জনসম্পৰ্ক জনতাৰ পদূলিত মুখ্যমন্ত্রী–স্বাস্থ্যমন্ত্ৰী
নিয়মীয়া বাৰ্তা ১৮ জুনঃ নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ দ্বিতীয় কার্যকালৰ প্রথম বর্ষপূর্তি আৰু ৰাজ্যৰ সর্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰে শাসনৰ চাৰিটা বছৰ অতিক্রম কৰা মুহূর্ততে বিজেপিয়ে সমাগত ২০২১ চনৰ নির্বাচনত পুনৰ দিছপুৰ দখলৰ লক্ষ্য লৈ ভিতৰি ভিতৰি আৰম্ভ কৰিছে ব্যাপক তৎপৰতা৷ গেৰুৱা দলটোৱে এই লক্ষ্যক বাস্তৱায়িত কৰাৰ বাবে সম্প্রতি অৱলম্বন কৰিছে বিশেষ কৌশল৷ তাৰে অংশ হিচাপে বিজেপিয়ে ৰাজ্যৰ প্রতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ প্রতিজন নাগৰিকৰ খা–খবৰ লোৱাৰ উদ্দেশ্যে কালিৰ পৰা আৰম্ভ কৰিছে ‘জনসম্পর্ক অভিযান’ শীর্ষক কার্যসূচীৰ৷ উল্লেখ্য যে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনৰ বিগত চাৰিটা বছৰৰ সফলতাৰ বিষয়ে বিজেপিয়ে ৰাজ্যবাসীৰ ঘৰে ঘৰে গৈ অৱগত কৰোৱাই দলটোৰ প্রতি আৰু অধিক সমর্থন আদায় কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই জনসম্পর্ক অভিযানৰ শুভাৰম্ভ কৰিবলৈ বুধবাৰে কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়াত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ মুখ্যমন্ত্রী সোণোৱালে প্রথমে ছমৰীয়া সত্রৰ শ্রীশ্রীবৰবিষ্ণু আতাৰ থানত পদার্পণ কৰে৷ সত্রৰ গায়ন–বায়ন আৰু ভকতবৃন্দই তেওঁক আদৰি নিয়াৰ লগতে উষ্ম সম্বর্ধনা জনায় মুখ্যমন্ত্রীগৰাকীক৷ মুখ্যমন্ত্রীগৰাকীয়ে সত্রত সেৱা জনোৱাৰ পাছত সত্রৰ গুৰু আসন গৃহত সত্র পৰিচালনা সমিতি আৰু ইয়াৰ ধর্মপ্রাণ ৰাইজৰ সৈতে এখন বৈঠকত মিলিত হয়৷ বৈঠকত মুখ্যমন্ত্রীগৰাকীয়ে সত্রৰ বিভিন্ন সমস্যা আৰু আন্তঃগাঁথনিৰ ওপৰত আলোচনা কৰে৷ ইয়াৰ পাছতে বিজেপিৰ জনসম্পর্ক অভিযানৰ অংশ হিচাপে ছমৰীয়া সত্রৰ ১৪টা বাসগৃহত পদার্পণ কৰে৷ সত্রৰ নিৱাসী ধৰণী শর্মা, প্রদীপ মহন্ত, মামণি কলিতা, হর্ষ বায়ন, বিজয় মজুমদাৰ, মনোজ মজুমদাৰ, কর্মেশ্বৰ বৰা, দীপা অধিকাৰী, বিপুল খাটনীয়াৰ, তৰুণ কলিতা, মদন কলিতা, কামিনীকান্ত অধিকাৰী, পার্থকৃষ্ণ অধিকাৰী আৰু ৰমণীকান্ত অধিকাৰীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে চৰকাৰৰ সাফল্যৰ পুস্তিকা প্রদান কৰে৷ বিজেপিৰ জনসম্পর্ক অভিযানৰ অন্তত মুখ্যমন্ত্রী সোণোৱালে সাংবাদিকৰ আগত গুৰুজনাৰ আদর্শৰে প্রতিষ্ঠা লাভ কৰা ঐতিহাসিক ছমৰীয়া সত্রৰ উন্নয়ন তথা পর্যটনস্থলী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে লোৱা ব্যৱস্থা সম্পর্কত উল্লেখ কৰে৷ লগতে ভাৰতবর্ষৰ ভিতৰতে ছমৰীয়া সত্রখন আধ্যাত্মিক আৰু কলা– সংস্কৃতিৰ প্রাণকেন্দ্র হিচাপে যাতে গঢ়ি উঠিব পাৰে, তাৰ আশা প্রকাশ কৰে৷ ৰাইজক অসমৰ সুৰক্ষাৰ স্বার্থত ক’ৰোনাৰ প্রতি সজাগ হ’বলৈ আহ্বান জনাই লকডাউন কার্যসূচী তথা চৰকাৰী নীতি–নির্দেশনা মানি সামাজিক দূৰত্ব বর্তাই ৰাখিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রীৰ এই কার্যসূচীত ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, বকো সমষ্টিৰ প্রাক্তন অগপ বিধায়ক জ্যোতিপ্রসাদ দাস, চৰকাৰৰ সংখ্যালঘু উন্নয়ন ব’ডৰ অধ্যক্ষ মমিনুল আওৱাল, বিজেপিৰ এছ চি মর্চাৰ ৰাজ্যিক সভাপতি নীলোপম দাস, বিজেপিৰ ৰাজ্যিক মুখপাত্র হেমাংগ ঠাকুৰীয়া, বিজেপিৰ অসম ৰাজ্যিক যুৱ মর্চাৰ কার্যকৰী সদস্য সীমান্ত দাস, উপস্থিত থাকে৷ মুখপাত্র মুখ্যমন্ত্রীয়ে অসম চৰকাৰৰ ২০১৮–১৯ বিত্তীয় বর্ষৰ ৰাজ্যিক বিশেষ আঁচনিৰ অধীনত ৫০ লাখ টকা ব্যয়েৰে নির্মাণ কৰিবলৈ লোৱা ছমৰীয়া সত্রৰ পকী দেৱালৰ নির্মাণকার্যৰ আধাৰশিলা স্থাপন কৰে৷
তামুলপুৰত বিজেপিৰ জনসম্পর্ক অভিযানত মন্ত্রী হিমন্ত বিশ্ব শর্মা
‘আগন্তুক বিটিচি পৰিষদীয় নির্বাচনৰ বাবে বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰা আটাইকেইখন আসনত বিজয়ী হোৱাটো আমি বিচাৰোঁ৷ আৰু সেই উদ্দেশ্য আগত ৰাখিয়েই আমি সাংগঠনিক কাম–কাজ বৃদ্ধি কৰিছেছা৷ আমাৰ লক্ষ্য হ’ব বিজেপিৰ প্রতিগৰাকী প্রার্থীকে বিজয়ী কৰোৱা৷’ –এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য, বিত্ত, গড়কাপ্টানী আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কেন্দ্রীয় চৰকাৰৰ দ্বিতীয় কার্যকালৰ প্রথম বর্ষপূর্তি আৰু অসম চৰকাৰৰ চতুর্থ বর্ষপূর্তি উপলক্ষে অসমৰ ৫০ লাখ পৰিয়ালৰ ঘৰে ঘৰে গৈ জনসম্পর্ক ৰক্ষা কৰাৰ যি অভিযান আৰম্ভ হৈছে, তাৰ অংশ হিচাপে আজি তামুলপুৰ বিধানসভা সমষ্টিত উপস্থিত হৈ তামুলপুৰ মণ্ডল বিজেপিৰ কার্যালয়ত আয়োজিত এখন সাংবাদ মেল