নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ই-লাৰ্নিঙে গৰিষ্ঠসংখ‍্যক শিক্ষাৰ্থীক স্পৰ্শ কৰা নাই’

নিয়মীয়া বাৰ্তা, ২০ জুনঃ দেশজুৰি বলৱৎ হোৱা লকডাউন ব‍্যৱস্হাত বিশেষকৈ ৰাজ‍্যৰ শৈক্ষিক ক্ষেত্ৰখনত সাংঘাতিক বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । ইয়াক লৈ উদ্বিগ্ন হৈ পৰিছে একাংশ শিক্ষক-শিক্ষয়িত্ৰী তথা সচেতন অভিভাৱক ।

এই উদ্দেশ্যে শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ ডিব্ৰুগড় জিলা টেঙাখাট শিক্ষা খণ্ডৰ অন্তগৰ্ত দুলীয়াজান ১ আৰু ২ সমল কেন্দ্ৰৰ সমূহ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী তথা ন’ডেল শিক্ষকসকলৰ উপস্হিতিত মধ‍্য জালনী প্ৰাথমিক বিদ‍্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত ই লাৰ্নিং প্ৰক্ৰিয়া ই যে গৰিষ্ঠসংখ্যক ছাত্ৰ-ছাত্ৰীৰ কাষ চাপিব পৰা নাই , সেইবিষয়ে শিক্ষকসকলে বাৰুকৈয়ে উপলব্ধি কৰি ইয়াৰ বিকল্প পদ্ধতি অৱলম্বনৰ উপায় গ্ৰহণ কৰে ৷

গতিকে সমূহ পৰ্যায়ৰ ছাত্র-ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ মূল্যায়নৰ প্ৰশ্ন তৈয়াৰ কৰি অভিভাৱকৰ যোগেদি ছাত্ৰ-ছাত্ৰী সকলৰ হাতলৈ দিয়াৰ এটা যোগাত্মক সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত ৷ ইয়াৰ জৰিয়তে প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিৰ লগত সংযোগ হৈ উত্তৰ সমূহ মূল্যায়নৰ বহীত লিখি শিক্ষকক পুনৰ ঘুৰাই দিব ৷ বৈঠকৰ সম্পূৰ্ণ আলোচনাৰ আঁত ধৰি সমল কেন্দ্ৰৰ সমন্বয়ক নিজু ৰাভা গগৈয়ে এইক্ষেত্ৰত প্ৰতিগৰাকী শিক্ষকৰ সহযোগিতা আৰু দায়বদ্ধতাৰ বিষয়ে উনুকিয়াই ক’ভিড-১৯ ৰ সজাগতাৰ সন্দভৰ্তো মন্তব্য কৰে ।

বৈঠকত উপস্থিত থাকি ৰাষ্ট্ৰভাষা হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ সিং , কছাৰীপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নলিনী মজুমদাৰ, দুলীয়াজান নৱজ্যোতি উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী জিতামনী গগৈ , মধ্য জালনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দেৱযানী শইকীয়ায়ে পৰামৰ্শমূলক বক্তব্য আগবঢ়ায় ৷ আজি বৈঠকৰ আৰম্ভণিতে কলাগুৰু বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল‍্যাপৰ্ণৰে শ্ৰদ্ধাঞ্জলি জনোৱা লগতে তেখেতৰ আদৰ্শক গভীৰভাৱে সোঁৱৰণ কৰে প্ৰতিগৰাকী শিক্ষকে।

You might also like