১৭ বছৰ অনূর্ধ্ব ফিফা মহিলা বিশ্বকাপ গুৱাহাটীত, ভাৰতে খেলিব গ্ৰুপৰ মেচ
২০ ফেব্রুৱাৰীত অভিযান আৰম্ভ ঘৰুৱা দলৰ
নিয়মীয়া বাৰ্তা, ২৪ জুনঃ অহা বর্ষৰ ফেব্ৰুৱাৰী–মার্চত ভাৰতত অনুষ্ঠিত হ’বলগীয়া মহিলাৰ ১৭ বছৰ অনূর্ধ্ব ফিফা বিশ্বকাপত ঘৰুৱা দল ভাৰতে গুৱাহাটীৰ সৰুসজাই এথলেটিকছ ষ্টেডিয়ামত গ্ৰুপৰ মেচসমূহ খেলিব৷ বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাই কালি ঘোষণা কৰা সংশোধিত সূচীত এই কথা প্রকাশ পাইছে৷
মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে পিছুৱাই দিয়া প্রতিযোগিতাখন অহা ১৭ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব৷ প্রথমদিনাই গুৱাহাটীত গ্রুপ ‘এ’ৰ মেচ অনুষ্ঠিত হ’ব৷ একেদৰে ভাৰতে ২০ ফেব্রুৱাৰীত গুৱাহাটীত নিজৰ প্রথমখন মেচ খেলিব৷ মন কৰিবলগীয়া যে গুৱাহাটীৰ লগতে আহমেদাবাদ, ভুবনেশ্বৰ, কলকাতা আৰু নৱী মুম্বাইক মেগা ইভেণ্টখনৰ আয়োজক চহৰ হিচাপে বাছনি কৰা হৈছে৷
দেশৰ এই পাঁচখন চহৰত বিশ্বৰ আগশাৰীৰ ১৬খন দেশৰ মাজত মুঠ ৩২খন মেচ খেলোৱা হ’ব৷ উত্তৰ–পূর্বাঞ্চলবাস্ ফুটবল প্রেমৰ প্রতি লক্ষ্য ৰাখি ফিফাই গুৱাহাটীত ঘৰুৱা দল ভাৰতৰ গ্রুপৰ মেচসমূহৰ সূচী নির্ধাৰণ কৰিছে৷