নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামাজিক সংক্রমণ বাঢ়িলেই পুনৰ লকডাউন

ওদালগুৰিত বিজেপিৰ জনসম্পর্ক অভিযানত মন্ত্রী পীয়ূষ হাজৰিকা

নিয়মীয়া বাৰ্তা ১৭ জুনঃ ক’ভিডৰ সামাজিক সংক্রমণ বৃদ্ধি পালে আৰু ৰাইজৰ অসাৱধানতাৰ বাবে গুৱাহাটীৰ লগতে ৰাজ্যৰ অন্য প্রান্তৰ পৰিস্থিতি জটিল হ’লে আকৌ জিলা পর্যায়ত হ’ব লকডাউন৷ –এই মন্তব্য ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাৰ৷ মঙলবাৰে ওদালগুৰিত বিজেপিৰ জনসম্পর্ক অভিযান মুকলি কৰি ওদালগুৰিৰ ১৩গৰাকী ব্যক্তিৰ ঘৰলৈ যোৱাৰ পিছত জিলা বিজেপিৰ কার্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত এই মন্তব্য কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ সংবাদ মেলত ৰাজ্যিক মন্ত্রীগৰাকীয়ে এই মুহূর্তত চৰকাৰৰ প্রথম আৰু প্রাথমিক কামটোই হৈছে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰি মানুহৰ জীৱন বচোৱা, কিন্তু ইয়াৰ মাজতেই চৰকাৰী আৰু দলীয় কামবোৰ চলি থাকিব৷ গুৱাহাটীৰ লোক সজাগ নহ’লে আৰু সামাজিক সংক্রমণ বৃদ্ধি পালে চৰকাৰে কঠোৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে পুনৰ লকডাউন ঘোষণা কৰিব পাৰে বুলিও উল্লেখ কৰে৷ অৱশ্যে নতুনকৈ লকডাউনৰ নীতি–নির্দেশনাসমূহ কেনেধৰণৰ হ’ব সেয়া উল্লেখ কৰাৰ পৰা বিৰত থাকে৷ তেওঁ সমাগত বিটিচি নির্বাচনত ভাৰতীয় জনতা পার্টীয়ে প্রদান কৰা পঁচিশজন প্রার্থীয়েই জয়লাভ কৰিব বুলি উল্লেখ কৰাৰ লগতে এইবাৰ বিটিচিত বিজেপি দলে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলিও দাবী কৰে৷ তেওঁ বিটিচি নির্বাচনৰ পূর্বে কোনো এটা ৰাজনৈতিক দলৰ সৈতে মিত্রতাৰ কথা সম্পূর্ণৰূপে নস্যাৎ কৰি বিজেপিলৰ উত্থানৰ বাবে সকলোৱে আমি বিজেপিৰ লগত আছোঁ বুলি ক’লেও বিজেপিয়ে নির্বাচনৰ আগত কোনো দলৰে মিত্রতা নকৰে বুলি উল্লেখ কৰে৷

২০২১ চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনৰ বাবেও বিজেপিয়ে কুচকাৱাজ আৰম্ভ কৰিছে যদিও একাংশ সংবাদ মাধ্যমত প্রকাশ হোৱাৰ প্রার্থীৰ পেনেল তালিকা সম্পূর্ণ মিছা বুলি উল্লেখ কৰাৰ লগতে কেন্দ্রীয় নেতৃত্বইহে বিজেপিৰ প্রার্থী তালিকা নির্ধাৰণ কৰিব বুলি মন্তব্য কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্রী হাজৰিকাই৷ ইয়াৰ পূর্বে তেওঁ ওদালগুৰিত বিজেপিৰ জনসম্পর্ক কার্যসূচী মুকলি কৰি ওদালগুৰিৰ ১৩জন লোকৰ ঘৰত গৈ কেন্দ্রীয় চৰকাৰৰ ছবছৰীয়া কার্যকাল আৰু অসমত চাৰি বছৰীয়া কার্যকালৰ খতিয়ান দাঙি ধৰাৰ লগতে লকডাউনৰ বাবে কর্মসংস্থাপন হেৰুৱাই বিপদত পৰা বিভিন্ন স্তৰৰ ৰাইজৰ সমস্যাৰো বুজ লয়৷ মন্ত্রী হাজৰিকাৰ ওদালগুৰি জিলা ভ্রমণ আৰু জনসম্পর্ক কার্যসূচীত সংগ দিয়ে ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা, বিৰদাও বসুমতাৰীৰ লগতে বিটিচি পৰিষদীয় নির্বাচনত ওদালগুৰি জিলাৰ ১০টা সমষ্টিত ভাৰতীয় জনতা পার্টীৰ পৰা প্রতিদ্বন্দ্বিতা কৰা প্রার্থীসকলে৷

You might also like