দেহত ক’ৰোনা লৈ আত্মগোপন কৰা পৰিয়ালকলৈ চিলাপথাৰত চাঞ্চল্য
নিয়মীয়া বাৰ্তা, ২০ জুনঃ কৰʼনাৰ ভয়াৱহতাত সৰ্বত্ৰে সন্ত্ৰস্ত হৈ থকাৰ মাজতে ধেমাজি জিলাৰ চিলাপথাৰত দেহত কভিড-১৯ কঢ়িয়াই চাৰি দিনে আত্মগোপন কৰা এটা পৰিয়ালক লৈ মহা অথন্তৰৰ সৃষ্টি হৈছে। আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ যুটীয়া অভিযানত শুকুৰবাৰে নিশা চিলাপথাৰ পালপট্টিৰ ভাড়াঘৰৰ পৰা পৰিয়ালটোক আটক কৰি ধেমাজি কমিড হস্পিটেলত ভৰ্তি কৰে যদিও বিগত চাৰিদিন সমগ্ৰ চিলাপথাৰত মহামাৰী কৰʼনা কঢ়িওৱা মানৱ বোমা সদৃশ পৰিয়ালটোৰ স্বাভাৱিক তথা মুক্ত বিচৰণক লৈ এতিয়া ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ অস্বস্তি।
ৰাইজে নিজৰ নিজৰ ঘৰৰ দোৱাৰ খিৰিকী বন্ধ কৰি ঘৰৰ ভিতৰত আত্মগোপন কৰাৰ সমান্তৰাল ভাৱে পৰিয়ালটোৱে বাস কৰা ভাড়াঘৰটো প্ৰশাসনে চিল কৰাৰ লগতে সমগ্ৰ এলেকাটো নিষিদ্ধ ঘোষণা কৰিছে। উল্লেখ্য যে ১৫ জুনত উত্তৰ প্ৰদেশ গাজিয়াবাদৰ পৰা পাছিঘাতলৈ বুলি মিছা তথ্য দিয়া পৰিয়ালটোৱে ধেমাজি তেলীজানত স্বাৱ পৰীক্ষাৰ বাবে নমুনা প্ৰদান কৰিয়েই চিলাপথাৰ প্ৰদীপ হোটেলৰ ১১৪ নম্বৰ কোঠাত ভাড়ালৈ দুদিন থাকে।
পৰবৰ্তী সময়ত পালপট্টিস্থিত প্ৰভু চাহুৰ ভাড়াঘৰত ভাড়া ৰূম লৈ থাকিবলৈ লয়। ১৬ জুনত সুবীৰ পান্দেৰ পত্নী সুইতা পান্দেৰ দেহত কভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাত ধেমাজি জিলা স্বাস্থ্য বিভাগৰ মূৰৰ কামোৰণি হৈ পৰে। লগে লগে পৰিয়ালটোৰ সন্ধানত স্বাস্থ্য বিভাগৰ লগতে চিলাপথাৰ আৰক্ষী নামি পৰে। অৱশেষত কালি নিশা ৭ বজাত পৰিয়ালটোক আটক কৰিবলৈ সক্ষম হয়। আজি পৰিয়ালটোৱে দুদিন বাস কৰা চিলাপথাৰ প্ৰদীপ হোটেল আৰু অনুৰাধা ফাৰ্মাছিত দৰৱ ক্ৰয় কৰাৰ তথ্য লাভ কৰি দুয়োখনকেই প্ৰশাসনে চিল কৰে।
সমগ্ৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি সচেতন মহলে চিলাপথাৰত কৰʼনাৰ ভয়ানক গণ সংক্ৰমণৰ আশংকা কৰাৰ বিপৰীতে এনে অঘটন ৰোধ কৰিবলৈ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে পৰিয়ালটোৱে বাস কৰা ভাড়াঘৰটোত আন ভাড়া কোঠাত প্ৰায় কেবাটাও পৰিয়ালৰ ৩০ জন লোক বাস কৰা বুলি জানিব পৰা গৈছে আৰু এই বিষয়টোৱে ভয়ানক অশনি সংকেত কঢ়িয়াই আনিছে। বৰ্তমান সমগ্ৰ চিলাপথাৰত মাইক যোগে সৰ্তক হৱলৈ ঘোষণা কৰাত ৰাইজ একপ্ৰকাৰ আতংকিত হৈ পৰিছে। আজি ৫ বজাৰ লগে লগে চিলাপথাৰৰ দোকান পোহাৰ স্বতস্ফুত ভাবে বন্ধ হৈ মৰিশালী সদৃশ পৰিৱেশৰ সুচনা হয়।