এছ টি এফ-আৰক্ষীৰ যৌথ অভিযানত ৪ চোৰাং চিকাৰী গ্ৰেপ্তাৰ; গুলি সহ ৬টা মোবাইল জব্দ
নিয়মীয়া বাৰ্তা, ১৭ জুনঃ এছ টি এফৰ নেতৃত্বত নগাওঁ জিলাৰ জখলাবন্ধা, কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰক্ষী থানাৰ আৰক্ষী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ সহযোগত যোৱানিশা অভিযান চলাই চাৰিজন দুধৰ্ষ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী কেইজন হল কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানা এলেকাৰ কাংবুড়া টকবি (২৭), হেমৰাই ইংতি(৪২), নগাওঁ জিলাৰ কামপুৰ থানাৰ অন্তৰ্গত কাৱৈমাৰীৰ জমিৰ আলি(৩৭), আৰু জখলাবন্ধা থানাৰ অন্তৰ্গত কুঠৰী ৰজা আলিৰ ৰচিদ আলি ওৰফে বাবুল(৩৬)। এই চোৰাং চিকাৰী কেইটাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ পৰিকল্পনা কৰাৰ বিষয়ে এছ টি এফ বাহিনীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি প্ৰথমে জখলাবন্ধা আৰক্ষীৰ সহযোগত দুটা ভাগত বিভক্ত হৈ কাজিৰঙাৰ দাঁতি কাষৰীয়া কুঠৰীৰ ৰজাআলিৰ ৰচিদ আলি আৰু কামপুৰৰ জমিৰ আলিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
লগতে অভিযানকাৰী দলটোৱে ৰচিদ আলিৰ বাসগৃহৰ পৰা থ্ৰী নট থ্ৰী ৰাইফলৰ ৫ জাই সজীৱ গুলি উদ্ধাৰ কৰে। এই দুই চোৰাং চিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযানকাৰী দলটোৱে হাওৰাঘাট আৰক্ষীৰ সহযোগত আন দুই চোৰাং চিকাৰী কাংবুৰা টকবি আৰু হেমৰাই ইংতিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে এসময়ত এছ টি এফ আৰু আৰক্ষী বাহিনীৰ চোৰাংচোৱা ৰূপে চোৰাং চিকাৰীৰ বিৰুদ্ধে গোপন তথ্য যোগান ধৰি অহা ৰচিদ আলি শেহতীয়াকৈ কি দৰে গড় চিকাৰীৰ লগত জড়িত হল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।
আজি জখলাবন্ধা থানাত এক সংবাদ মেল আয়োজন কৰি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে চাৰিজনকৈ চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰাটো আৰক্ষীৰ এক বৃহৎ সফলতা বুলি দাবী কৰে। সংবাদমেলত চোৰাং চিকাৰী কেইটাৰ পৰা জব্দ কৰা সজীৱ গুলি আৰু ৬ টা মোবাইল প্ৰদৰ্শন কৰি আৰক্ষী বিষয়া গৰাকীয়ে কয়, ” ২০১১-১৮ চনৰ ভিতৰত চোৰাং চিকাৰীৰ হাতত ৬৪ টা গড় হত্যা হোৱাৰ বিপৰীতে বিগত ডেৰটা বছৰে আৰক্ষী আৰু বন বিভাগৰ কঠোৰ স্থিতিৰ বাবেই গড় হত্যাৰ পৰা ৰক্ষা পৰিছে কাজিৰঙা।