নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনসম্পর্ক অভিযানেৰে ৰাজ্যজুৰি নির্বাচনী ৰণডংকা বিজেপিৰ

পৰিয়ালে পৰিয়ালে গৈ মন্ত্রী–বিধায়ক নেতাই দিলে চৰকাৰী সাফল্যৰ খতিয়ান

নিয়মীয়া বাৰ্তা ১৭ জুনঃ কেন্দ্রীয় চৰকাৰৰ প্রথম বর্ষপূর্তি আৰু অসম চৰকাৰৰ চতুর্থ বর্ষপূর্তি উপলক্ষে ভাৰতীয় জনতা পার্টীয়ে আৰম্ভ কৰা জনসম্পর্ক অভিযানৰ অংশস্বৰূপে মঙলবাৰে মন্ত্রী ৰঞ্জিত দত্তই নাওবৈচা বিধানসভা সমষ্টিত পুৱা ১১ বজাত উপস্থিত হৈ এই অভিযানৰ শুভাৰম্ভ কৰে৷ সমষ্টিটোৰ অন্তর্গত কৰুণাবাৰী মণ্ডলৰ বঙালমৰাত শুভাৰম্ভ কৰা এই অভিযানৰ দ্বাৰা ৰাজ্য তথা কেন্দ্রীয় চৰকাৰে লোৱা উন্নয়নমূলক আঁচনিৰ আৰু সাম্প্রতিক পৰিস্থিতিত জনসাধাৰণে ল’ব লগা সাৱধানতা সন্দর্ভত সাধাৰণ নাগৰিকৰ সৈতে বার্তালাপ কৰে৷ মন্ত্রীগৰাকী প্রথমে বিধানসভা সমষ্টিটোৰ অন্তর্গত বঙালমৰাৰ বিদেশ্বৰ দেউৰীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লগত আলোচনাত মিলিত হয়৷ ইয়াৰ পিছতেই ক্রমে ডাঃ মহানন্দ দেউৰী, শিৱাজী বর্মন আৰু চৌহানী গাঁৱৰ ড০ বিজয় বৰা, নগেন বৰা, পূর্ণকান্ত বৰা, গোৱাল গাঁৱৰ সদানন্দ হাজৰিকাৰ গৃহত উপস্থিত হৈ বার্তালাপ কৰে মন্ত্রীগৰাকীয়ে৷ উক্ত কার্যসূচীত ৰাষ্ট্রীয় কার্যনির্বাহক ৰাও গজেন্দ্র সিং, বিজেপিৰ যুৱ নেতা হিৰণ্য পাঠৰী, ৰাজ্যিক কার্যনির্বাহক সদস্য গোবিন শইকীয়া আদি বিজেপি নেতা–কর্মীসকলে অংশ লয়৷ বিজেপিৰ কৰুণাবাৰী মণ্ডলৰ সভাপতি ভবেন শইকীয়াই আঁত ধৰা এই কার্যসূচীৰ পিছতেই মন্ত্রীগৰাকী বিধানসভা সমষ্টিটোৰ আন আন প্রান্ততো ঘৰে ঘৰে গৈ সাধাৰণ নাগৰিকৰ লগত বার্তালাপ কৰে৷ পৰৱর্তী সময়ত মণ্ডলৰ তৰফৰ পৰা ঘৰে ঘৰে গৈ কেন্দ্র আৰু ৰাজ্য চৰকাৰে জনহিতার্থে গ্রহণ কৰা আঁচনিসমূহৰ বিষয়ে অৱগত কৰে৷
চামগুৰিত মন্ত্রী ছুম ৰংহাং
মঙলবাৰে সমগ্র নগাঁও জিলাৰ চামগুৰিতো পাহাৰীয়া উন্নয়ন, খনি আৰু খনিজ দপ্তৰৰ কেবিনেট মন্ত্রী ছুম ৰংহাঙে জনসম্পর্ক অভিযানৰ শুভাৰম্ভ কৰে৷ চামগুৰি সমষ্টিৰ বাজিয়াগাঁও উন্নয়ন খণ্ডৰ অন্তর্গত ভেলেউগুৰি গাঁও পঞ্চায়তৰ অন্তর্গত শ্রীশ্রীব্রহ্মচাৰী সত্রৰ কেইবাটাও পৰিয়ালৰ ঘৰলৈ গৈ মন্ত্রীগৰাকীয়ে প্রধানমন্ত্রীৰ পত্র, অসমবাসীলৈ মুখ্যমন্ত্রীৰ পত্র আৰু আস্থা আৰু বিশ্বাসৰ অনন্য যাত্রা নামেৰে তিনিখনকৈ প্রচাৰ পত্রিকা বিতৰণ কৰাৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰে৷ বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি বীৰেন শইকীয়াৰ বাসগৃহৰ পৰা শুভাৰম্ভ কৰা উক্ত কার্যসূচীত কলিয়াবৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক বিৰাজ কুমাৰ নন্দী, সম্পাদক প্রাণজিৎ বৰা, চামগুৰি জিলা পৰিষদৰ সদস্যা ৰীতা কাকতি বৰা, ভেলেউগুৰি গাঁও পঞ্চায়তৰ সভানেত্রী নিৰমাই দাসকে ধৰি বহুকেইগৰাকী নেতা–কর্মীয়ে অংশগ্রহণ কৰে৷ জনসম্পর্ক অভিযানত মন্ত্রীগৰাকীয়ে আজি ৰাইজৰ আগত ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ উন্নয়নৰ খতিয়ানসমূহ দাঙি ধৰাৰ লগতে আগন্তুক নির্বাচনত ৰাইজক জাতি,বর্ণ, ধর্ম, ভাষা নির্বিশেষে সকলোকে সহায়–সহযোগ কৰি দলটোৰ ভেটি শক্তিশালী কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে কংগ্রেছৰ দুর্গৰূপে খ্যাত চামগুৰি সমষ্টিত ৰকিবুল হুছেইনক প্রতিহত কৰিবলৈ তথা চামগুৰি সমষ্টিবাসীৰ সর্বাংগীণ উন্নয়নৰ স্বার্থত স্থানীয় বিজেপি নেতাক এইবাৰ দলীয় টিকট দি দলক শক্তিশালী কৰাৰ পোষকতা কৰে মন্ত্রীগৰাকীয়ে৷
বালিপৰাত বিজেপিৰ জনসম্পর্ক অভিযান
মঙলবাৰে শোণিতপুৰৰ বালিপৰাতো ভাৰতীয় জনতা পার্টীৰ জনসম্পর্ক অভিযান আৰম্ভ কৰা হয়৷ বিজেপিৰ বালিপৰা ব্লক মণ্ডলৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায় উপস্থিত থাকিবালিপৰা ব্লকৰ অধীনৰ দহটাকৈ পৰিয়ালৰ ঘৰত পৰিভ্রমণ কৰি পৰিয়ালকেইটাৰ মুৰব্বীৰ সৈতে দলৰ কার্যাৱলী, জনসম্পর্ক অভিযানৰ লক্ষ্য–উদ্দেশ্যেৰ বিষয়ে মত বিনিময় কৰি মাস্ক আৰু ছেনিটাইজৰ আগবঢ়ায়৷ লগতে প্রধানমন্ত্রী আৰু মুখ্যমন্ত্রীৰ পত্র প্রদান কৰে৷ অনুষ্ঠানটোত বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়া, ব্লক মণ্ডলৰ সভাপতি ধ্রুৱ গগৈ, বালিপৰা পঞ্চায়তৰ সভানেত্রী বীণা হাজৰিকা, যুৱ মর্চাৰ মৃদুস্মিতা দাসৰ লগতে ব্লক মণ্ডল, যুৱ মর্চাৰ বিষয়ববীয়া, তৃণমূল পর্যায়ৰ নেতা–কর্মী উপস্থিত থাকে৷
পাথৰিঘাটত বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ জনসম্পর্ক অভিযান
