তিব্বতত চীনা সেনাৰ ট্রেংক আৰু যুদ্ধাস্ত্রৰে অনুশীলন
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ চীনৰ স্থলসেনা বাহিনীয়ে তিব্বত স্বতন্ত্র অঞ্চল (টিএআৰ)ৰ ১৫ হাজাৰ ফুট উচ্চতাত ট্রেংক আৰু যুদ্ধাস্ত্রৰে গভীৰ অনুশীলন চলায়৷ চীনৰ পিএলএৰ আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে৷
তাৎপর্যপূর্ণ যে তিব্বতত এনেদৰে সামৰিক অনুশীলন চলোৱা কথাটো পিএলএই সাধাৰণতে প্রকাশ নকৰে৷ এনে ক্ষেত্রত তিব্বতৰ ১৫ হাজাৰ ফুট উচ্চতাত যুদ্ধাস্ত্র আৰু ট্রেংকৰ লগতে আকাশমার্গত অনুশীলন চলোৱা বুলি প্রকাশ কৰাটো গুৰুত্বপূর্ণ৷ লাডাখৰ গালৱানত চীনা সৈন্য আৰু ভাৰতীয় সেনাৰ মাজত সংঘর্ষ লগাৰ পাছতেই এই তথ্য সদৰী কৰাক লৈ চীনৰ গোপন অভিসন্ধি স্পষ্ট হৈ পৰিছে৷ কেতিয়া এই সামৰিক অনুশীলন চলোৱা হৈছে সেই কথা সশস্ত্র বাহিনীৰ ঝিজাং (তিব্বত) মিলিটাৰী কমাণ্ডে স্পষ্ট কৰি দিয়া নাই৷
পিএলএৰ অনলাইন মুখপত্রত প্রকাশ পোৱা মতে স্থলবাহিনীয়ে ট্রেংকেৰে অনুশীলন চলোৱাৰ লগতে শত্রু পক্ষক আক্রমণৰ বাবে প্রয়োজনীয় যুদ্ধাস্ত্রৰ অনুশীলন চলোৱাৰ সমান্তৰালকৈ আত্মৰক্ষাৰ বাবেও সামৰিক কুচকাৱাজ চলাইছিল৷ শত্রুপক্ষৰ অগ্রিম বাহিনীক প্রতিহত কৰাৰ বাবে ট্রেংকৰ পৰা দীর্ঘ দূৰত্বৰ অস্ত্রৰে আক্রমণৰ অনুশীলনো চলাইছিল পিএলএই৷ এই অনুশীলনত স্থলবাহিনী, যুদ্ধ ক্ষেত্রৰ বাহিনী আৰু আকাশী যোদ্ধায়ো অংশগ্রহণ কৰিছিল৷