নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ঋতুপৰ্ণ পেগুলৈ নিখিল বড়ো ছাত্ৰ সন্থা ( এবছু)ৰ শ্ৰদ্ধাঞ্জলী

নিয়মীয়া বাৰ্তা, ১৭ জুনঃজঘন্য হত্যাকাণ্ডত গুৱাহাটীৰ নুনমাটিত কৰুণভাবে মৃত্যুক আকোৱালী লোৱা ঋতুপৰ্ণ পেগুলৈ শ্ৰদ্ধাঞ্জলী জনাইছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুয়ে।

এবছুৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আজি জোনাই আঞ্চলিক এবছুৰ কাৰ্য্যালয়ত সন্ধিয়া ৬-৩০ বজাত ঋতুপৰ্ণ পেগুৰ প্ৰতিচ্চবিত মমবাতি জ্বলাই শ্ৰদ্ধাঞ্জলী জনোৱা হয় । নৃশংসভাবে হানি খুচি, ডিঙিত ৰেপি হত্যা কৰা ঋতুপৰ্ণ পেগুৰ প্ৰতি জনোৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি শিৱৰাম বসুমতাৰী, উপ সভাপতি লকেন বসুমতাৰী, সৌৰ্জিত নাৰ্জাৰী, উপদেষ্টা হিৰণ্য স্বৰ্গীয়াৰী, এবছুৰ জোনাই, মধ্য জোনাই, চিমেন চাপৰি আঞ্চলিক সমিতিৰ নেতৃবৃন্দ উপস্থিত থাকে।

ধেমাজি জিলা এবছুৰ সাধাৰণ সম্পাদক উদাং বি বডোছাই আতঁধৰা অনুষ্ঠানত টিএমপিকেৰ প্ৰচাৰ সম্পাদক তুষাৰ ঙাটে, জোনাই জিলা সমিতিৰ সম্পাদক বিধান মিলি প্ৰমুখ্যে বহু সংখ্যক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত ধেমাজি জিলা এবছুৰ সভাপতি শিৱৰাম বসুমতাৰীয়ে গুৱাহাটীৰ দৰে ঠাইত দিনদুপৰতে নৃশংসভাবে হত্যাকাণ্ড সংঘটিত কৰি নিৰীহ যুৱকক হত্যা কৰা হত্যাকাৰীৰ ফাঁচীৰ দাবী তোলাৰ লগতে ঋতুপৰ্ণ পেগুৰ পৰিয়ালক আৰ্থিকভাৱে সুব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

You might also like