মঙলবাৰে ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই সমষ্টিটোত এই কার্যসূচীৰ শুভাৰম্ভ কৰে৷ সমষ্টিটোৰ খটৰা গাঁৱত বিধায়কগৰাকীয়ে দহগৰাকী লোকৰ ঘৰলৈ গৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পত্র গৃহস্থক প্রদান কৰে৷ খটৰা সত্রৰ সভাপতি যাদৱ চন্দ্র মহন্তৰ গৃহত প্রৱেশ কৰি বিধায়ক শইকীয়াই বিগত চাৰি বছৰে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে দেখুওৱা পৰিৱর্তনৰ খতিয়ান দাঙি ধৰাৰ লগতে সম্প্রতি চলি থকা ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণৰ পৰা ৰক্ষা পাবলৈ গৃহস্থক মাস্ক আৰু ছেনিটাইজাৰ প্রদান কৰে৷ বিধায়কগৰাকীক এই কার্যসূচীত সহযোগিতা আগবঢ়ায় দৰং জিলা ভাৰতীয় জনতা পার্টীৰ সাধাৰণ সম্পাদক মিহিৰ চহৰীয়া, পাথৰিঘাট মণ্ডল বিজেপিৰ সভাপতি হৰেন ডেকা, সম্পাদক ৰুক্ম বৰা, উপ–সভাপতি দীপক ৰায় বৰুৱা, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্র ডেকা আৰু দলীয় কার্যকর্তাই৷
পলাশবাৰীত বিধায়ক প্রণৱ কলিতাৰ জনসম্পর্ক অভিযান
দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, কিষাণ মর্চাৰ ৰাষ্ট্রীয় কার্যনির্বাহক সদস্য লক্ষ্যধৰ তালুকদাৰ, জিলা পৰিষদৰ সদস্যা তৰালি তালুকদাৰকে ধৰি কেইবাগৰাকীও বিজেপি কর্মীক লগত লৈ পলাশবাৰীৰ বিধায়ক প্রণৱ কলিতাই উপৰহালী গাঁও পঞ্চায়তৰ ৬৩নং বুথত এই কার্যসূচীৰ শুভাৰম্ভ কৰে৷ গাঁওখনৰ দহটা পৰিয়ালৰ ঘৰে ঘৰে গৈ সামাজিক দূৰত্ব বজাই ৰাখি জনসম্পর্ক অভিযান কার্যসূচীৰ সবিশেষ জানিবলৈ দি পৰিয়ালসমূহৰ সৈতে আলোচনাত মিলিত হয়৷
হালাকুৰাত বিজেপিৰ জনসম্পর্ক যাত্রা আৰম্ভ
গোলকগঞ্জ সমষ্টিৰ বিধায়ক তথা অ’বিচি উন্নয়ন পৰিষদৰ অধ্যক্ষ অশ্বিনী ৰায় সৰকাৰে মঙলবাৰে হালাকুৰা এলেকাৰ বহু পৰিয়ালৰ কাষলৈ গৈ চৰকাৰৰ কাম–কাজক লৈ আলোচনা কৰে৷ লগতে গাঁওখনৰ ঘৰে ঘৰে গৈ প্রতিটো পৰিয়ালক সাক্ষাৎ কৰি প্রধানমন্ত্রী আৰু মুখ্যমন্ত্রীয়ে দিয়া এখনকৈ প্রতিবেদন প্রদান কৰাৰ লগতে দলীয় মালা আৰু টুপীৰে সম্বর্ধনা জনায়৷ লগতে গোলকগঞ্জ সমষ্টিৰ ছাগলীয়াৰ উপৰি হালাকুৰা, জিনকাটাকে ধৰি বহুকেইটা অঞ্চলত ৰাইজৰ লগত সাক্ষাৎ কৰে বিধায়কগৰাকীয়ে৷ বিধায়কগৰাকীক সংগ দিয়ে দলটোৰ আগমনি ব্লক কমিটীৰ সভাপতি দীপক কুমাৰ দাস, হালাকুৰা পঞ্চায়তৰ সভাপতি প্রণতি ভকত আদি অর্ধশতাধিক কর্মীয়ে৷
ধুবুৰীত বিজেপিৰ জনসম্পর্ক অভিযানৰ আৰম্ভণি
