নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত শোৱাপাটীতে মহিলাক নৃশংসভাৱে হত্যা

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ তেজপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ স্বামীয়ে নিজ পত্নীক ডিঙি ৰেপি হত্যা কৰে৷ তেজপুৰ মহাভৈৰৱ আৰক্ষী চকীৰ অন্তর্গত ভিতৰ পৰুৱাত সংঘটিত হয় এই লোমহর্ষক হত্যাকাণ্ড৷ উল্লেখ্য যে তিনি পুত্র সন্তানৰ মাতৃ ২৯ বছৰীয়া তছলিমা নাছৰিনক যোৱানিশা শোৱাপাটীতে দুর্বৃত্তৰ দলে ডিঙিত চোকা অস্ত্রৰে আক্রমণ কৰা বুলি স্বামী আব্দুল মছজিদে প্রকাশ কৰাৰ লগতে তেজে তুমৰলি তছলিমাক নিশাই ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়৷ কিন্তু চিকিৎসা প্রদানৰ পূর্বেই দুর্ভগীয়া তছলিমাই মৃত্যুক আঁকোৱালি লয়৷

লক্ষণীয় যে ঘটনা সংঘটিত কৰাৰ নিশা তিনি সন্তান ঘৰত নাছিল, আছিল বৰদেউতাকৰ ঘৰতহে৷ এই ঘটনা তছলিমাৰ পৰিয়ালৰ লগতে ৰাইজে সহজভাৱে ল’ব পৰা নাই৷ আব্দুলৰ অভিযোগ অনুসৰি একেটা কোঠাত স্বামী–স্ত্রী দুয়ো শুই থকা অৱস্থাত দুর্বৃত্তই কেৱল পত্নীকহে কিয় লক্ষ্য কৰি ল’লে আৰু পত্নীক আক্রমণ কৰাৰ সময়ত কিয় স্বামীয়ে বাধা প্রদান নকৰিলে বা বাধা প্রদান কৰোঁতে স্বামী কিয় আঘাতপ্রাপ্ত নহ’ল বুলিও প্রশ্ণ তুলিছে৷ মৰিগাঁও জিলাৰ লাহৰিঘাটৰ ৰজাঘৰুৱা কলেজ পথৰ ইব্রাহিম আলী আৰু জহুৰা খাতুনৰ কন্যা তছলিমাক ১৫ বছৰ পূর্বে বিয়া কৰাইছিল তেজপুৰৰ পৰোৱা ভিতৰসুঁতিৰ নবি হুছেইনৰ পুত্র আব্দুল মজিদে৷

বিবাহৰ দিন ধৰি স্বামী–স্ত্রী দুয়োৰে মাজত তেনে কোনো সংঘাত নাছিল যদিও শেহতীয়াকৈ আব্দুলে আন এগৰাকী যুৱতীক বিয়া কৰায়৷ যাৰ ফলত প্রথমা পত্নী তছলিমাৰে সংঘাত সৃষ্টি হ’বলৈ ধৰে আৰু পৰিণতিত হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্রকাশ কৰে আৰক্ষীয়ে৷ ইফালে তছলিমাৰ হত্যাকাণ্ড সন্দর্ভত খবৰ পোৱাৰ পিছতে আত্মীয় লাহৰিঘাটৰ পৰা আহি তেজপুৰত উপস্থিত হৈ হত্যাকাৰী আব্দুলক কঠোৰতম শাস্তি প্রদানৰ দাবী তোলে৷ আনহাতে তছলিমাৰ মৃতদেহ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি অনাৰ সময়ত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়৷ শোকাকুল কেইবাশ লোকে বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰে৷ ইয়াৰ মাজতে স্থানীয় মহাভৈৰৱ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ সহস্রাধিক লোকৰ মাজৰ পৰা অভিযুক্ত স্বামী আব্দুলক গ্রেপ্তাৰ কৰে৷

You might also like