বাঘজান শিৱিৰত অইল চিকিৎসালয়ৰ স্বাস্থ্য শিৱিৰ
নিয়মীয়া বাৰ্তা, ২৩ জুন : অইল ইণ্ডিয়া চিকিৎসালয়ৰ মহাপ্ৰৱন্ধক তথা বিভাগীয় মুৰব্বী ডাঃ পি পি বৰুৱাৰ তত্বাৱধানত বাঘজান এম ই স্কুলত অনুষ্ঠিত হয় স্বাস্থ্য শিৱিৰ ।
আজি পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত এই স্বাস্থ্য শিৱিৰত আশ্ৰয় শিৱিৰৰ বিশেষকৈ শিশু আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত বিধি সতৰ্কতা মানি চলিবলৈ কেতবোৰ দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে তেওঁলোকৰ স্বাস্হ্য পৰীক্ষা কৰে চিকিৎসক দলে ।
চিকিৎসালয়ৰ মহাপ্ৰৱন্ধক ডাঃ অজয় কুমাৰ শৰ্মা আৰু চুপাৰিন্টেণ্ডেন্ট মেডিকেল অফিচাৰ ডাঃ নিলোৎপল শইকীয়াই চিকিৎসা সেৱা আগবঢ়াই । বাঘজানৰ পালং লাইন আৰু বান্দৰখাটি হাইস্কুলৰ শিৱিৰকে ধৰি কাষৰীয়া কেইবাটাও আশ্ৰয় শিৱিৰৰ পৰা ২০০ ৰো অধিক শিৱিৰবাসীয়ে স্বাস্থ্য পৰীক্ষা কৰাই এই শিৱিৰত ।
আনহাতে প্ৰয়োজনসাপেক্ষে শিশু-গৰ্ভৱতী মহিলাক অইল ইণ্ডিয়া চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্হা গ্ৰহণ কৰিছে চিকিৎসক দলটোৱে ।