ধুবুৰীতো মঙলবাৰৰ পৰা বিজেপিয়ে আৰম্ভ কৰিছে জনসম্পর্ক অভিযান৷ মঙলবাৰৰ চহৰখনৰ ২নং ৱার্ডৰ বাসিন্দা তথা বিশিষ্ট অধিবক্তা সুদীপ্ত কুমাৰ ৰায়ৰ বাসগৃহৰ পৰা দলটোৰ অসম প্রদেশৰ ৰাজ্যিক কার্যনির্বাহক নৱ বৈশ্যই উক্ত কার্যসূচীৰ শুভাৰম্ভ কৰে৷ এই জনসম্পর্ক অভিযানত বৈশ্যৰ উপৰি বিজেপিৰ ধুবুৰী জিলা সভাপতি ডাঃ দেৱময় সান্ন্যালকে ধৰি মঙলবাৰৰ বিজেপিৰ বিষয়ববীয়াসকলেও অংশ লয়৷ জিলাখনৰ গৌৰীপুৰ আৰু গোলকগঞ্জ সমষ্টিতো মঙলবাৰৰ জনসম্পর্ক কার্যসূচীৰ শুভাৰম্ভ কৰা হয় বুলি ধুবুৰী জিলা বিজেপিৰ জিলা সম্পাদক নবীন চন্দ্র সৰকাৰে বিজ্ঞপ্তিযোগে জানিবলৈ দিছে৷
বটদ্রৱাত বিধায়িকা আঙুৰলতাৰ জনসম্পর্ক যাত্রাৰ শুভাৰম্ভণি
জন সম্পর্ক যাত্রাৰ অংশ হিচাপে বটদ্রৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই মঙলবাৰৰ বটদ্রৱা সমষ্টিৰ ধিং পৌৰসভা এলেকাৰ ১০টা পৰিয়ালত গৈ চৰকাৰৰ কাম–কাজসমূহক লৈ তেওঁলোকৰ পৰা মতামত জনাৰ চেষ্টা কৰে৷ প্রায়সংখ্যক পৰিয়ালে চৰকাৰৰ অধিকাংশ কামতে সন্তোষ প্রকাশ কৰা বুলি উল্লেখ কৰে৷ আনহাতে অসম চৰকাৰৰ চতুর্থ বর্ষপূর্তি উপলক্ষে এখন প্রচাৰ পত্রিকাও ঘৰে ঘৰে বিতৰণ কৰে বিধায়িকাগৰাকীয়ে৷
গহপুৰত বিধায়ক উৎপল বৰাৰ জনসম্পর্ক অভিযান
গহপুৰতো বিধায়ক উৎপল বৰাই মঙলবাৰৰ গোপালপুৰ পঞ্চায়তৰ ১০টা পৰিয়ালৰ গৃহত উপস্থিত হৈ নৰেন্দ্র মোদী আৰু সর্বানন্দ সোণোৱালৰ নেতৃত্বত ভাৰতবর্ষত উন্নয়ন–প্রগতি আৰু আত্মনির্ভৰশীল হোৱাত বিজেপি চৰকাৰে কি কি ব্যৱস্থা তথা আঁচনি লৈছে, সেই সম্পর্কে জনাবৰ বাবে দুখন পত্র আৰু এখন ফুলাম গামোচা প্রদান কৰে৷
ঢকুৱাখনাত বিজেপিৰ জনসম্পর্ক অভিযান
ঢকুৱাখনাতো জিলা বিজেপিয়ে জনসম্পর্ক অভিযানৰ কার্যসূচী ৰূপায়ণ কৰে৷ ঢকুৱাখনা মঙলবাৰৰ বিজেপিৰ সভাপতি প্রদীপ চমুৱা আৰু ঢকুৱাখনা সমষ্টি জনসম্পর্ক অভিযানৰ তত্ত্বাৱধায়ক তথা অন্যান্য পিছপৰা শ্রেণী মর্চাৰ ৰাজ্যিক সভাপতি বিতোপন ৰাইদঙীয়াৰ নেতৃত্বত জিলা বিজেপিৰ কর্মকর্তাসকলে ঢকুৱাখনা নগৰৰ কুশল গগৈ, কুশল হাজৰিকা, কুল দত্ত, চিত্তৰঞ্জন দাস, প্রফুল্ল চুতীয়া আদি ১৪গৰাকীকৈ বিশিষ্ট ব্যক্তিৰ গৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে মত বিনিময় কৰে৷ এই কার্যসূচীত জিলা জনতা যুৱ মর্চাৰ সভাপতি হেমন্ত গগৈ ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি সুনীল দলে প্রমুখ্যে জিলা তথা মণ্ডলৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷
ছয়গাঁৱত জনসম্পর্কৰ শুভাৰম্ভ কৰিলে বিজয়া চক্রৱর্তীয়ে
কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ চণ্ডিকাত  দিনৰ ১১ বজাত প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা গুৱাহাটী লোকসভা সমষ্টিৰ প্রাক্তন সাংসদ বিজয়া চক্রৱর্তীয়ে জনসম্পর্ক অভিযানৰ শুভাৰম্ভ কৰে৷ চণ্ডিকাৰ বাণেশ্বৰ দাস, মালতী দাস, ভবানী দাস, গৌতম দাস, বীৰেন দাস, কমল দাস, অশোক দাস, দীপালী দাস, জীৱন দাস আৰু কালীপদ দাসৰ বাসগৃহত সম্পূর্ণ সামাজিক দূৰত্ব বজাই ৰাখি মুখত মাস্ক পৰিধান কৰি প্রধানমন্ত্রীৰ পত্র আৰু মুখ্যমন্ত্রীৰ পত্র প্রদানৰ অভিযানত প্রাক্তন মন্ত্রীগৰাকীৰ লগত উপস্থিত থাকে ভাৰতীয় জনতা পার্টীৰ ৰাজ্যিক কার্যনির্বাহক সদস্য ভূপেন কলিতা, ভাৰতীয় জনতা পার্টীৰ দক্ষিণ কামৰূপ জিলাৰ উপ–সভাপতি প্রদীপ কুমাৰ চৌধুৰী, ভাৰতীয় জনতা পার্টীৰ দক্ষিণ কামৰূপ জিলাৰ সম্পাদক লংকেশ্বৰ কলিতা, ভাৰতীয় জনতা পার্টীৰ ছয়গাঁও মণ্ডলৰ সভাপতি প্রফুল্ল মেধি, গৰৈমাৰী মণ্ডলৰ সভাপতি আক্রাম হুছেইন, বনগাঁও মণ্ডলৰ সভানেত্রী লাৱণ্য বডোৰ লগতে বিজেপিৰ নেতা–কর্মীসকল৷
বিশ্বনাথত জনসম্পর্কৰ শুভাৰম্ভ বিধায়ক প্রমোদ বৰঠাকুৰৰ
মঙলবাৰে চতিয়া বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্রমোদ বৰঠাকুৰে জনসম্পর্ক অভিযানৰ শুভাৰম্ভ কৰে৷ তেওঁ চতিয়াৰ খাটোৱাল গাঁৱত উপস্থিত হৈ বিধায়কজনে একাংশ বিজেপিৰ নেতা–কর্মীক লগত লৈ চতিয়াৰ বিভিন্ন প্রান্তৰ লোকসকলৰ ঘৰে ঘৰে যায়৷
বৰপেটাত বিজেপিৰ জনসম্পর্ক অভিযান
নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ প্রথম বর্ষপূর্তি আৰু সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুর্থ বর্ষপূর্তি উপলক্ষে ৰাজ্যজুৰি বিজেপিয়ে মঙবাৰৰ পৰা জনসম্পর্ক অভিযান আৰম্ভ কৰিছে৷ বৰপেটা সমষ্টিত এই কার্যসূচী আৰম্ভ কৰা হয়৷ ৰাজ্যিক বিজেপিৰ মুখপাত্রগৰাকীয়ে বৰপেটাৰ বিশিষ্ট সাহিত্যিক শিক্ষাৰত্ন অক্ষয় কুমাৰ মিশ্র, শিক্ষাবিদ অর্জুন দাস, সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্র, লেখিকা নিৰুপমা মিশ্র আৰু চন্দ্রকান্ত দাসক সাক্ষাৎ কৰি জনসম্পর্ক অভিযানৰ উদ্দেশ্য অৱগত কৰে৷ অভিযানত বৰপেটা জিলা বিজেপিৰ সাধাৰণ সম্পাদক নৱ কুমাৰ দাস, বৰপেটা নগৰ মণ্ডল বিজেপিৰ সভাপতি প্রাণগোপাল দাস আৰু বৰপেটা জিলা বিজেপিৰ উপ–সভানেত্রী জয়া দাস বৰুৱাও উপস্থিত থাকে৷
