদ মুক্ত বিধায়ক গৰাকী।

উল্লেখ্য যে দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে গাড়ীখন সম্পূৰ্ণ চূচূৰ্মৈ হৈ যায়।আনকি গাড়ীৰ দৰ্জা ভাগিহে বাহিৰলৈ ওলাই আহিব লগা হয়।বিধায়কৰ
গৰাকীৰ দেহৰক্ষী কেইগৰীকেও সামান্য আঘাট প্ৰাপ্ত হয়।

You might also like