নিয়মীয়া বাৰ্তা, ১৭জুনঃ BPFৰ সৈতে বিজেপিৰ কোনো সংঘাত নাই। তামুলপুৰত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। BTCৰ নিৰ্বাচন সোনকালে হোৱাটো বিচাৰো। বিজেপি দলৰ লগতে ৰাজ্য়িক কেবিনেটেও ৰাজ্যিক নিৰ্বাচনী আয়োগক নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰিবৰ বাবে অনুৰোধ জনাইছে।
নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বত চৰকাৰখনে ৰাইজৰ স্বাৰ্থত কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৱক অষ্টলক্ষ্মী হিচাপে প্ৰতিষ্ঠা কৰিছে। ক’ভিড, বাঘজান সকলোতে এই চৰকাৰখনে সমুখৰ পৰা নেতৃত্ব দি অসমৰ ৰাইজৰ আশা-আকাংক্ষাবোৰ পূৰণ কৰিছে।
ক’ভিডৰ সময়ত ৰাইজ কেনেকৈ আছে এই বিষয়ে জানিবলৈ অসমৰ প্ৰতিটো সমষ্টিৰ ১০ঘৰ লোকৰ ঘৰলৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিয়ে। সেই উদ্দেশ্যই তামুলপুৰত উপস্থিত হয় মন্ত্ৰী ড০ শৰ্মা।
BTC নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে BTCত বিজেপিৰ প্ৰাৰ্থী আছে, গতিকে বিজেপিৰ প্ৰতিজন প্ৰাৰ্থী জয়ী হোৱাটো আমি বিচাৰো। সেই উদ্দেশ্য আমি সাংগঠানিক কাম-কাজ বৃদ্ধি কৰিছো।
পৰিবৰ্তনৰ বাবে BTCত বিজেপিৰ প্ৰয়োজন আছে। বিজেপি অবিহনে BTCত চৰকাৰ এখন হ’লে প্ৰতিটো জনগোষ্ঠীয়ে সুৰক্ষা কেতিয়াও পাব নোৱাৰে। BTCৰ পৰৱৰ্তী চৰকাৰখনত বিজেপিৰ ভূমিকা প্ৰভাৱশালী আৰু সক্ৰিয় হ’ব লাগিব। যদিহে এইটো সম্ভৱ হয় তেন্তে BTCৰ সকলো শ্ৰেণীৰ লোকে ন্যায় পাব আৰু উন্নয়ন সম্ভৱ হ’ব বুলিও সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।