নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাহাকাৰঃ নগাঁৱত দুদিনতে আহিল বহিঃৰাজ্যত আবদ্ধ ১৮শ লোক

শংকিত জনসাধাৰণঃ নিদ্রাহৰণ প্রশাসনৰ

নিয়মীয়া বাৰ্তা ১৭ জুনঃ দ্রুতগতিত বৃদ্ধি পাইছে বহিঃৰাজ্যৰ পৰা নগাঁৱলৈ অহা লোকৰ সংখ্যা৷ নগাঁও জিলা প্রশাসনৰ এক সূত্রই জনোৱা মতে, কালি সন্ধিয়া আৰু মঙলবাৰে জিলাখনলৈ বহিঃৰাজ্যত আবদ্ধ নগাঁৱৰ ১,৮০০ৰো অধিক লোক আহিছে৷ সোমবাৰ আৰু মঙলবাৰে সর্বাধিক লোক বহিঃৰাজ্যৰ পৰা নগাঁৱলৈ আহিছে৷ মহাৰাষ্ট্রৰ, তামিলনাডু, হাৰিয়ানা, উত্তৰ প্রদেশ, তেলেংগানা, গুজৰাট, কেৰালা, দিল্লী আদিৰ পৰা প্রতিদিনেই নগাঁৱলৈ লোকসকল আহি আছে৷ লোকসকলক কোৱাৰেণ্টাইন কৰিবৰ বাবে জিলা প্রশাসনে নগাঁও চহৰৰ কেইবাখনো শিক্ষানুষ্ঠানকে ধৰি জিলাখনৰ আন কেইবাটাও স্থানত কোৱাৰেণ্টাইন কেন্দ্র স্থাপন কৰিছে৷ জিলাখনত মঙলবাৰৰ দিনটোত নতুনকৈ ৫টা কোৱাৰেণ্টাইন কেন্দ্র স্থাপন কৰা হৈছে৷ মঙলবাৰৰ দিনটোত নগাঁৱৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্রত ২,৫৪৫গৰাকী লোক কোৱাৰেণ্টাইন হৈ আছে৷ এই লোকসকলৰ ছোৱাব নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্রেৰণৰ ব্যৱস্থা কৰিছে৷ এই বাতৰি লিখা সময়লৈকে বহিঃৰাজ্যৰ পৰা অহা লোকৰ পঞ্জীয়নৰ কাম চলি আছে৷ আজি অহা লোকসকলক লৈ নগাঁওবাসী চিন্তিত হৈ পৰিছে৷ লোকসকলৰ মাজতো ক’ৰোনাত আক্রান্ত থাকিব পাৰে বুলি সচেতন মহলে উদ্বিগ্ণতা প্রকাশ কৰিছে৷

You might also like