সম্বোধন কৰি মন্ত্রী ড০ শর্মাই এই মন্তব্য কৰে৷ তেওঁ পুনৰ কয় যে পৰিৱর্তনৰ বাবে বিটিচিত বিজেপিৰ প্রয়োজন আছে৷ আজি বিজেপি অবিহনে বিটিচিত চৰকাৰ গঠন হ’লে বিটিচি অঞ্চলত বসবাস কৰা প্রতিটো জাতি–জনগোষ্ঠীয়ে কেতিয়াও সুৰক্ষা পাব নোৱাৰে৷ মই ব্যক্তিগতভাৱে বিচাৰিম যে বিটিচিৰ পৰৱর্তী চৰকাৰখনত বিজেপিৰ ভূমিকা খুব সক্রিয় আৰু প্রভাৱশালী হ’ব লাগে৷ সেই কামখিনি যদি সম্ভৱ হয়, তেতিয়া বিটিচিত বসবাস কৰা সকলো শ্রেণীৰ ৰাইজে ন্যায় পাব, বিটিচি অঞ্চলৰ উন্নয়ন হ’ব৷ সেই কাৰণে আমি সকলোৱে বিচাৰোঁ যে বিটিচি চৰকাৰখনত বিজেপিয়ে যাতে সক্রিয় আৰু প্রভাৱশালী ভূমিকা গ্রহণ কৰিব পাৰে৷ বিটিচি নির্বাচনক লৈ মিত্রদল বি পি এফ আৰু বিজেপিৰ মাজৰ সম্পর্কত সমস্যা হ’ব নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয়– নির্বাচনৰ পাছত কি ধৰণৰ চৰকাৰ হয়, আমি আলাপ–আলোচনা কৰিম৷ কিন্তু বিজেপি শক্তিশালী হোৱাটো বিচাৰোঁ৷ আমি কোৱা নাই যে বি পি এফ দুর্বল হ’ব লাগে৷ বি টি এ ডিত বি পি এফ বা ইউ পি পি এল কাৰো প্রতি আমি বেয়া ভাব লৈ বিটিচি নির্বাচনত বিজেপিয়ে অংশগ্রহণ কৰা নাই৷ আমি নির্বাচন খেলিম বিজেপিৰ ভাল হওক বুলি৷ আমি কাকো সমালোচনা কৰি নহয়, বৰং মোদী ডাঙৰীয়াৰ ভাল কথাখিনি আৰু আমাৰ চৰকাৰে কৰা ভাল কামখিনিক লৈ ৰাইজৰ মাজলৈ যাব খুজিছোঁ৷ আমি সমালোচনাত্মক ৰাজনীতি নকৰোঁ৷ প্রসংগক্রমে মন্ত্রীগৰাকীয়ে কয় যে কেন্দ্রত নৰেন্দ্র মোদী চৰকাৰখনে এটা বছৰ সফলতাৰে সম্পূর্ণ কৰিছে আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন সন্মিলিত মিত্রজোঁটৰ চৰকাৰখনেও চাৰিটা বছৰ সম্পূর্ণ কৰি পঞ্চম বছৰত ভৰি দিছে৷ নৰেন্দ্র মোদী ডাঙৰীয়াৰ কার্যকালত উত্তৰ–পূর্বাঞ্চলৰ অর্থনৈতিক বুনিয়াদ নির্মাণ হৈছে৷ অৰুণাচলৰ পৰা ত্রিপুৰালৈ ৰাষ্ট্রীয় ঘাইপথৰ সম্প্রসাৰণ, ৰে’লৱে নেটৱার্ক, এইমছৰ দৰে বিভিন্ন প্রতিষ্ঠান স্থাপন কৰি, নুমলীগড তেল শোধনাগাৰ সম্প্রসাৰণ কৰি মোদী ডাঙৰীয়াই উত্তৰ–পূর্বাঞ্চলক অষ্টলক্ষ্মী হিচাপে প্রতিষ্ঠা কৰাৰ দিহা কৰিছে৷ বিটিচিত কেতিয়া নির্বাচন অনুষ্ঠিত কৰিব পৰা যাব বুলি সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয় যে নির্বাচন কেতিয়া অনুষ্ঠিত হ’ব, সেয়া নির্বাচনী আয়োগে সিদ্ধান্ত