নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ ঘটনা, কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলাই বজাৰ পালেগৈ যুৱক

নিয়মীয়া বাৰ্তা, ১৯জুনঃ হাইকান্দিত ভয়ংকৰ ঘটনা, কোৱাৰেণ্টাইন চেণ্টাৰৰ তলা ভাঙি পলাল দুই যুবক। যুৱকদ্বয়ে পলায়ন কৰি বজাৰ পায়গৈ বুলি জানিব পৰা গৈছে। যুৱকদুজন জাকিৰ হুছেইন আৰু বাহাৰুল ইছলাম। আৰক্ষীয়ে যুৱকদুজনৰ কোঠাৰ পৰা উদ্ধাৰ কৰে ছিগাৰেটৰ পেকেট আৰু Cool Drinksৰ বটল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটক কৰে যুবকদুজনক।

কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলাই এখন কাপোৰৰ দোকানলৈ গৈ কাপোৰ আৰু কিছু খাদ্যবস্তু কিনিছিল যুৱকদুজনে। বজাৰলৈ যোৱাৰ বাবেই বহু লোকৰ সংস্পৰ্শলৈ আহিছিল যুৱকদুজন। ইতিমধ্য়ে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

You might also like