নিয়মীয়া বাৰ্তা, ২০জুনঃ ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা । পশ্চিম কাৰ্বি আংলং জিলাতো ক’ৰোনা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ইয়াৰ ফলত ইতিমধ্যে ডংকামোকাম পৌৰ সভাই এসপ্তাহৰ বাবে পৌৰ সভাৰ এলেকাধীন অঞ্চলত লক ডাউন অব্যাহত ৰাখিছে।
লক ডাউনৰ পৰিপ্ৰেক্ষিতত ডংকামোকাম-হোজাই সংযোগী ব্যস্তপূৰ্ণ গড়কাপ্তানী পথটো সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে । লক ডাউন অব্যাহত থকাৰ ফলত ব্যৱসায়-বাণিজ্যত ব্যাপক লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছে । ইয়াৰ লগতে পৌৰ সভাৰ অধীনস্থ বিভিন্ন চৰকাৰী কাৰ্যালয় সমূহত কাম-কাজ অচল হৈ পৰিছে ।
কিন্তু ইয়াৰ পিছতো মহামাৰী ক’ৰোনা প্ৰতিৰোধৰ বাবে সজাগ তথা সাৱধানতা ল’বলৈ ডংকামোকাম পৌৰ সভাই এই সপ্তাহযোৰা লক ডাউন অব্যাহত ৰাখিছে । যিহেতু সাৱধানতা অৱলম্বন কৰাটোৱেই এই ক’ৰোনা সংক্ৰমণৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায়, সেয়ে ডংকামোকাম পৌৰ সভাই এই সপ্তাহযোৰা লক ডাউন অব্যাহত ৰখাৰ উপৰি লক ডাউন অন্ত পৰাৰ পিছত এক স্বেচ্ছাসেৱী সংগঠনৰ যোগেদি সৰ্বসাধাৰণ ৰাইজৰ মাজত সজাগতা আগবঢ়োৱাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখোৱা, মাস্ক ব্যৱহাৰ কৰা, ছেনীটাইজাৰ ব্যৱহাৰ আদিৰ বিষয়ে বিশেষ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি পৌৰসভা কৰ্তৃপক্ষই জনাইছে