ৰঙিয়াত ৰাইজৰ লগত মত বিনিময় পৱিত্র মার্ঘেৰিটাৰ
ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে ৰঙিয়াতো বিজেপিয়ে আৰম্ভ কৰিছে ‘জনসম্পর্ক অভিযান’৷ এই কার্যসূচী ৰূপায়ণ কৰাৰ বাবে ৰঙিয়াত মঙলবাৰৰ ৰাজ্যিক বিজেপিৰ মুখপাত্র পৱিত্র মার্ঘেৰিটা উপস্থিত হয়৷ উদ্বোধনী কার্যসূচীত মুখপাত্র মার্ঘেৰিটাই বিজেপিৰ কর্মকর্তাসকলৰ লগত গৈ ৰঙিয়াৰ কেইবাটাও পৰিয়ালক সাক্ষাৎ কৰি ভাবৰ আদান–প্রদান কৰাৰ উপৰি সাম্প্রতিক সময়ৰ সমস্যাৰাজিৰ বুজ লয়৷ কার্যসূচীত বিজেপিৰ মহিলা নেত্রী সুৰভি লহকৰ, উত্তৰ কামৰূপ জিলা বিজেপিৰ উপ–সভাপতি নিপন ভূঞা, সম্পাদক বিদ্যুৎ ডেকা, খনীন্দ্র কলিতা, সুবল পাল আদি ভালেকেইগৰাকী নেতা উপস্থিত থাকে৷
নলবাৰীত বিজেপিৰ জনসম্পর্ক অভিযান
স্থানীয় বিধায়ক অশোক শর্মাৰ সৈতে বিজেপিৰ কর্মকর্তাসকলে নলবাৰীত ভালেকেইটা পৰিয়ালৰ কাষলৈ যায়৷ নলবাৰী জিলা সাহিত্য সভাৰ নৱনির্বাচিত সভাপতি ধ্রুৱজ্যোতি শর্মাৰ চহৰস্থিত ঘৰলৈ গৈ জিলাখনৰ বিজেপি নেতৃত্বই তেওঁৰ হাতত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ দুখন পত্র প্রদান কৰে৷ লগতে বিজেপি চৰকাৰৰ কাম–কাজৰ খতিয়ান থকা এখন পুস্তিকা প্রদান কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতিগৰাকীক৷ নলবাৰীত এই কার্যসূচী আজি বালিলেছাত আৰম্ভ কৰা হয়৷ স্থানীয় বিধায়ক অশোক শর্মাই জানিবলৈ দিয়া মতে সমষ্টিটোত তেওঁলোকে ৩০ হাজাৰ পৰিয়ালৰ কাষলৈ যোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ মঙলবাৰৰ জনসম্পর্ক অভিযানত বিধায়ক অশোক শর্মা, বিজেপিৰ জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, বিজেপি নেতা প্রতুল কলিতাকে ধৰি ভালেকেইগৰাকী নেতা উপস্থিত থাকে৷
বঙাইগাঁৱত বিজেপিৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ জনসম্পর্ক কার্যসূচী শুভাৰম্ভ
বঙাইগাঁৱত মঙলবাৰে জনসম্পর্ক কার্যসূচীৰ শুভাৰম্ভ কৰে মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ প্রথমতে মন্ত্রীজনে কমতাৰত্ন অম্বিকা চৰণ চৌধুৰীৰ বৰপাৰাস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালৰে মত বিনিময় কৰে৷ ইয়াৰ পিছতে বিভিন্ন অঞ্চলৰ লোকৰ সৈতে মন্ত্রীজনে জনসম্পর্ক কার্যসূচীৰ অংশ হিচাপে মত বিনিময় কৰে৷

You might also like