বাঘজান কাণ্ডৰ পৰিস্হিতি বুজ ল’বলৈ আজি দুলীয়াজানত পেট্ৰ’লিয়াম চেক্ৰেটেৰী; ২৫ জুনৰ পৰা জুই নুমুৱাৰ অপাৰেচনৰ সম্ভাৱনা
নিয়মীয়া বাৰ্তা , ২৩ জুন : অহা ২৫ জুনৰ পৰা আৰম্ভ কৰা পূৰ্ণ সম্ভাৱনা বাঘজান বিজিআৰ-৫ গেছ কূপৰ জুই নিৰ্বাপন কৰাৰ মূল প্ৰস্তুতি ।
ইয়াৰ বাবে অধিক তৎপৰ হৈছে ছিংগাপুৰ এলাৰ্ট ডিজেষ্টাৰ কন্ট্ৰলৰ ৬ জনীয়া দলটোৰ সৈতে অইল ইণ্ডিয়া আৰু অ’এনজিছিৰ বিশেষজ্ঞৰ দল ।
ইতিমধ্যে ইয়াৰ বাবে প্ৰয়োজনীয় সা-সৰঞ্জাম তথা কেমিকেল যুক্ত দ্ৰব্য ৰাজস্হানৰ ৰাজামুন্দ্ৰী , বৰোডা আৰু ছিংগাপুৰৰ পৰা বৰ্তমানলৈ কঢ়িয়াই আছে ।
ইফালে জুই নুমুৱাৰ কাৰণে যি প্ৰচিডিউৰ অৰ্থাৎ যিসমূহ পদ্ধতি অৱলম্বন কৰিব লাগে তাক লৈ অপাৰেচনৰ পূৰ্বেই অৰ্থাৎ কাইলৈ বাঘজানত অইল ইণ্ডিয়াই চলাব এক মকড্ৰিল ।
অইল হাস্পতালকে ধৰি অগ্নিনিৰ্বাপক বাহিনী তথা অন্যান্য জৰুৰীকালীন বিভাগ সমূহেও এই মকড্ৰিলত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । ইফালে অইলৰ সূত্ৰ অনুসৰি বাঘজান পৰিস্হিতিৰ বুজ ল’বলৈ আজি দুলীয়াজানত উপস্থিত হয় পেট্ৰ’লিয়াম চেক্ৰেটাৰী তৰুণ কাপুৰ । তেওঁ পোনতে দুলীয়াজান অইল হাস্পতালত চিকিৎসাধীন হৈ থকা বাঘজান শিৱিৰৰ ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লৈ বিয়লি ৪.৩০ বজাত বাঘজান ক্ষেত্ৰলৈ যায় । এইসময়ত পেট্ৰলিয়াম চেক্ৰেটাৰীৰ সৈতে উপস্হিত থাকে অইলৰ চি এম ডি সুশীল চন্দ্ৰ মিশ্ৰ, অইলৰ মুখ্য আবাসিক বিষয়া দিলীপ দাস, সঞ্চালক (মানৱ সম্পদ উন্নয়ণ আৰু বাণিজ্যিক উন্নয়ণ) বিশ্বজিৎ ৰয়, সঞ্চালক (অপাৰেচন) পংকজ কুমাৰ গোস্বামী, সঞ্চালক (অন্বেষণ আৰু উন্নয়ণ) ডঃ পি চন্দ্ৰশেখৰণ, কাৰ্যবাহী সঞ্চালক (মানৱ সম্পদ) প্ৰশান্ত বৰকাকতী ।
উল্লেখ্য যে অইল চিকিৎসালয়খনত আশ্ৰয় শিৱিৰৰ পৰা বৰ্তমান ৭ গৰাকী পুৰুষ আৰু ৩ গৰাকী মহিলাসহ ১ জন শিশু চিকিৎসাধীন অৱস্হাত আছে বুলি জানিবলৈ দিছে চিকিৎসালয়খনৰ মহাপ্ৰৱন্ধক তথা বিভাগীয় মুৰব্বী ডাঃ প্ৰাণজিৎ প্ৰাণ বৰুৱাই ।