নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজান বিস্ফোৰণৰ বাবে দায়ী অইল; ক্ষতিপূৰণৰ প্রথম কিস্তিৰ ২৫ কোটি টকা মোকলাই দিয়াৰ নির্দেশ এনজিটিৰ

নিয়মীয়া বাৰ্তা, ২৬ জুন: বাঘজান বিস্ফোৰণ আৰু ইয়াৰ পার্শ্বক্রিয়াৰ বাবে অইল ইণ্ডিয়া লিমিটেডক কালি কাঠগৰাত থিয় কৰালে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে৷ ন্যায়াধিকৰণৰ মতে, বাঘজান কাণ্ডৰ বাবে সম্পূর্ণৰূপে দায়ী অইল ইণ্ডিয়া৷ অইলৰ ‘দায়িত্বজ্ঞানহীনতা’ৰ বাবে যি বিস্ফোৰণ সংঘটিত হৈছে তাৰ ফলত মানৱ সম্পদকে ধৰি সমগ্র অঞ্চলত বিস্তৰ ক্ষতিসাধন হৈছে৷ সেয়েহে ক্ষতিপূৰণৰ প্রথমটো কিস্তি হিচাপে শীঘ্রে ২৫ কোটি টকা মোকালাই দিয়াৰ বাবে অইলক নির্দেশ প্রদান কৰিছে ন্যায়াধিকৰণে৷ তিনিচুকীয়াৰ জিলা দণ্ডাধীশৰ ওচৰত ক্ষতিপূৰণৰ প্রাৰম্ভিক কিস্তি জমা দিব লাগিব অইলক৷

   উল্লেখ্য যে বিশিষ্ট পৰিৱেশবিদ বনানী কক্কৰ আৰু অসমৰ ‘ৱাইল্ড লাইফ এণ্ড এনভায়ৰনমেণ্ট কনজাৰভেচন’ নামৰ এনজি’ এটাই জনোৱা আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধিকৰণৰ বিচাৰপতি এছ পি ৱাংৰি আৰু বিশেষজ্ঞ সদস্য সিদ্ধান্ত দাসে আজি এই তাৎপর্যপূর্ণ নির্দেশ জাৰি কৰে৷ লক্ষণীয়ভাৱে কেৱল ক্ষতিপূৰণেই নহয়, বাঘজান কাণ্ডৰ তদন্তৰ বাবেও ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে আজি ৮জনীয়া এখন বিশেষজ্ঞ কমিটীও গঠন কৰি দিছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রাক্তন বিচাৰপতি বি পি কটকীয়ে উক্ত কমিটীৰ অধ্যক্ষতা কৰিব৷ বাঘজান কাণ্ডৰ সবিশেষ তদন্ত কৰি কমিটীক ৩০ দিনৰ ভিতৰত প্রতিবেদন দাখিল কৰাৰ নির্দেশ দিয়ে ন্যায়াধিকৰণে৷

   কমিটীৰ অন্যান্য সদস্যসকল হৈছে কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’ডৰ যিকোনে এজন সদস্য সচিব, কাউন্সিল অৱ ছায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্রিয়েল ৰিছার্চৰ এজন জ্যেষ্ঠ বিশেষজ্ঞ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপত ড০ সর্বেশ্বৰ কলিতা, বায়’ডাইর্ভাৰছিটী ব’ডৰ প্রাক্তন সদস্য অভয় কুমাৰ জোহাৰি, অ’ এন জি চিৰ প্রাক্তন অধ্যক্ষ অজিত হাজৰিকা, ৰাজ্যিক প্রদূষণ নিয়ন্ত্রণ বিভাগৰ সচিব অথবা জ্যেষ্ঠ বিজ্ঞানী এজন আৰু তিনিচুকীয়াৰ জিলা দণ্ডাধীশ৷

   ন্যায়াধিকৰণৰ নির্দেশনাত কোৱা হৈছে– ‘প্রাৰম্ভিক তথ্যপাতিৰ আধাৰত (প্রাইমা ফেচি) আমি যি উপলব্ধি কৰিব পাৰিছো তাত দেখা গৈছে বাঘজানৰ পৰিৱেশ তথা জৈৱ–বৈচিত্র্যৰ প্রতি অইল ইণ্ডিয়াৰ দায়িত্বজ্ঞানহীনতাই ভাবুকি কঢ়িয়াই আনিছে৷ কেৱল ৱাইল্ড লাইফৰ বাবেই নহয়, মানৱ সম্পদৰো ক্ষতিসাধন কৰিছে অইলে৷ সেয়েহে ক্ষতিপূৰণ হিচাপে প্রাৰম্ভিকভাৱে আমি অইলক তিনিচুকীয়া জিলাৰ জিলা দণ্ডাধিশৰ ওচৰত ২৫ কোটি টকা জমা দিবলৈ নির্দেশ জাৰি কৰা হ’ল৷

You might also like