নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্তিত্বৰ গৰাহত জোনাই সীমান্তৰ ঐতিহ্যমণ্ডিত ঐৰামঘাট; খহনীয়াত দিনকদিনে সংকোচিত হৈ আহিছে ক্ৰমে জোনাইৰ ভৌগোলিক সীমা

নিয়মীয়া বাৰ্তা, ২০ জুন: ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্ত জোনাইত চিয়াং নদীৰ ভয়ংকৰ খহনীয়াত অস্তিত্বৰ গৰাহত জোনাইৰ ঐতিহ্যমণ্ডিত ঐৰামঘাট অঞ্চল৷

চিয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই থকাত ঐৰামঘাটত ব্যাপকভাৱে খহনীয়া অব্যাহত ৰাখিছে চিয়াং নদীয়ে৷ প্ৰতি বছৰে ব্যাপক গৰাখহনীয়া হোৱা অঞ্চলেটাৰ নৈপৰীয়া ৰাইজ আতংকিত হৈছে ।

ইতিমধ্যে খহনীয়াৰ কবলত পৰি শ শ বিঘা কৃষিভূমিৰ বিলীন হৈছে চিয়াঙৰ নদীৰ বুকুত। জাহ গৈছে প্ৰায় কুৰিখনৰো অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান। কিন্তু চৰকাৰ কিম্বা জলসম্পদ বিভাগ তথা জনপ্ৰতিনিধিয়ে এই খহনীয়াৰ কোনো প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা নাই আজিকোপতি৷

জানিব পৰা মতে দিনে নিশাই গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি অহাৰ ফলত ভাবুকি কঢ়িয়াই আনিছে ঐৰামঘাট অঞ্চললৈ। নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা জনপ্ৰতিনিধিসকলে ভোটৰ আশাত ৰাইজক চিয়াং নদীত প্ৰতিৰোধক স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও জয়ী হোৱাৰ পিছতে সকলো প্ৰতিশ্ৰুতি ৰৈ যায় প্ৰতিশ্ৰুতি হৈয়ে৷ যোৱা বছৰ ৰাজ্য চৰকাৰৰ কেইবাজন মন্ত্ৰী-বিধায়কে খহনীয়া অঞ্চল সমূহ পৰিভ্ৰমণ কৰি নৈপৰীয়া ৰাইজক বিভিন্ন আশ্বাস দিছে যদিও আশ্বাসসমূহ ফুটুকাৰ ফেনত পৰিণত হৈছে।

অঞ্চলটোৰ ৰাইজে খহনীয়াৰ ভয়ংকৰ ৰূপ প্ৰত্যক্ষ কৰি হা হুমুনিয়াহ কঢ়ি আতংকিত হৈ অন্য ঠাইলৈ ঢাপলি মৰাৰ বাহিৰে একো কৰিবলৈ নাই ৰাইজৰ হাতত। এখনৰ পাছত আন এখনকৈ ঘৰ কৃষিভূমি নিশ্চিহ্ন কৰা এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থ্য অতি শীঘ্ৰে হাতত নল’লে মানচিত্ৰৰ পৰা নাইকিয়া হ’ব ঐৰামঘাট অঞ্চল।

আনহাতে চিয়াং নদীৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ধেমাজি জিলাৰ একমাত্ৰ তথা জোনাইৰ সংৰক্ষিত পবা বনাঞ্চল৷ উল্লেখ্য যে পবা বনাঞ্চলে জোনাই মহকুমাক বছৰ বছৰ ধৰি সুৰক্ষা দি আহিছে ভৌগোলিকভাৱে ৷
খহনীয়াত আতকিংত ৰাইজে
অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাৰ কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।

You might also like