নিয়মীয়া বাৰ্তা ২৩ জুনঃ ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে বঙাইগাঁৱৰ বৰপাৰাত বন্ধন মাইক্র’ ফাইনেঞ্চ কোম্পানীয়ে সোমবাৰে সাক্ষাৎকাৰ অনুষ্ঠিত কৰাক লৈ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বৰপাৰা ইণ্ডিয়ান অইল তেল ডিপোৰ সমীপত থকা বেংকটোৰ কার্যালয়ত পুৱা আঠ বজাৰ পৰা একাংশ চাকৰি প্রত্যাক্ষীয়ে ভিৰ কৰে৷ সাক্ষাৎকাৰৰ কথা জানিব পাৰি কার্যালয় প্রাংগণত সামাজিক দূৰত্ব অবিহনে সমৱেত হয় যুৱক–যুৱতীসকল৷ আনহাতে, এইসকলৰ ভিতৰত অধিকাংশই বহিঃৰাজ্যৰ পৰা অহা৷ ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে ঘোষিত তলাবন্ধৰ মাজতে প্রশাসনৰ নীতি–নির্দেশনা উলংঘা কৰি সাক্ষাৎকাৰ অনুষ্ঠিত কৰাত স্থানীয় ৰাইজে বিষয়টো আৰক্ষীক অৱগত কৰে৷ পাছত আৰক্ষীৰ লোক উপস্থিত হৈ সাক্ষাৎকাৰ বন্ধ কৰি দিয়ে৷ সাক্ষাৎকাৰৰ বাবে বিজ্ঞাপনো প্রকাশ কৰা নাছিল কোম্পানীটোৱে৷ ইয়াৰ তিনি মাহ পূর্বেও সাক্ষাৎকাৰ আয়োজন কৰিছিল যদিও স্থানীয় দল–সংগঠনৰ প্রতিবাদত স্থগিত ৰাখিবলগীয়া হৈছিল৷