অসম ৰাজহুৱা শুনানি অবিহনেই ডিব্রু–ছৈখোৱাৰ ৭ স্থানত পৰীক্ষণ–খনন By নিয়মীয়া বাৰ্তা On Jun 22, 2020 Share নিয়মীয়া বাৰ্তা, ২২ জুনঃ আইন উলংঘাৰে তথা প্রয়োজনীয় অনুমতি অবিহনে বাঘজান তৈলক্ষেত্রত খনন–উৎপাদন চলাই অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ ৰোষত পৰা অইল ইণ্ডিয়া লিমিটেড আন এক ভয়ংকৰ জালিয়াতিত লিপ্ত হৈছে৷ ‘ইক’ ছেনজিটিভ জ’ন’ৰ সমীপৱর্তী এলেকাত তেল–গেছৰ যিকোনো উৎপাদনমূলক কামৰ অনুমতিৰ বাবে ৰাজহুৱা শুনানি বাধ্যতামূলক৷ কিন্তু কোনোধৰণৰ অনুমতি অবিহনেই অতি শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ অন্তর্গত বাঘজান পি এম এল এৰ ৭টা এলেকাত হাইড্র’কার্বন খনন–পৰীক্ষণ সম্প্রসাৰণৰ বাবে কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্রালয়ৰ পৰা ‘এনভাইৰনমেণ্টেল ক্লীয়াৰেঞ্চ’ লাভ কৰিছে৷ পিছে এইক্ষেত্রত অইল ইণ্ডিয়া লিমিটেডে স্থানীয় ৰাইজৰ মাজত কোনোধৰণৰ ৰাজহুৱা শুনানি অনুষ্ঠিত কৰা নাছিল৷ ইতিপূর্বে অনুষ্ঠিত ৰাজহুৱা শুনানিকেই ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানত হাইড্র’কার্বন খনন–পৰীক্ষণ সম্প্রসাৰণৰ ক্ষেত্রত দেখুৱাবলৈ কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্রালয়ক অনুৰোধ জনোৱাৰ এক গুৰুত্বপূর্ণ তথ্য পোহৰলৈ আনিছে এখন ৱেব আলোচনীয়ে৷ ৱেব আলোচনীখনত প্রকাশিত অনুসন্ধানমূলক বাতৰিত উল্লেখ কৰা অনুসৰি তিনিচুকীয়া জিলাত ২০১১ চনলৈকে অইল ইণ্ডিয়া লিমিটেডে ১৫টা সম্ভাৱনামূলক আৰু ২৬টা কার্যকৰী খাদৰ ‘এনভাইৰনমেণ্টেল ক্লীয়াৰেঞ্চ’ প্রক্রিয়াগতভাৱে লাভ কৰিছিল৷ ২০১১ চনৰ নৱেম্বৰ মাহত এই খাদসমূহৰ বিপৰীতে লাভ কৰা ‘এনভাইৰনমেণ্টেল ক্লীয়াৰেঞ্চ’ৰ বাবে উক্ত বছৰৰেই ৮ জুলাই আৰু ২৬ আগষ্টত স্থানীয় লোকসকলৰ মাজত ৰাজহুৱা শুনানি গ্রহণ কৰা হৈছিল৷ ইয়াৰ পাছত ২০১৬ চনত অইল ইণ্ডিয়া লিমিটেডে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ দৰে পৰিৱেশৰ ফালৰ পৰা স্পর্শকাতৰ ৰূপে চিহ্ণিত এলেকাত হাইড্র’কার্বনৰ খনন আৰু পৰীক্ষণৰ কাম সম্প্রসাৰণ ঘটোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ পিছে এইবাৰ খনন–পৰীক্ষণৰ পূর্বে বাধ্যতামূলক ৰূপে বিবেচিত স্থানীয় ৰাইজৰ কোনোধৰণৰ শুনানি গ্রহণ কৰা নহ’ল৷ যিটো কথা অতি স্পষ্টভাৱে উল্লেখ আছে কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্রালয়ৰ ‘এক্সপার্ট এপ্রাইজেল কমিটী’ৰ (ই এ চি) বৈঠকৰ কার্যবিৱৰণীত৷ ই এ চিৰ বৈঠক অনুষ্ঠিত হৈছিল ২০১৭ চনৰ ফেব্রুৱাৰী মাহত৷ উক্ত বৈঠকত অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা ২০১১ চনত গ্রহণ কৰা ৰাজহুৱা শুনানিৰ আধাৰতেই ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ ৭ স্থানত হাইড্র’কার্বন খনন–পৰীক্ষণৰ সম্প্রসাৰণ চলোৱাৰ বাবে অনুমতি দিবলৈ ই এ চিক অনুৰোধ জনোৱা হয়৷ এতিয়া ই এ চিৰ কার্যবিৱৰণীয়েই এই কথা উন্মোচিত কৰিছে৷ ৰহস্যজনক কথাটো হ’ল– কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্রালয়েও ৰাজহুৱা শুনানি অবিহনেই অইল ইণ্ডিয়া লিমটেডক ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ ৭টাকৈ এলেকাত হাইড্র’কার্বনৰ খনন–পৰীক্ষণ সম্প্রসাৰণৰ অনুমতি প্রদান কৰিছে৷ যোৱা ১১ মে’ত কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্রালয়ে এফ.নং. জে–১১০১১/১৫০/২০১৬–১এ–১১(১) নম্বৰৰ পত্রযোগে এই সন্দর্ভত অইল ইণ্ডিয়া লিমিটেডক ‘এনভাইৰনমেণ্টেল ক্লীয়াৰেঞ্চ’ প্রদান কৰিছে৷ সমগ্র বিষয়টোত অইল ইণ্ডিয়া লিমিটেডে জালিয়াতিৰ আশ্রয় লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ মন কৰিবলগীয়া যে অইল ইণ্ডিয়া লিমিটেডক এই ‘এনভাইৰনমেণ্টেল ক্লীয়াৰেঞ্চ’ প্রদানৰ বাবে কেন্দ্রীয় বন, পৰিৱেশ আৰু জলবায়ু মন্ত্রালয়ৰ তৰফৰ পৰা ২০০৬ চনত জাৰি কৰা এখন অধিসূচনাৰ চলিত বর্ষৰ জানুৱাৰী মাহত সংশোধনী ঘটোৱা হৈছে৷ এই সংশোধনীৰ জৰিয়তে তেল–গেছ আহৰণ প্রক্রিয়াটো ঔদ্যোগিক খণ্ডৰ ‘বি–২’ পর্যায়ত তালিকাভুক্ত কৰা হৈছে৷ অর্থাৎ তেল–গেছ আহৰণ প্রক্রিয়া এতিয়া হৈ পৰিছে এটা সৰু প্রকল্পৰ দৰে৷ যি প্রকল্প ৰূপায়ণৰ কাৰণে ৰাজহুৱা শুনানি লোৱাৰ কোনো প্রয়োজন নাই৷ পিছে তেল–গেছ আহৰণৰ বিষয়টো কেনেকৈ সৰু প্রকল্প হ’ব পাৰে, তাক লৈ প্রশ্ন উত্থাপন কৰিছে বিশেষজ্ঞ মহলে৷ বিশেষকৈ বাঘজানৰ গেছখাদত সংঘটিত দুর্ঘটনাৰ পাছত সংশ্লিষ্ট মহলে সমগ্র বিষয়টোক লৈ শীঘ্রে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ দ্বাৰস্থ হ’ব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে বাঘজান তৈলক্ষেত্রৰ বি জি আৰ ৫নং গেছখাদত যোৱা ২৭ মে’ৰ পৰা অহৰহভাৱে নির্গত হৈছিল তেল মিহলি গেছ৷ অইল ইণ্ডিয়া কর্তৃপক্ষই এই নির্গমন বন্ধ কৰিবলৈ সক্ষম নোহোৱাৰ পৰিণতিতে যোৱা ৯ মে’ত সংঘটিত হয় ভয়ংকৰ অগ্ণিকাণ্ড৷ যাৰ বাবে এতিয়া বাঘজানবাসীয়ে নিজৰ ঘৰ–দুৱাৰ এৰি শিবিৰত আশ্রয় লৈ থাকিবলগীয়া হৈছে৷ সমগ্র বাঘজানৰ পৰিৱেশ সম্প্রতি অবর্ণনীয়৷ বিঘাই বিঘাই কৃষিভূমি, চাহখেতি বিনষ্ট হোৱাৰ সমান্তৰালভাৱে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান আৰু মাগুৰী–মটাপুং বিলৰ জৈৱ–বৈচিত্র্যৰ প্রতিও ভাবুকি নামি আহিছে৷ প্রশ্ন হৈছে– ৰাজহুৱা শুনানি অবিহনে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ ৭টা এলেকাত হাইড্র’কার্বনৰ খনন–পৰীক্ষণ সম্প্রসাৰণ কৰিবলৈ ‘এনভাইৰনমেণ্টেল ক্লীয়াৰেঞ্চ’ দিয়াৰ পৰিণতিও একেই হ’ব নেকি? Featured Share