নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত Covid 19 ত আক্ৰান্তহৈ সুস্থ হোৱা লোকৰ দেহত পুনৰ Covid ৰ বিজাণু

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ তামিলনাডুৰ পৰা শ্ৰমিক এক্সপ্ৰেছৰে অসমলৈ অহা বিশ্বনাথৰ চতিয়া কৰৈয়নীৰ ৰুদ্ৰবাহাদুৰ চেত্ৰী(৩০) ৰ দেহত ২৯ মে’ত Covid + পোৱাত তেওঁক তেজপুৰ মেডিকেল কলেজত ৩০ মে’ত ভৰ্ত্তি কৰোৱা হৈছিল ৷

তেওঁ সুস্থ হৈ পৰাত তেওঁক হোম কোৱাইন্টাইনৰ বাবে ঘৰলৈ পঠোৱা হয়৷ গাঁৱৰ ৰাইজে কৰৈয়নীৰ নামঘৰত তেওঁক কোৱাইন্টাইনত ৰখাৰ সময়তে তেওঁৰ জ্বৰ আৰু কাঁহ হোৱাত তেওঁক বিশ্বনাথ চাৰিআলি চিভিল হস্পিতালৰ আইচুলেচন ৱাৰ্ডত যোৱা ১২ মে’ত ভৰ্ত্তি কৰোৱা হয়৷ কিন্তু আজি তেওঁৰ দেহত পুনৰ Covid + পোৱা যায় ৷

উল্লেখ্য যে,দ্বিতীয় বাৰৰ বাবে Covid আক্ৰান্ত হোৱা ৰুদ্ৰ বাহাদুৰৰ সৈতে গাঁৱৰ নামঘৰত চেন্নাইৰ পৰা অহা সাগৰ মতে আৰু কেশৱ গেৱাল নামৰ যুৱক দুজনো কোৱাইন্টাইন হৈ আছিল ৷ স্বাস্থ্য বিভাগে ৰুদ্ৰৰ সংস্পৰ্শলৈ অহা লোকৰ অনুসন্ধান কৰি Swab সংগ্ৰহৰ ব্যৱস্থা কৰিছে ৷

You might also like