কলা শাখাত উত্তীর্ণৰ হাৰৰ শীর্ষত দৰং জিলা
নিয়মীয়া বাৰ্তা, ২৬ জুন: বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূডান্ত পৰীক্ষাৰ ফলাফল অনুসৰি দৰং জিলাই কলা শাখাত সামগ্রিকভাৱে উত্তীর্ণৰ হাৰেৰে শীর্ষস্থান অধিকাৰ কৰিছে৷ কলা শাখাত ৰাজ্যৰ সামগ্রিক উত্তীর্ণৰ হাৰ ৭৮.২৮ শতাংশ হোৱাৰ বিপৰীতে দৰঙৰ উত্তীর্ণৰ হাৰ ৮৯.০৭ শতাংশ৷ জিলাখনৰ পৰা মুঠ অৱতীর্ণ ৫০৪৯ গৰাকী পৰীক্ষার্থীৰ ভিতৰত প্রথম বিভাগত ১০২৩, দ্বিতীয় বিভাগত ১৭১৭ আৰু তৃতীয় বিভাগত ১৭৫৭গৰাকী উত্তীর্ণ হৈছে (মুঠ উত্তীর্ণ ৪৪৯৭)৷
আনহাতে বাণিজ্য শাখা আৰু বিজ্ঞান শাখাতো দৰং প্রথম পাঁচটা স্থানৰ ভিতৰতে আছে৷ বাণিজ্য শাখাত অৱতীর্ণ মুঠ ৭৫৪ গৰাকীৰ ভিতৰত প্রথম বিভাগত ১৯৭, দ্বিতীয় বিভাগত ২৭০ আৰু তৃতীয় বিভাগত উত্তীর্ণ হৈছে ২২৭গৰাকী৷ উত্তীর্ণৰ হাৰ ৯২.০৪ শতাংশ (মুঠ উত্তীর্ণ ৬৯৪)৷ একেদৰে বিজ্ঞান শাখাত অৱতীর্ণ মুঠ ১১২৩ গৰাকীৰ ভিতৰত প্রথম বিভাগত ৫১৮, দ্বিতীয় বিভাগত ৪৩৬ আৰু তৃতীয় বিভাগত ৬৫ গৰাকী উত্তীর্ণ হৈছে৷ উত্তীর্ণ হাৰ ৯০.৭৪ শতাংশ (মুঠ উত্তীর্ণ ১০১৯)৷
ইপিনে, জিলাখনৰ ১৯খন চৰকাৰী খণ্ডৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত কলা শাখাত ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে একেৰাহে চতুর্থবাৰলৈ এশ শতাংশ উত্তীর্ণৰ কৃতিত্ব অর্জন কৰিছে৷ ঔতলাৰ পৰা ষ্টাৰ নম্বৰ এজন, প্রথম বিভাগত দুজন, পাঁচজনে দ্বিতীয় আৰু তৃতীয় বিভাগত মুঠ ১৯জন উত্তীর্ণ হয়৷ তদুপৰি ৰাজঘাট আৰু ছিপাঝাৰ বহুমুখী (বিজ্ঞান শাখা) বিদ্যালয়ৰ পৰাও এশ শতাংশ উত্তীর্ণ হৈছে৷
আনহাতে ২৮ বছৰে অপ্রাদেশীকৃত হৈ থকা ডাঁহী কনিষ্ঠ মহাবিদ্যালয়ৰ উত্তীর্ণৰ হাৰ ৯৯ শতাংশ৷ মহাবিদ্যালয়খনৰ পৰা দুজনে ষ্টাৰ নম্বৰ, ১২জনে প্রথম বিভাগ, ৫৮জনে দ্বিতীয় বিভাগ আৰু ৫৫জনে তৃতীয় বিভাগত উত্তীর্ণ হৈছে৷ উল্লেখ্য যে ১৯খন চৰকাৰী খণ্ডৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫৫গৰাকী বিষয় শিক্ষকৰ পদ খালী হৈ থকা সত্ত্বেও চৰকাৰী খণ্ডৰ বিদ্যালয়ে মূৰ দাঙি উঠা কার্যই শুভ ইংগিত কঢ়িয়াই আনিছে৷
হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত দৰং জিলাই ধাৰাবাহিকভাৱে চমকপ্রদ সফলতা অর্জন কৰাৰ পিছতো উচ্চ শিক্ষাৰ অনুষ্ঠানৰ অভাৱৰ প্রসংগক লৈ সৰৱ হৈ উঠিছে সদৌ দৰং জিলা ছাত্র সন্থা৷ দৰং জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক পৰাগ চহৰীয়াই কয় যে জিলাখনে এনে চমকপ্রদ ফলাফল প্রদর্শন কৰাটো অতি শুভ লক্ষণ৷ কিন্তু আজিলৈকে দৰঙত অভিযান্ত্রিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি বাদেই আনকি আই টি আই এখনো স্থাপন নোহোৱাটো দুখ লগা বিষয়৷ যাৰ পৰিণতিত দৰঙৰ মেধাৱীসকলে দূৰলৈ ঢপলিয়াই যাব লগা হয়৷ সেয়ে তেওঁ শীঘ্রে দৰং জিলাত যিকোনো এখন উচ্চ শিক্ষাৰ প্রতিষ্ঠান স্থাপন কৰিবলৈ চৰকাৰক দাবী জনায়৷ অন্যথা ৰাজপথত আন্দোলনৰ কার্যসূচী ল’বলৈ বাধ্য হ’ব বুলি ছাত্রনেতাগৰাকীয়ে হুংকাৰ দিয়ে৷