নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত মাহ-প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত অৰ্ধ শতাধিক লোক

নিয়মীয়া বাৰ্তা, ২৪ জুন : সকামৰ মাহ-প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হ’ব লগা হৈছে দুলীয়াজানৰ কাষৰীয়া অঞ্চলৰ লাংকাছি আৰক্ষী চকীৰ অন্তগৰ্ত ১ নং কঠালগুৰী আৰু বজালনী তামুলীখাটৰ প্ৰায় অৰ্ধ শতাধিক লোক ।

জানিব পৰামতে বৰ্তমান পৰিস্হিতিলৈ লক্ষ্য ৰাখি বজালনী তামুলীখাটৰ জিন্টু মেছ নামৰ লোকজনৰ গৃহত মঙলবাৰে অনুষ্টুপিয়াকৈ আয়োজন কৰিছিল পিতৃৰ সকাম । এই সকামত নিৰ্দিষ্ট কেইগৰাকীমান ভকত উপস্থিত হৈ যাৱতীয় কাম সম্পাদন কৰি প্ৰসাদৰ টোপোলা লৈ ঘৰাঘৰি যায় । ঘৰৰ পৰিয়ালৰ লোকে প্ৰসাদ খাই হঠাৎ অসুস্হ হৈ পৰাত দুলীয়াজানৰ অইল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ইতিমধ্যে মাকুমৰ পৰা অহাও আত্মীয় স্বজনৰ পৰিয়ালৰ লোক স্হানীয় হাস্পতালত চিকিৎসাধীন হোৱা বুলি জানিব পৰা গৈছে । এই ঘটনাত দুলীয়াজান অইল হাস্পতালত ৭-৮ বছৰীয়া শিশুকে ধৰি গৰিষ্ঠ সংখ্যক মহিলা আৰু ৬০ উৰ্ধৰ বয়োজ‍্যোষ্ঠ ব‍্যক্তি চিকিৎসাধীন হৈ আছে ।

ইফালে আঢ়ৈ বছৰীয়া শিশুও মাহ প্ৰসাদৰ বিষক্ৰিয়াত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে । আনহাতে এই ঘটনাৰ বুজ ল’বলৈ অঞ্চলটোত উপস্থিত হৈছে দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা ।

You might also like