চিলাপথাৰৰ ঋতুপৰ্ণ পেগুৰ গৃহত মন্ত্ৰী নৱ দলে
নিয়মীয়া বাৰ্তা, ২০ জুন: গুৱাহাটীৰ নুনমাতিত ঘাটকৰ হাতত মৃত্যু হব লগা চিলাপথাৰৰ অকাজানৰ ৰিতুপৰ্ণ পেগুৰ গৃহত আজি উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী নৱ দলে।
উল্লেখ্য যে,ৰিতুপৰ্ণ পেগুৰ হত্যা কাণ্ডৰ ঘটনাই সমগ্ৰ ৰাজ্যত জোকাৰণি তোলাৰ সময়তে ৰাইজৰ দাবী আছিল ফাষ্টট্ৰেক আদাৰতৰ দ্বাৰা হত্যা কাৰীক শীঘ্ৰে ফাচী দিয়াৰ ব্যৱস্থা কৰা আৰু কণমানী সন্তানৰ সৈতে পৰিয়াল ক আৰ্থিক সাহায্য প্ৰদান কৰা।তেনে সময়তে অসম চৰকাৰে ঘোষণা কৰিছিল ২ লাখ টকাৰ এককালীন সাহায্য।তাৰেই পৰিপ্ৰেক্ষিততে আজি ৰিতুপৰ্ণ পেগুৰ ঘৰত উপস্থিত হৈ মন্ত্ৰী নৱ দলে ২ লাখ টকাৰ এখন চেক পৰিয়ালত প্ৰদান কৰে।
আনহাতে ইয়াৰ লগতে মন্ত্ৰী নৱ দলে ডাঙৰীয়াই তৎকালীন ভাবে PMAY গৃহ এটি নিৰ্মাণ কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ঋতুপৰ্ণ পেগুৰ ন্যায় আৰু সাহায্য প্ৰদানত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় মন্ত্ৰী নৱ দলে ডাঙৰীয়াই তৎপৰতা প্ৰদান কৰাৰ কাৰণে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ লগতে ৰাইজে শলাগ লয়।
অন্য হাতে অঞ্চলটোৰ জাতীয় সংগঠন,তথা সমূহ ৰাইজে হত্যা কাৰীক অতি সোনকালে দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰাৰ বাবে চৰকাৰক বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে কণমানি সন্তানটোৰ সৈতে পত্নীক কিবা সংস্হাপনৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ ৰাখে ।