ল’ব৷ বিটিচিত শীঘ্রে নির্বাচন অনুষ্ঠিত কৰাটো আমাৰ দলেও বিচাৰিছে৷ অসম চৰকাৰৰ কেবিনেটেও বিটিচিত শীঘ্রে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্রহণ কৰিছে৷ বি পি এফ দলৰ মন্ত্রী–বিধায়ক বিজেপিত যোগদান কৰাৰ কিবা তথ্য আছে নেকি বুলি সোধা এক প্রশ্ণৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয় যে এতিয়া কোনো মন্ত্রী বা বিধায়কে নিজৰ দল ত্যাগ কৰি আহিলে সমষ্টিটো বিধায়কবিহীন হৈ পৰিব৷ বর্তমান ক’ভিড–১৯ৰ সময়ত সমষ্টি এটাত বিধায়কৰ প্রয়োজন আছে আৰু সেয়ে কোনো মন্ত্রী বা বিধায়কে নিজ দল এৰি বর্তমান সময়ত আন দলত যোগদান কৰিব নালাগে বুলি মন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ তেওঁ কয় যে ৰাজনীতিত নেতাসকলে দল পৰিৱর্তন কৰাটো হৈ থাকে৷ ২০১৫ চনত বিটিচি চৰকাৰে নিযুক্তি দিয়া ৩৯১গৰাকী মজলীয়া আৰু প্রাথমিক টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত শিক্ষামন্ত্রীগৰাকীয়ে কয় যে যিহেতু এয়া বিটিচিৰ অন্তর্ভুক্ত, সেয়ে এই কথাটো বিটিচি প্রশাসনে চাব লাগিব৷ সংবাদ মেল সম্বোধনৰ পাছত মন্ত্রীগৰাকীয়ে ২৬নং দৰঙাজুলি সমষ্টিৰ বিজেপিৰ প্রার্থী দেৱেন বডো আৰু দলীয় নেতা–কর্মীক লগত লৈ দৰঙাজুলি মণ্ডল বিজেপিৰ কার্যালয়ত উপস্থিত হৈ দলীয় নেতা–কর্মীৰ লগত বার্তালাপ কৰে আৰু বার্তালাপৰ অন্তত সমষ্টিটো পৰিভ্রমণ কৰি দলীয় স্থিতি মজবুত কৰিবলৈ কাম কৰাৰ বাবে নেতা–কর্মীসকলক আহ্বান জনায়৷ কুমাৰীকাটাৰ পৰা উভতি আহি তামুলপুৰৰ ভকতপাৰা গাঁৱত উপস্থিত হৈ জনসম্পর্ক ৰক্ষা অভিযান আৰম্ভ কৰে আৰু দহটাকৈ পৰিয়ালৰ সদস্যৰ লগত বার্তালাপ কৰে৷ আজি মন্ত্রীগৰাকীক সংগ দিয়ে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী, দৰঙাজুলি পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্রার্থী দেৱেন বডো, গয়বাৰী বিটিচি পৰিষদীয় সমষ্টিৰ প্রার্থী হেমন্ত কুমাৰ ৰাভা, নাগ্রীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ প্রার্থী ধর্মনাৰায়ণ দাসৰ লগতে বিজেপিৰ যুৱ মর্চাৰ ৰাজ্যিক সম্পাদক ভিক্টোৰ কুমাৰ দাস, বাগ্সা জিলা বিজেপিৰ সভাপতি আৰু সম্পাদক ৰাম দাহাল আৰু ৰাজেশ বডো, যুৱ বিজেপিৰ সভাপতি কৰণ ছেত্রী আদিকে ধৰি দলৰ নেতা–কর্মীসকলে৷