নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলঘাগৰী পাহাৰত উচ্চ ক্ষমতা সম্পন্ন বোমা বিস্ফোৰণ; বিদ্যালয়কে ধৰি বিস্তৰ ক্ষতি বিভিন্ন জনৰ

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ বঙাইগাঁৱৰ আই উপত্যকা বন বিষয়াৰ কাৰ্যালয় এলেকাৰ বইটামাৰী অঞ্চলৰ শিলঘাগৰী পাহাৰত থকা শিলৰ কুবেৰীসমূহত বহু বছৰ ধৰি একাদিক্ৰমে বোমা বিস্ফোৰণ ঘটাই সমগ্ৰ এলেকাটোতে বিস্তৰ ক্ষতি সাধন কৰি আহিছে ।

 এনেসময়তে কালি পাহাৰ খনৰ ১ নং কুবেৰীটোত অতি উচ্চ ক্ষমতা সম্পন্ন সম্পন্ন বোমা বিস্ফোৰণ ঘটাই সমগ্ৰ বইটামাৰী এলেকাটোত এক আতংকময পৰিবেশৰ সৃষ্টি কৰাৰ লগতে পাহাৰ খনৰ সমীপৰ ঘন জনবসতিপূণ ঠাইটোৰ ৩৩ নং শালবাৰী আদশ প্ৰাথমিক বিদ্যালয়খনৰ চালৰ টিনপাতত বৃহৎ এটা শিল উফৰি আহি পৰি টিনপাত ফুটা হৈ মজিয়াত পৰি মজিয়াতো এটা বৃহৎ গাঁতৰ সৃষ্টি কৰে।

 উল্লেখ্য যে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাত এটা ভয়ংকৰ অঘটনৰ পৰা ছাত্ৰ ছাত্ৰী সকল ৰক্ষা পৰে যদিও এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।তদুপৰি কোৱাৰেন্টইন কেন্দ্ৰ হিচাপে ঘোষিত বিদ্যালয়খনত সৌভাগ্যক্ৰমে উক্ত সময়ত কোনো আবাসী নাছিল ।

একেদৰে শালবাৰী গাঁৱৰ হবিবৰ ৰহমান নামৰ মানুহজনৰ গৃহত শিল পৰি ক্ষতিসাধন হোৱাৰ উপৰিও জাকিৰ হুছেইনৰ জাছি গাই গৰু এটা কথমপি ৰক্ষা পৰে।কালি আবেলি ২,৩০ মান বজাত সংঘটিত উক্ত বিস্ফোৰণৰ ফলত ওচৰৰ গাওঁসমূহতো প্ৰভা ব পৰে । পাহাৰখনৰ কুবেৰীসমূহ বনবিভাগৰ বিষয়াকৰমচাৰীৰলগত গোপণ বুজাবুজিৰে মহলদাৰসকলে অবৈধ ভাৱে অবাধ গতিত ঘটাই গৈছে বিস্ফোৰণ ।

জানিব পৰা মতে বিগত দিন ধৰি পাহাৰ খনৰ কুৱেৰীসমূহ কোনো চালান নোহোৱা কৈ অবৈধ ভাৱে চলি আছে ।

You might also like