নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিভাগৰ প্ৰতি আস্থা হেৰুৱাইছে মৰিগাঁৱৰ কৃষকে

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ কৃষি মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগত সংঘটিত হৈছে বীজ যোগানৰ নামত ব্যাপক দুৰ্নীতি ৷ কৃষকক অতি নিম্নমানৰ মাটি মাহৰ বীজ বিতৰণ কৰি কৃষকৰ মূৰত সোধাইছে ৰামটাঙোন। মৰিগাঁও জিলা কৃষি বিভাগে বিগত মাৰ্চ মাহত কৃষকক যোগান ধৰিছিল মাটিমাহৰ বীজ ৷ জিলাখনৰ কৃষক সকলেও কৃষি বিভাগক আস্থাত ৰাখি বহু আগ্ৰহেৰে কৰিছিল হাজাৰ হাজাৰ বিঘা কৃষি ভূমিত কৰিছিল মাটিমাহৰ খেতি ৷

কিন্তু অতি পৰিতাপৰ বিষয় যে কৃষক সকলে নিজৰ ধন খৰচ কৰি বিঘাই বিঘাই মাটি মাহৰ খেতি কৰিলে যদিও বিগত তিনি মাহে এজোপা গছটো নধৰিলে ফল ৷ কৃষকক বীজ যোগান ধৰিয়েই দায়িত্ব সামৰা মৰিগাঁও জিলা কৃষি বিভাগে একাংশ ঠিকাদাৰৰ জৰিয়তে বীজ ক্ৰয় কৰি অতি নিম্ন মানৰ বীজ যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কৃষকে ৷

কেৱল কৃষকক ৰামঠগন দি বিষয়া কৰ্মচাৰীয়ে ঠিকাদাৰ সকলৰ লগত লগলাগি নিম্ন মানৰ বীজ যোগান ধৰি লক্ষ লক্ষ টকা আত্মক্ষাত কৰাৰো অভিযোগ তুলিছে কৃষক সকলে ৷ উল্লেখ্য যে যিটো সময়ত এই কৃষক সকলে পথাৰৰ মাটি মাহৰ খেতি চপাব লাগিছিল সেই খিনি সময়ত লহপহকৈ বাহি অহা বিঘাই বিঘাই মাটি মাহৰ খেতি পোহনীয়া গৰু ছাগলীৰ চৰণীয়া পথাৰত পৰিণত কৰিছে ৷ বিশেষকৈ জিলা জনৰ চৰাইবাহী জাগৰণ দুগ্ধ উৎপাদক সমবায় সমিতিৰ কৃষিপামৰ কৃষক সকলে জিলা কৃষি বিভাগৰ পৰা যোগান ধৰা MASH – 1142 জাতৰ মাটিমাৰ খেতি বিভিন্ন ব্যক্তিৰ পৰা লীজত লৈ ৬০ বিঘা মাতিত মাটিমাহৰ খেতি কৰিছিল ৷

কিন্তু বিভাগীয় ভাবে যোগান ধৰা মাটিমাহৰ খেতিত গছ হ’ল কিন্তু নধৰিল গুটি ৷ যাৰ বাবে এই সকল কৃষকে এতিয়া মূৰে কপালে হাত দিবলগা হৈছে ৷ নিজৰ ধন ভাঙি এই সমবায় সমিতি খনৰ নিবনুৱা শিক্ষিত যুৱক সকলে কৰা খেতি দৰাত ফল নধৰাত আৰু জিলা কৃষি বিভাগৰ তৰফৰ পৰা বিভিন্ন সময়ত কৃষক সকলক এনেধৰণৰ অতি নিম্নমানৰ বীজ বিতৰণ কৰি কৃষক সকলৰ মূৰত ৰামটাঙোন দি অহাত কৃষি বিভাগৰ প্ৰতি আস্থা হেৰাইছে এতিয়া এই সকল উদ্যমী কৃষকৰ ৷এই ক্ষেত্ৰত চৰকাৰে কৃষক সকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ জাগৰণ দুগ্ধ উৎপাদক সমবায় সমিতিৰ সভাপতি অমৃত বৰদলৈ , সম্পাদক পংকজ নাথ আৰু জাগৰণ কৃষি পামৰ সভাপতি অমিৱ নাথ আৰু সম্পাদক মানস নাথে আহ্বান জনাইছে ৷

You might also like